শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

PBKS vs RCB Live Score, IPL 2025: ঘৰৰ মাটিত বিধ্বস্ত পঞ্জাৱঃ বৃহৎ জয়েৰে চতুৰ্থবাৰৰ বাবে ফাইনেলত আৰচিবি

Punjab Kings vs Royal Challengers Bengaluru Live Score in Assamese: দুৰন্ত প্ৰদৰ্শনেৰে আই পি এল ২০২৫ৰ ফাইনেলত উপনীত হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। সম্পূৰ্ণ একপক্ষীয় মেচত আজি আৰচিবিয়ে পঞ্জাৱক ৮ উইকেটত সহজে পৰাস্ত কৰে। আনহাতে আজি পৰাস্ত হোৱাৰ পিছত এতিয়া দ্বিতীয় কোৱালিফায়াৰৰ ৰূপত আন এক সুযোগ লাভ কৰিব পঞ্জাৱ কিংছে।

monjit-dutta
Monjit Dutta | Updated On: 30 May 2025 15:49 PM
PBKS vs RCB Live Score, IPL 2025: ঘৰৰ মাটিত বিধ্বস্ত পঞ্জাৱঃ বৃহৎ জয়েৰে চতুৰ্থবাৰৰ বাবে ফাইনেলত আৰচিবি
আজি আই পি এল ২০২৫ৰ প্ৰথম কোৱালিফায়াৰ

আই পি এল ২০২৫ৰ লীগ পৰ্যায় অন্ত পৰাৰ পিছত আজিৰ পৰা আৰম্ভ হ’ব প্লে’ অফ পৰ্যায়। আজি প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰ মেচ। এই প্ৰথম কোৱালিফায়াৰ মেচত মুখামুখি হ’ব পঞ্জাৱ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। এইপৰ্যন্ত এই দুয়োটা দলে জয় কৰিব পৰা নাই আই পি এলৰ খিতাপ। সেয়ে প্ৰথমটো খিতাপ জয়ৰ লক্ষ্যৰে দুয়োটা দলে এইবাৰ দুৰন্ত প্ৰদৰ্শন দাঙি ধৰিছে। এফালে পঞ্জাৱে লীগ পৰ্যায়ত শীৰ্ষ স্থানৰ দল হিচাপে প্লে’ অফত প্ৰৱেশ কৰাৰ বিপৰীতে আৰচিবিয়ে দ্বিতীয় স্থান দখল কৰিছিল।

আজি এই দুই শীৰ্ষস্থানীয় দলে প্ৰথম কোৱালিফায়াৰ মেচ খেলিব। এই মেচত জয়ী হোৱা দলটোৱে পোনে পোনে ফাইনেলত প্ৰৱেশ কৰিব। আনহাতে পৰাস্ত হোৱা দলটোৱেও আন এক সুযোগ লাভ কৰিব আৰু দ্বিতীয়খন কোৱালিফায়াৰ মেচত অৱতীৰ্ণ হ’ব পাৰিব। অৱশ্যে আজিয়েই ফাইনেলৰ স্থান নিশ্চিত কৰাৰ লক্ষ্য ল’ব দুয়োটা দলে।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 29 May 2025 10:09 PM (IST)

    আৰচিবিৰ বৃহৎ জয়

    সম্পূৰ্ণ একপক্ষীয় জয়েৰে আই পি এল ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। বেটিং বলিং উভয় দিশতে দুৰন্ত প্ৰদৰ্শনেৰে আৰচিবিয়ে পঞ্জাৱক পৰাস্ত কৰিছে ৮ উইকেটত। প্ৰথমে পঞ্জাৱক ১০১ ৰানত বান্ধি ৰখাৰ পিছত জয়ৰ বাবে প্ৰয়োজনীয় ১০২ ৰানৰ লক্ষ্য আৰচিবিয়ে ২ উইকেট হেৰুৱাই ১০ অভাৰতে অতিক্ৰম কৰে। অপেনাৰ ছল্টে বিস্ফোৰক বেটিঙেৰে ২৭টা বলত ৫৬ আৰু অধিনায়ক ৰহত পাটিদাৰে ৮ বলত ১৫ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়। আজিৰ পৰাজয়ৰ পিছত এতিয়া ১ জুনত দ্বিতীয় কোৱালিফায়াৰ খেলিব পঞ্জাৱ কিংছে।

  • 29 May 2025 09:56 PM (IST)

    মায়াংক আউট

    প্ৰায় নিশ্চিত হৈ পৰিছে আৰচিবিৰ জয়। দলটোক জয়ৰ বাবে এতিয়া প্ৰয়োজন মাত্ৰ ১৮ ৰানৰ। এই সময়তে মায়াংক আগৰৱালৰ উইকেট দখল কৰিছে মুছিৰ খানে।

  • 29 May 2025 09:46 PM (IST)

