অৱসৰ ল’ব নেকি যশপ্ৰীত বুমৰাহে! কি ক’লে এয়া…

30 May 2025

TV9 ASSAM

শেহতীয়া কিছুদিনত ভাৰতীয় ক্ৰিকেট অনুৰাগী সন্মুখীন হৈছে কিছু কঠিনতাৰ। টেষ্টৰ পৰা অশ্বিন, ৰোহিত আৰু কোহলীৰ অৱসৰে অনুৰাগীক দুখী কৰি তুলিছে।

ভাৰতীয় ক্ৰিকেট

এই দুখ দূৰ নহওঁতেই যশপ্ৰীত বুমৰাহৰ এক বিশেষ মন্তব্যই চিন্তিত কৰি তুলিছে ভাৰতীয় ক্ৰিকেট অনুৰাগীক।

চিন্তা

সম্প্ৰতি আই পি এলত ব্যস্ত আছে যশপ্ৰীত বুমৰাহ। মুম্বাই ইণ্ডিয়ানছৰ গুৰুত্বপূৰ্ণ সদস্য বুমৰাহৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰিছে দলটোৰ সফলতা।

বুমৰাহ

IPLৰ পিছতে টেষ্ট শৃংখলাৰ বাবে ইংলেণ্ডলৈ ৰাওনা হ’ব ভাৰত। তাৰ পূৰ্বে বুমৰাহৰ এক মন্তব্যই অৱসৰৰ ইঙ্গিত দিয়া বুলি চৰ্চা চলিছে।

কেনে ইঙ্গিত

শেহতীয়াকৈ এক সাক্ষাৎকাৰত বুমৰাহে তেওঁৰ বাবে কেৰিয়াৰতকৈ পৰিয়াল অধিক গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰিছিল। এই মন্তব্যৰ বাবেই চিন্তিত হৈছে অনুৰাগী।

সাক্ষাৎকাৰ

সঘনে আঘাতৰ সমস্যাৰ বাবে কেৰিয়াৰত বুমৰাহ যথেষ্ট বাধাৰ সন্মুখীন হৈ আহিছে। বুমৰাহৰ এই আঘাতৰ সমস্যাক লৈ পূৰ্বৰে পৰা চিন্তিত অনুৰাগীসকল।

ফিটনেছ

'বিয়ণ্ড ২৩' প'ডকাষ্টত বুমৰাহে কয়, "মোৰ বাবে মোৰ কেৰিয়াৰতকৈ মোৰ পৰিয়ালটো অধিক গুৰুত্বপূৰ্ণ কাৰণ পৰিয়াল চিৰদিনৰ বাবে।”

ক’লে এইদৰে

“দুটা কথা মই অতি গুৰুত্বসহকাৰে লওঁ, এটা মোৰ পৰিয়াল আৰু আনটো মোৰ খেল। কিন্তু পৰিয়ালটোৱেই প্ৰথম।"- বুমৰাহে কয়।

পৰিয়াল প্ৰথম

পঢ়িবলৈ ক্লিক কৰক 

জয়ৰ পিছতো কিয় আনন্দ নকৰিলে সুয়শে