ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে বৈভৱক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰঃ দিলে শুভেচ্ছা বাৰ্তা, এইদৰে কৰিলে প্ৰশংসা
আই পি এল অভিযান সামৰণি পৰাৰ পিছত এতিয়া ইংলেণ্ড ভ্ৰমণলৈ সাজু হৈছে বৈভৱ সূৰ্যবংশী। ইংলেণ্ড ভ্ৰমণ কৰিবলগীয়া ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলটোত তেওঁ ইতিমধ্যে স্থান লাভ কৰিছে। খেলুৱৈগৰাকীৰ ভৱিষ্যতৰ ক্ৰিকেট কেৰিয়াৰৰ বাবে আগন্তুক এই ভ্ৰমণ যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। তাৰ পূৰ্বে তেওঁ সাক্ষাৎ লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

চলিত ছিজনৰ আই পি এলৰ পৰা ইতিমধ্যে লীগ পৰ্যায়ৰ পৰাই বিদায় লৈছে ৰাজস্থান ৰয়েলছে। প্ৰতিযোগিতাৰ পৰা বিদায় মাগিলেও পিছে ফ্ৰেন্সাইজিটোৱে এইবাৰ আৱিষ্কাৰ কৰে এক বিশেষ প্ৰতিভাক। এই বিশেষ প্ৰতিভাটি হৈছে ১৪ বৰ্ষীয় তৰুণ বৈভৱ সূৰ্যবংশী। আই পি এলৰ ইতিহাসত সৰ্বকনিষ্ঠ খেলুৱৈ বৈভৱে নিজত প্ৰদৰ্শনেৰে প্ৰতিযোগিতাখনত সমগ্ৰ ক্ৰিকেট বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰে। অৱশ্যে আই পি এলৰ পূৰ্বেই বৈভৱে নিজৰ আগমণৰ বাৰ্তা দিছিল, কিন্তু এই বিষয়ে অজ্ঞাত আছিল অধিকাংশ লোক। কিন্তু আই পি এলৰ জৰিয়তে তেওঁ এতিয়া সমগ্ৰ ক্ৰিকেট বিশ্বত পৰিচিত।
আই পি এল অভিযান সামৰণি পৰাৰ পিছত এতিয়া ইংলেণ্ড ভ্ৰমণলৈ সাজু হৈছে বৈভৱ সূৰ্যবংশী। ইংলেণ্ড ভ্ৰমণ কৰিবলগীয়া ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলটোত তেওঁ ইতিমধ্যে স্থান লাভ কৰিছে। অহা ২৪ জুনৰ পৰা আৰম্ভ হ’ব ১৯ বছৰ অনুৰ্ধ দলৰ এই ইংলেণ্ড ভ্ৰমণ। খেলুৱৈগৰাকীৰ ভৱিষ্যতৰ ক্ৰিকেট কেৰিয়াৰৰ বাবে আগন্তুক এই ভ্ৰমণ যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। তাৰ পূৰ্বে তেওঁ সাক্ষাৎ লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
বিহাৰৰ পাটনা বিমানবন্দৰত বৈভৱক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। নিজা এক্স হেণ্ডেল যোগে প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে। বৈভৱ সূৰ্যবংশীৰ উপৰিও তেওঁৰ পিতৃ-মাতৃকো প্ৰধানমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ এক্স হেণ্ডেলত বৈভৱ সূৰ্যবংশীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ কথা উল্লেখ কৰে। পাটনা বিমানবন্দৰত সূৰ্যবংশীৰ পৰিয়ালৰ সৈতে সাক্ষাৎ হোৱা বুলি তেওঁ সদৰী কৰে।
At Patna airport, met the young cricketing sensation Vaibhav Suryavanshi and his family. His cricketing skills are being admired all over the nation! My best wishes to him for his future endeavours. pic.twitter.com/pvUrbzdyU6
— Narendra Modi (@narendramodi) May 30, 2025
এই সাক্ষাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে বৈভৱ সূৰ্যবংশীৰ ক্ৰিকেটীয় দক্ষতাক উচ্চ প্ৰশংসা কৰে। বৈভৱক সমগ্ৰ দেশৰ বাবে এক প্ৰেৰণা বুলিও অভিহিত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ইংলেণ্ড ভ্ৰমণওৰ লগতে আগন্তুক আন আন প্ৰতিযোগিতা আৰু শৃংখলাত উন্নত প্ৰদৰ্শনৰ বাবেও প্ৰধানমন্ত্ৰী মোদীয়ে বৈভৱ সূৰ্যবংশীক আগতীয়া অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এই সাক্ষাতে ইংলেণ্ড ভ্ৰমণৰ বাবে বৈভৱৰ মনোবল বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।