শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বান পৰিস্থিতি মোকাবিলাৰ বাবে কেনে হ’ব প্ৰস্তুতি! পৰ্যালোচনা বৈঠকত অংশ ল’লে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি লোকসেৱা ভৱনৰ সভাকক্ষৰ পৰা ভিডিঅ' কনফাৰেন্সযোগে ৰাজ্যৰ মন্ত্রী, সাংসদ, বিধায়ক আৰু জিলা আযুক্তসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত জিলা প্রশাসনসমূহে সমাগত বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে গ্রহণ কৰা প্ৰস্তুতিৰ বিভিন্ন দিশ সম্পর্কে মুখ্যমন্ত্রীয়ে বিতংভাৱে পর্যালোচনা কৰে।

বান পৰিস্থিতি মোকাবিলাৰ বাবে কেনে হ’ব প্ৰস্তুতি! পৰ্যালোচনা বৈঠকত অংশ ল’লে মুখ্যমন্ত্ৰীয়ে
মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠকImage Credit source: Facebook/Himanta Biswa Sarma
monjit-dutta
Monjit Dutta | Published: 30 May 2025 22:15 PM

সমগ্ৰ ৰাজ্যতে সম্প্ৰতি নেৰানেপেৰা বৰষুণে নিয়মীয়া জনজীৱনত বিস্তৰ প্ৰভাৱ পেলাইছে। বৰষুণৰ ফলত মহানগৰীত কৃত্ৰিম বানে লৈছে ভয়াৱহ ৰূপ। গুৱাহাটী মহানগৰীৰ সাম্প্ৰতিক এই পৰিস্থিতিৰ বিপৰীতে ৰাজ্যৰ আন স্থানত আগন্তুক কিছুদিনৰ ভিতৰত বান অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আগন্তুক এই বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি লোকসেৱা ভৱনৰ সভাকক্ষৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে ৰাজ্যৰ মন্ত্রী, সাংসদ, বিধায়ক আৰু জিলা আযুক্তসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত জিলা প্রশাসনসমূহে সমাগত বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে গ্রহণ কৰা প্ৰস্তুতিৰ বিভিন্ন দিশ সম্পর্কে মুখ্যমন্ত্রীয়ে বিতংভাৱে পর্যালোচনা কৰে।

এই পর্যালোচনা বৈঠকত মুখ্যমন্ত্রীয়ে জিলা আযুক্তসকলক উদ্দেশ্যি বিগত বৰ্ষৰ জুন মাহৰ প্ৰথম সপ্তাহৰ পৰা তিনিটা পৰ্যায়ত ৰাজ্যত বান পৰিস্থিতিৰ সৃষ্টি হৈছিল বুলি আঙুলিয়াই দিয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত সমাগত বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰে আগতীয়া প্রস্তুতি গ্রহণ কৰি ইতিমধ্যে সংশ্লিষ্ট জিলাসমূহক বাজেট মোকলাই দিয়াৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বর্তমান ৰাজ্যত নতুনকৈ সমজিলা সৃষ্টি কৰাৰ ফলত জিলাসমূহত জিলা আয়ুক্তসকলৰ বাবে কাম কৰিবলৈ অতিৰিক্তভাৱে প্রয়োজনীয় মানবসম্পদ উপলব্ধ কৰা হৈছে।

মথাউৰি ভঙাৰ লগে লগে তাৎক্ষণিকভাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা সাহায্য সামগ্রী যোগান ধৰাৰ ব্যৱস্থা কৰিবলৈ তেওঁ জিলা আয়ুক্তসকলক নির্দেশ দিয়ে। সাহায্য সামগ্রী বিতৰণৰ বাবে প্রয়োজনীয় তালিকা আদি প্ৰস্তুত কৰাৰ পূৰ্বে বানত ক্ষতিগ্রস্ত সকলো লোককে সাহায্য সামগ্রী বিতৰণ কৰাতো নিশ্চিত কৰিবলৈও মুখ্যমন্ত্রীগৰাকীয়ে নির্দেশ প্ৰদান কৰিছে। জিলা আয়ুক্তসকলক সাহায্য সামগ্রী বিতৰণ সন্দৰ্ভত জলসম্পদ বিভাগৰ লগত সভা অনুষ্ঠিত কৰিবলৈও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনায়।

