ভূপেন বৰাক তলবৰ পৰা আৰ্ম লাইচেঞ্চলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক তলব কৰিছে কংগ্ৰেছ হাইকমাণ্ডে। প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি নিৰ্বাচন হোৱাৰ পাছতে এনেদৰে বৰাক দিল্লীলৈ মাতি পঠিওৱাৰ কাৰ্যই এতিয়া বহু প্ৰশ্নৰ অৱকাশ আনিছে। প্ৰশ্ন হয়, লবীকেন্দ্ৰিক ৰাজনীতি বন্ধ কৰিবলৈ ভূপেন বৰাক মাতি পঠিয়াইছে নেকি?
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক তলব কৰিছে কংগ্ৰেছ হাইকমাণ্ডে। প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি নিৰ্বাচন হোৱাৰ পাছতে এনেদৰে বৰাক দিল্লীলৈ মাতি পঠিওৱাৰ কাৰ্যই এতিয়া বহু প্ৰশ্নৰ অৱকাশ আনিছে। প্ৰশ্ন হয়, লবীকেন্দ্ৰিক ৰাজনীতি বন্ধ কৰিবলৈ ভূপেন বৰাক মাতি পঠিয়াইছে নেকি? নে সভাপতিৰ আসন হেৰুওৱাৰ পিছত ভূপেন বৰাক বুজনি দিব কংগ্ৰেছ হাইকমাণ্ডে? সেয়া এতিয়া প্ৰশ্নৰ বিষয়।
ইফালে অসম কেবিনেটে শেহতীয়াকৈ ৰাজ্যৰ নিৰ্দিষ্ট অস্ত্ৰ অনুজ্ঞাপত্ৰ নীতি প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰা সিদ্ধান্তক লৈ সৰৱ হৈ পৰা দেখা গৈছে ভূপেন বৰাক। অসমৰ হিংসাত্মক অতীতক সোঁৱৰাই দি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে শংকাৰ দিনবোৰ পুনৰুজ্জীৱিত কৰাৰ অভিযোগ উত্থাপন কৰে বৰাই।
চাওক দিনটোৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ খবৰ…