    অৰ্ধশতক আৰচিবিৰ

    লক্ষ্য সৰু হ’লেও আক্ৰমণ অব্যাহত ৰাখিছে ছল্টে। ছল্টৰ ধাৰাবাহিক আক্ৰমণৰ সহায়ত আৰচিবিয়ে ৫.৪ অভাৰত ৫০ ৰানৰ সীমা পাৰ কৰে।

  • 29 May 2025 09:30 PM (IST)

    কোহলীৰ বিদায়

    আৰচিবিয়ে হেৰুৱাইছে প্ৰথমটো উইকেট। ইনিংছৰ চতুৰ্থ অভাৰত কাইল জেমিচনে বিদায় দিছে বিৰাট কোহলীক। ১২টা বলত দুটা চাৰিৰে কোহলীয়ে ১২ ৰান সংগ্ৰহ কৰে।

  • 29 May 2025 09:27 PM (IST)

    আৰচিবিৰ সফল আৰম্ভণি

    ১০২ ৰানৰ সহজ লক্ষ্য অনুসৰণ কৰি সফল আৰম্ভণি ঘটাইছে আৰচিবিৰ অপেনাৰদ্বয় কোহলী আৰু ছল্টে। দুয়ো প্ৰথম ৩ অভাৰত যোগ দিছে ৩০ ৰান।

  • 29 May 2025 08:59 PM (IST)

    ইনিংছ সমাপ্ত পঞ্জাৱৰ

    লীগ পৰ্যায়ত দুৰন্ত প্ৰদৰ্শন কৰিলেও প্ৰথম কোৱালিফায়াৰত ছন্দপতন ঘটিছে পঞ্জাৱ কিংছৰ। আৰচিবিৰ বলিং আক্ৰমণত বিধ্বস্ত হৈ পৰা পঞ্জাৱে মাত্ৰ ১০১ ৰানতে সামৰিছে ইনিংছ। দলৰ হৈ সৰ্বাধিক ২৬ ৰান কৰে ষ্ট’ইনিছে। ইফালে আৰচিবিৰ হৈ সুয়শ আৰু হেজেলউডে তিনিটাকৈ উইকেট দখল কৰে।

  • 29 May 2025 08:51 PM (IST)

    নৱম উইকেট পতন পঞ্জাৱৰ

    মাত্ৰ ৯৭ ৰানৰ স্ক’ৰত নৱম উইকেট হেৰুৱাইছে পঞ্জাৱে। ৰোমাৰিঅ’ শ্বেফাৰ্ডে বিদায় দিছে হৰপ্ৰীত ব্ৰাৰক। এইদৰে পঞ্জাৱৰ জয়ৰ আশা প্ৰায় চূৰ্ণ হৈ পৰিছে আজিৰ মেচত।

  • 29 May 2025 08:34 PM (IST)

    আশা সমাপ্ত পঞ্জাৱৰ!

    দলীয় ব্যৰ্থতাৰ মাজতে কিছু যুঁজৰ আশা দেখুৱাইছিল ষ্ট’ইনিছে। কিন্তু সুয়শ শৰ্মাই তেওঁকো বিদায় দি পঞ্জাৱৰ অন্তিম আশাও চূৰ্ণ কৰিছে। ষ্ট’ইনিছে ১৬টা বলত ২৭ ৰানৰ সৰ্বাধিক বৰঙণি আগবঢ়ায় দললৈ।

  • 29 May 2025 08:25 PM (IST)

    ইম্পেক্ট নপৰিল মুছিৰৰ

    ইম্পেক্ট চাবৰ ৰূপত আজি খেলাৰ সুযোগ পাইছিল মুছিৰ খানে। পিছে মাত্ৰ ৩টা বল খেলিয়েই কোনো ৰান সংগ্ৰহ নকৰাকৈ তেওঁ বিদায় লয়। এইদৰে অভাৰত দ্বিতীয়ট সফলতা লাভ কৰে সুয়শে।

  • 29 May 2025 08:19 PM (IST)

    শশাংকও ব্যৰ্থ

    পঞ্জাৱৰ বহু যুঁজৰ নায়ক শশাংক সিঙৰ পৰা আজি আশা কৰা হৈছিল এক যুঁজাৰু ইনিংছ। পিছে সুয়শ শৰ্মাই শশাংকক বিদায় দি সেই আশাও ভংগ কৰাইছে। শশাংকৰ বেটৰ পৰা আহে মাত্ৰ ৩ ৰান।

  • 29 May 2025 08:08 PM (IST)

    ৱাধেৰাও পেভিলিয়নলৈ

    বিপৰ্যয়ৰ পৰা মূৰ দাঙি উঠিব পৰা নাই পঞ্জাৱ। ৫০ ৰানৰ স্ক’ৰত দলটোৱে হেৰুৱাইছে পাঁচটা উইকেট। পঞ্জাৱৰ ইনিংছত প্ৰথমটো আঘাত হনা য়শ দয়ালে এইবাৰ বিদায় দিছে নেহাল ৱাধেৰাক।

  • 29 May 2025 08:01 PM (IST)

