TV9 ASSAM
বৃহস্পতিবাৰে আই পি এল ২০২৫ৰ প্ৰথমখন কোৱালিফায়াৰত পঞ্জাৱ কিংছক সম্পূৰ্ণ একপক্ষীয়ভাৱে পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে আৰচিবিয়ে।
দুৰন্ত প্ৰদৰ্শনেৰে পঞ্জাৱক মাত্ৰ ১০১ ৰানতে বান্ধি ৰখাৰ পিছত জয়ৰ সহজ লক্ষ্য আৰচিবিয়ে মাত্ৰ ১০ অভাৰতে দুই উইকেট হেৰুৱাই অতিক্ৰম কৰে।
আৰচিবিৰ এই জয়ত লেগ স্পিনাৰ সুয়শ শৰ্মাই গুৰুত্বপূৰ্ণ ভূমিকা লয়। তেওঁ ৩ অভাৰত মাত্ৰ ১৭ ৰান খৰচ কৰি ৩টা উইকেট দখল কৰে।
মেচখনত সুয়শৰ চিকাৰ হয় শশাংক সিং, মাৰ্কাছ ষ্ট’ইনিছ আৰু মুছিৰ খান। এই প্ৰদৰ্শনৰ বাবে তেওঁৰ মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে।
বঁটা প্ৰদানৰ সময়ত আঁত ধৰোঁতা হৰ্ষা ভোগলেই সুয়শক নিজা প্ৰদৰ্শনৰ লগতে জয়ৰ আনন্দ উদযাপন কৰিবনে বুলি এক প্ৰশ্ন কৰে।
এই প্ৰশ্নৰ উত্তৰত সুয়শে ৩ জুনত আনন্দ কৰিব বুলি উল্লেখ কৰে। অৰ্থাৎ ৩ জুনত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত জয়ওৰ পিছত আনন্দ উপভোগৰ ইংগিত দিয়ে সুয়শে।
পঢ়িবলৈ ক্লিক কৰক
এইবাৰ চেম্পিয়ন হ’ব আৰচিবি!