‘ই চালা কাপ নামডে’ বাস্তৱ হ’বলৈ আৰু মাত্ৰ এখোঁজঃ ফাইনেলত প্ৰৱেশৰ পথত এই অভিলেখ ৰচিলে আৰচিবিয়ে
আজি পঞ্জাৱ কিংছৰ বিপক্ষে আই পি এল ২০২৫ৰ প্ৰথম কোৱালিফায়াৰত বৃহৎ বিজয় সাব্যস্ত কৰি আৰচিবিয়ে ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ ইতিহাসত এইদৰে চতুৰ্থ বাৰৰ ফাইনেলত উপনীত হৈছে আৰচিবি। ফাইনেলত প্ৰৱেশ কৰাৰ লগতে আৰচিবিয়ে এক অনন্য অভিলেখো ৰচনা কৰে। কি এই অভিলেখ চাওক।

ই চালা কাপ নামডে…। আই পি এলৰ প্ৰতিটো ছিজনতে শুনা যায় এই বাক্যটি। কোনোৱে যদি কয় আশাত, আন কোনোৱে আকৌ ব্যঙ্গৰ সুৰত এই বাক্যটিৰ ব্যৱহাৰ কৰে। এইদৰেই চলি থাকে প্ৰতি বছৰে। পিছে এইবাৰ যেন কিছু পৃথক! আই পি এল ২০২৫ আৰম্ভ হোৱাৰ পৰাই এইবাৰ ব্যঙ্গতকৈ যেন আশাৰ সুৰ অধিক সবল হৈ উঠিল এই বাক্যটিৰ। সুৰ সবল কৰাৰ এক পৰিৱেশেই সৃষ্টি কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। পইণ্ট তালিকাত দ্বিতীয় স্থান দখল কৰি লীগ পৰ্যায় সামৰাৰ পিছত আজি প্ৰথম কোৱালিফায়াৰতো নিজৰ শক্তি প্ৰদৰ্শন কৰিছে আৰচিবিয়ে।
আজি পঞ্জাৱ কিংছৰ বিপক্ষে আই পি এল ২০২৫ৰ প্ৰথম কোৱালিফায়াৰত বৃহৎ বিজয় সাব্যস্ত কৰি আৰচিবিয়ে ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ ইতিহাসত এইদৰে চতুৰ্থ বাৰৰ ফাইনেলত উপনীত হৈছে আৰচিবি। ইতিপূৰ্বে ২০১৬ চনত দলটোৱে অন্তিমবাৰ প্ৰতিযোগিতাৰ ফাইনেল খেলিছিল। কিন্তু ফাইনেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত পৰাস্ত হৈ তৃতীয়বাৰৰ বাবে আশাভংগৰ ব্যথা সহিছিল দলটোৱে।
এইবাৰ এই ব্যথা দূৰ কৰাৰ সুযোগ লাভ কৰিছে আৰচিবিয়ে। প্ৰথম কোৱালিফায়াৰত আজি আৰচিবিয়ে সম্পূৰ্ণ একপক্ষীয় যুঁজত পঞ্জাৱক ৮ উইকেটত পৰাস্ত কৰে। টছত জয়ী হৈ আৰচিবিৰ অধিনায়ক পাটিদাৰে প্ৰথমে পঞ্জাৱক বেটিং কৰাৰ আমন্ত্ৰণ জনায়। পিছে আৰচিবিৰ বলিং আক্ৰমণৰ চমকপ্ৰদ প্ৰদৰ্শনৰ ফলত ঘৰুৱা মাটিত পঞ্জাৱে সুযোগ গ্ৰহণ কৰিব নোৱাৰিলে আৰু মাত্ৰ ১০১ ৰানতে ইনিংছ সামৰে।
পঞ্জাৱৰ মাত্ৰ ৩ গৰাকী বেটাৰেহে দহকৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম হয়। সৰ্বাধিক ২৬ ৰান সংগ্ৰহ কৰে মাৰ্কাছ ষ্ট’ইনিছে। আনহাতে পঞ্জাৱৰ হৈ সুয়শ শৰ্মা আৰু হেজেলউডে ৩টাকৈ উইকেট দখল কৰে। ইফালে জয়ৰ বাবে প্ৰয়োজনীয় ১০২ ৰানৰ লক্ষ্য আৰচিবিয়ে মাত্ৰ ১০ অভাৰতে ২ উইকেট হেৰুৱাই অতিক্ৰম কৰে। বিস্ফোৰক বেটিঙেৰে ফিল ছল্টে ২৭টা বলত ৫৬ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়।
এই জয়েৰে আৰচিবিয়ে ফাইনেলত প্ৰৱেশ কৰাৰ লগতে এক অনন্য অভিলেখো ৰচনা কৰে। মাত্ৰ ১০ অভাৰতে জয়লাভ কৰি আই পি এলৰ প্লে’ অফ পৰ্যায়ত বলৰ হিচাপত সৰ্ববৃহৎ জয়ৰ অভিলেখ ৰচিছে আৰচিবিয়ে। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল কলকাতা নাইট ৰাইডাৰ্ছৰ নামত। বিগত ছিজনত কলকাতাই চেন্নাইক ৫৭টা বল বাকী থকা অৱস্থাত পৰাস্ত কৰিছিল। এনে দুৰন্ত প্ৰদৰ্শনৰ পিছত এতিয়া আৰচিবিয়ে প্ৰথমটো আই পি এল খিতাপ জয় কৰিব পাৰিবনে, সেয়া লক্ষণীয় হ’ব।