    ইংলিছো ব্যৰ্থ

    হেজেলউডে দখল কৰিছে আন এটা উইকেট। এইবাৰ তেওঁ বিদায় দিছে জ’ছ ইংলিছে। তেওঁৰ বেটৰ পৰা আহে মাত্ৰ ৪ ৰান। এইদৰে পঞ্জাৱে মাত্ৰ ৩৮ ৰানতে হেৰুৱাইছে চাৰিটা উইকেট।

  • 29 May 2025 07:53 PM (IST)

    প্ৰভচিমৰণৰ পিছত আয়াৰো পেভিলিয়নলৈ

    বিপৰ্যস্ত হৈছে পঞ্জাৱ। মাত্ৰ ৪ অভাৰৰ ভিতৰত দলটোৱে হেৰুৱাইছে তিনিটা উইকেট। তৃতীয় অভাৰত ভুৱনেশ্বৰে প্ৰভচিমৰণক বিদায় দিয়াৰ পিছত চতুৰ্থ অভাৰত হেজেলউডে বিদায় দিছে অধিনায়ক শ্ৰেয়স আয়াৰক। প্ৰভচিমৰণে ১৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে আয়াৰে মাত্ৰ ২ ৰান কৰিয়েই বিদায় লয়।

  • 29 May 2025 07:40 PM (IST)

    প্ৰিয়াংশৰ বিদায়

    ইনিংছৰ দ্বিতীয় অভাৰতে গুৰুতৰ আঘাতৰ সন্মুখীন হৈছে পঞ্জাৱ। য়শ দয়ালে অভাৰৰ দ্বিতীয় বলতে পেভিলিয়নলৈ উভতাই পঠাইছে প্ৰিয়াংশ আৰ্যক। মাত্ৰ ৭ ৰান সংগ্ৰহ কৰিয়েই প্ৰিয়াংশে বিদায় লয়।

  • 29 May 2025 07:37 PM (IST)

    প্ৰথম অভাৰত ৮ ৰান

    এটা বাউণ্ডেৰীসহ ভুৱনেশ্বৰে কৰা মেচৰ প্ৰথম অভাৰত ৮ ৰান সংগ্ৰহ কৰিছে পঞ্জাৱে। অভাৰৰ অন্তিম বলত ১ ৰান সংগ্ৰহ কৰি প্ৰভচিমৰণে চলিত ছিজনত নিজৰ ৫০০ ৰান সম্পূৰ্ণ কৰে।

  • 29 May 2025 07:30 PM (IST)

    ক্ৰীজত প্ৰিয়াংশ-প্ৰভচিমৰণ

    চলিত ছিজনত এইপৰ্যন্ত পঞ্জাৱৰ সফলতাৰ অন্যতম প্ৰধান কাৰক হিচাপে পৰিগণিত হৈছে দলৰ অপেনাৰদ্বয় প্ৰিয়াংশ আৰ্য আৰু প্ৰভচিমৰণ সিং। আজিও এই দুগৰাকী আনকেপড ভাৰতীয় খেলুৱৈৰ ওপৰত নিৰ্ভৰ কৰিব পঞ্জাৱৰ স্ক’ৰব’ৰ্ড।

  • 29 May 2025 07:11 PM (IST)

    পঞ্জাৱ কিংছৰ মূল একাদশ

    ইফালে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে স্বদেশলৈ উভতিছে মাৰ্কো জেনচেন। তেওঁৰ স্থানত সুযোগ পাইছে আজমতুল্লাহ ওমৰজাই। দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- প্ৰিয়াংশ আৰ্য, প্ৰভসিমৰণ সিং, জ’ছ ইংলিছ, শ্ৰেয়স আয়াৰ (অধিনায়ক), নেহাল ৱাধেৰা, শশাংক সিং, মাৰ্কাছ ষ্ট’ইনিছ, আজমতুল্লাহ ওমৰজাই, হৰপ্ৰীত ব্ৰাৰ, অৰ্শদীপ সিং, কাইল জেমিছন।

  • 29 May 2025 07:08 PM (IST)

    ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মূল একাদশ

    অধিনায়ক পাটিদাৰ দললৈ উভতাৰ বাবে আজি মূল একাদশতো পৰিৱৰ্তন ঘটিছে। দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- বিৰাট কোহলী, ফিল ছল্ট, ৰজত পাটিদাৰ (অধিনায়ক), লিয়াম লিভিংষ্ট’ন, জিতেশ শৰ্মা, ৰোমাৰিঅ’ শ্বেফাৰ্ড, ক্ৰুনাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, যশ দয়াল, জোছ হেজলউড, সুয়শ শৰ্মা।

  • 29 May 2025 07:04 PM (IST)

    প্ৰথমে বলিং কৰিব আৰচিবিয়ে

    আৰচিবিৰ নিয়মীয়া অধিনায়ক ৰজত পাটিদাৰ সম্পূৰ্ণ সুস্থ হৈ পুনৰ উভতিছে দায়িত্বলৈ। টছত জয়ী হৈ পাটিদাৰে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Published On - May 29,2025 6:55 PM