GT নে MI…এলিমিনেটৰ মেচ বাতিল হ’লে কোনটো দল IPLৰ পৰা বাহিৰ হ’ব? নিয়ম জানক
গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছৰ দলৰ মাজত আই পি এল ২০২৫ৰ এলিমিনেটৰ মেচ মুলনপুৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । যদি বৰষুণৰ বাবে বা আন কোনো কাৰণত এই মেচ বাতিল কৰা হয়, তেন্তে এটা দল খেল নেখেলাকৈয়ে টুৰ্ণামেণ্টৰ পৰা বাহিৰ হ’ব।

আজি ২৯ মে’ৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫ৰ প্লে-অফ। কোৱালিফায়াৰ-১ত মুখামুখি হ’ব আৰচিবি আৰু পঞ্জাৱৰ দল। একে সময়তে গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ’ব এলিমিনেটৰ মেচ। এই খেলখন অহা ৩০ মে’ ২০২৫ত মোহলীৰ মুলনপুৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। য’ত ফাইনেলৰ দৌৰত মুখামুখি সংঘৰ্ষত নামিব দুয়োটা দল। নিয়ম অনুসৰি এই মেচত পৰাজিত দলটো এই লীগৰ বাহিৰ হ’ব। কিন্তু যদি বৰষুণৰ বাবে বা আন কোনো কাৰণত এই মেচ বাতিল হয়, তেন্তে কোনটো বাহিৰ হ’ব হ’ব সেয়া এটা ডাঙৰ প্ৰশ্ন।
যদি এলিমিনেটৰ মেচ বাতিল হয় তেন্তে কোন বাহিৰ হ’ব? আই পি এল এলিমিনেটৰ মেচত প্লে অফৰ পৰ্যায়ত তৃতীয় আৰু চতুৰ্থ ৰেংকিঙত থকা দুটা দল মুখামুখি হয়। এই মেচৰ বিজয়ী দলটোৱে কোৱালিফায়াৰ-২ত প্ৰৱেশ কৰে, তাৰ পৰাই ফাইনেলত প্ৰৱেশৰ সুযোগ পায়। গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছ, দুয়োটা দলে আকৰ্ষণীয় প্ৰদৰ্শনেৰে চলিত ছিজনত এই পৰ্যায়ত উপনীচ হৈছে। এই মেচখন দুয়োটা দলৰ বাবে ডু অৰ ডাই হ’ব, যিয়েই পৰাস্ত হ’ব, তেওঁলোকৰ যাত্ৰা ইয়াতেই শেষ হ’ব।
কিন্তু বিচিচিআইয়ে এই গুৰুত্বপূৰ্ণ খেলখনৰ বাবে কোনো ৰিজাৰ্ভ ডে’ ৰখা নাই। যাৰ বাবে বৰষুণৰ বাবে বা আন কোনো কাৰণত মেচ বাতিল হ’লে লীগ পৰ্যায়ত চতুৰ্থ স্থানত থকা দলটো ছিজনৰ বাহিৰত হ’ব। উল্লেখ্য যে লীগ পৰ্যায়ত গুজৰাট তৃতীয় আৰু মুম্বাই চতুৰ্থ স্থানত আছে। অৰ্থাৎ মেচ বাতিল হ’লে মুম্বাই ইণ্ডিয়ানছ আই পি এল ২০২৫ৰ পৰা বাহিৰ হ’ব আৰু গুজৰাট টাইটানছে কোৱালিফায়াৰ-২ত নিজৰ স্থান নিশ্চিত কৰিব, য’ত তেওঁলোকে কোৱালিফায়াৰ-১ত পৰাস্ত হোৱা দলটোৰ সৈতে মুখামুখি হ’ব।
এই মেচসমূহৰ বাবে ৰিজাৰ্ভ ডে’ ৰখা হৈছে
ফাইনেলকে ধৰি প্লে অফত মুঠ ৪খন মেচ অনুষ্ঠিত হ’ব। ইয়াৰে দুখন মেচৰ বাবে ৰিজাৰ্ভ ডে’ ৰখা হোৱা নাই। এই মেচসমূহ হ’ল কোৱালিফায়াৰ-১ আৰু এলিমিনেটৰ। আনহাতে, কোৱালিফায়াৰ-২ আৰু চূড়ান্ত মেচৰ বাবে ৰিজাৰ্ভ ডে’ ৰখা হৈছে। যদি এই দুখন মেচ নিৰ্ধাৰিত দিনত সম্পূৰ্ণ নহয়, তেন্তে পিছদিনাও মেচখন অনুষ্ঠিত কৰিব পাৰে। ৰিজাৰ্ভ ডে’ ত তাৰ পৰাই খেলখন আৰম্ভ হ’ব, য’ত মেচখনৰ দিনটোত স্থগিত ৰখা হৈছিল।