৩১ মে’ত পুনৰ হ’ব সেনাৰ মক ড্ৰিল, কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশনা
গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি অহা ৩১ মে’ত দ্বিতীয়বাৰৰ বাবে দেশত ম’ক ড্ৰিল বা অসামৰিক অনুশীলন অনুষ্ঠিত হ’ব । সেনা আৰু ৰাইজে অংশগ্ৰহণ কৰিব । সংঘাতৰ সময়ত কেনেকৈ সুৰক্ষিত থাকিব লাগে সেই বিষয়ে শিকোৱা হ’ব দেশবাসীক ।
পাকিস্তানৰ সীমান্তৱৰ্তী ৰাজ্যসমূহত নামিব সেনা, অব্যাহত থাকিব অনুশীলন । সংঘাতৰ অন্ত পৰিছে, এতিয়া যুদ্ধ বিৰতি । আৰ্টিলাৰীতকৈ অধিক মৌখিকভাৱে বাক্যবাণ নিক্ষেপ কৰিছে দুয়োখন দেশে । এই পৰিবেশত নতুন দিল্লীয়ে পুনৰ মক ড্ৰিলৰ আহ্বান জনাইছে ।
গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি অহা ৩১ মে’ত দ্বিতীয়বাৰৰ বাবে দেশত ম’ক ড্ৰিল বা অসামৰিক অনুশীলন অনুষ্ঠিত হ’ব । সেনা আৰু ৰাইজে অংশগ্ৰহণ কৰিব । সংঘাতৰ সময়ত কেনেকৈ সুৰক্ষিত থাকিব লাগে সেই বিষয়ে শিকোৱা হ’ব দেশবাসীক । শেষবাৰৰ বাবে এই মক ড্ৰিল ঘোষণা কৰা হৈছিল ৭ মে’ত। কিন্তু সেইদিনা পাকিস্তানৰ ওপৰত ভাৰতে প্ৰতিশোধ লোৱাৰ বাবে কেইবাখনো ৰাজ্যত অনুষ্ঠিত কৰিব পৰা নগ’ল মক ড্ৰিল । এইবাৰ দ্বিতীয়বাৰৰ বাবে পুনৰ মক ড্ৰিলৰ নিৰ্দেশ দিছে কেন্দ্ৰই ।
জানিব পৰা মতে শনিবাৰে গুজৰাট, জম্মু-কাশ্মীৰ, ৰাজস্থান, হাৰিয়ানা, ছত্তীশগড় আৰু পঞ্জাৱত অনুষ্ঠিত হ’ব এই ম’ক ড্ৰিল । উল্লেখযোগ্য যে নতুন দিল্লীয়ে এই অনুশীলনক ‘অপাৰেচন শ্বিল্ড’ নামেৰে নামকৰণ কৰিছে । একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰৰ মতে, পাকিস্তানৰ সীমান্তৱৰ্তী ৰাজ্যসমূহত সামৰিক বা অসামৰিক অনুশীলন এতিয়া ‘নিউ নৰ্মেল’। প্ৰতিমাহে কেন্দ্ৰই এই অনুশীলনৰ ব্যৱস্থা কৰিব পাৰে ।
প্ৰসংগক্ৰমে এই অসামৰিক অনুশীলন বৃহস্পতিবাৰে হোৱাৰ কথা আছিল । কিন্তু কেইবাটাও নতুন ইছ্যু সংযোজন হোৱাৰ বাবে গৃহ মন্ত্ৰালয়ে মক ড্ৰিলৰ তাৰিখ পিছুৱাই দিয়ে । তাৰ আধাৰত ৩১ তাৰিখে পৰৱৰ্তী অনুশীলনৰ দিন ধাৰ্য কৰা হৈছে । এই সন্দৰ্ভত মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰিছে । সেই বিবৃতি অনুসৰি অনুশীলনৰ সময়ত স্থানীয় বাসিন্দাসকলে সজাগ হ’ব লাগিব । মাজে মাজে ব্লেকআউট হ’ব, এয়াৰ চাইৰেন বজাব, সেনা ৰাজপথলৈ ওলাই আহিব ।