আনহাতে, সাহায্য সামগ্রী বিতৰণ কৰাৰ লগতে মথাউৰিসমূহ অক্ষত ৰখাৰ দিশত জিলা আয়ুক্তসকলক কর্মতৎপৰ হ’বলৈও মুখ্যমন্ত্রীয়ে নিৰ্দেশনা প্ৰদান কৰে। জিলা আযুক্তসকলক আজিয়েই জলসম্পদ বিভাগৰ লগত সভা অনুষ্ঠিত কৰি জিঅ’বেগকে ধৰি অনান্য সামগ্রীসমূহ মজুত আছে নে নাই সেই বিষয়ে পর্যালোচনা কৰি বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইফালে বানৰ ফলত যদি কোনো স্থানত মথাউৰি ভাঙে, পিছত এই বিষয়ত তদন্ত ঘোষণা কৰা হ’ব বুলিও তেওঁ স্পষ্ট কৰি দিছে। ইয়াৰ ফলত পিছলৈ এই দিশত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব পৰা যাব বুলি তেওঁ লগতে কয়। তদুপৰি বানপীড়িত ৰাইজক যাতে তাৎক্ষণিকভাবে সহায় আগবঢ়াব পৰা যায় তাৰ বাবে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, খাদ্য সামগ্রী, পশু খাদ্য আদিকে ধৰি সকলো ব্যবস্থা আগতীয়াকৈ প্ৰস্তুত কৰি ৰখাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে।

বানপীড়িত এলেকাত তাৎক্ষণিকভাবে সাহায্য প্রদানৰ লগতে মথাউৰি ভাঙিলে শীঘ্ৰে নিৰ্মাণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ তেওঁ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে এই সময়ছোৱাত জিলা আয়ুক্তসকলক মুখ্য সচিব আৰু ৰাজহ বিভাগৰ প্ৰধান সচিবৰ লগত সঘন যোগাযোগ ৰাখিবলৈও পৰামৰ্শ আগবঢ়ায়। আনহাতে, এই বৈঠকতে অসমৰ চাহ শিল্পৰ ২০০ বছৰ উদযাপন উপলক্ষে ‘মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত’ নামৰ নতুন আঁচনিখনৰ ৰূপায়ণ সন্দর্ভতো মন্ত্রী, সাংসদ, বিধায়ক আৰু জিলা আয়ুক্তসকলৰ লগত বিতংভাবে আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এই আঁচনিৰ অধীনত ৰাজ্যৰ পঞ্জীয়নভুক্ত চাহ বাগিচাসমূহৰ স্থায়ী-অস্থায়ী শ্রমিক আৰু চাহ বাগিচাৰ কৰ্মচাৰীসকলক ৫ হাজাৰ টকাৰ এককালীন সাহায্য প্রদান কৰা হ’ব। চাহ বাগিচাৰ কর্তৃপক্ষই দিয়া তথ্য অনুসৰি ৰাজ্যখনৰ ৮৪০ খন বাগিচাৰ ৩,৮২,৬৬০ গৰাকী স্থায়ী শ্রমিক, ৩,০৩,৮৮৫ গৰাকী অস্থায়ী শ্রমিক আৰু ২৬,৭৬৮ গৰাকী কৰ্মচাৰী এই আঁচনিৰ দ্বাৰা উপকৃত হ’ব। মন্ত্রী, সাংসদ আৰু বিধায়কসকলৰ লগত আলোচনা মর্মে এই আঁচনিখনৰ ৰূপায়ণ সন্দর্ভত প্রয়োজনীয় সকলো প্রক্রিয়া নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ তেওঁ জিলা আযুক্তসকলক নির্দেশ দিয়ে।

আজিৰ এই বৈঠকত জলসিঞ্চন বিভাগৰ মন্ত্রী অশোক সিংঘাল, বিধায়ক সঞ্জয় কিষানৰ উপৰি মুখ্য সচিব ড° ৰবি কোটা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্রৱর্তী, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব জি ডি ত্রিপাঠী, বিত্ত বিভাগৰ আযুক্ত সচিব জয়ন্ত নৰ্লেকাৰ প্ৰমুখ্যে সংশ্লিষ্ট বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।