শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আজি এলিমিনেটৰ মেচত মুম্বাই-গুজৰাটঃ বৰষুণে বাধা দিলে কি হ’ব ফলাফল, কাৰ হ’ব ভাগ্যোদয়!

আজি অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ এলিমিনেটৰ মেচ। এই মৰণপণ যুঁজত প্ৰতিদ্বন্দিতা আগবঢ়াব গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছে। পঞ্জাৱৰ মুলানপুৰত অনুষ্ঠিত হ’বলগীয়া এই মেচখনত যিকোনো মূল্যৰ বিনিময়ত দুয়োটা দলৰ বাবে জয় অনিবাৰ্য। কাৰণ আজিৰ মেচত পৰাস্ত হোৱা মানেই প্ৰতিযোগিতাত অভিযানৰ অন্ত পৰা।

আজি এলিমিনেটৰ মেচত মুম্বাই-গুজৰাটঃ বৰষুণে বাধা দিলে কি হ’ব ফলাফল, কাৰ হ’ব ভাগ্যোদয়!
আজি এলিমিনেটৰ মেচত গুজৰাট বনাম মুম্বাইImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 30 May 2025 16:22 PM

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে আই পি এল ২০২৫ৰ প্লে’ অফ পৰ্যায়ৰ মেচ। ইতিমধ্যে কালি অনুষ্ঠিত হোৱা প্ৰথমখন কোৱালিফায়াৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে পঞ্জাব কিংছক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ এলিমিনেটৰ মেচ। এই মৰণপণ যুঁজত প্ৰতিদ্বন্দিতা আগবঢ়াব গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছে। পঞ্জাৱৰ মুলানপুৰত অনুষ্ঠিত হ’বলগীয়া এই মেচখনত যিকোনো মূল্যৰ বিনিময়ত দুয়োটা দলৰ বাবে জয় অনিবাৰ্য। কাৰণ আজিৰ মেচত পৰাস্ত হোৱা মানেই প্ৰতিযোগিতাত অভিযানৰ অন্ত পৰা।

আনহাতে আজি এলিমিনেটৰ মেচত জয়ী হোৱা দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰলৈ যোগ্যতা অৰ্জন কৰিব আৰু অহা ১ জুনত পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। পিছে যদি আজিৰ মেচত বৰষুণে বিঘিনি ঘটায় আৰু মেচ অনুষ্ঠিত কৰিব পৰা নাযায়, তেতিয়া কি হ’ব ফলাফল? সেয়া স্বাভাৱিকতেই প্ৰতিগৰাকী অনুৰাগীৰ মনত উদয় হোৱা প্ৰশ্ন। গতিকে জানো আহক আই পি এলৰ প্লে’ অফৰ বাবে নিৰ্ধাৰিত এই নিয়মসমূহৰ বিষয়ে।

নিজৰ অভিষেক বৰ্ষতে খিতাপ জয় কৰা গুজৰাট টাইটানছে চলিত ছিজনত শক্তিশালী প্ৰদৰ্শনেৰে প্লে’ অফলৈ যোগ্যতা অৰ্জন কৰিছিল। অৱশ্যে লীগৰ অন্তিম দুখন মেচত পৰাস্ত হোৱাৰ ফলস্বৰূপে দলটো তৃতীয় স্থানলৈ অৱনমিত হ’বলগা হয় আৰু এইদৰে প্ৰথম কোৱালিফায়াৰ খেলাৰ সুযোগ হেৰুৱায়। আনহাতে, হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছে দুৰ্বল আৰম্ভণিৰ পিছতো দুৰন্ত প্ৰত্যাৱৰ্তনেৰে প্লে’ অফৰ পথ প্ৰশস্ত কৰে।

প্ৰথম পাঁচখন মেচৰ ভিতৰত মাত্ৰ চাৰিখনতহে জয়লাভ কৰা মুম্বাইয়ে শক্তিশালী প্ৰদৰ্শন দাঙি ধৰি লীগত চতুৰ্থ স্থান দখল কৰি প্লে’ অফত প্ৰৱেশ কৰিছে। লক্ষণীয়ভাৱে আজি পঞ্জাৱৰ মুলানপুৰত এই এলিমিনেটৰ মেচখন হ’ব। মেচখনৰ বাবে অত্যন্ত আশাৰে বাট চাই থকা অনুৰাগীসকলে সেয়ে মুলানপুৰৰ বতৰৰ অৱস্থা জনাটোও প্ৰয়োজনীয় হ’ব।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজি মুলানপুৰত পাতল ডাৱৰ থাকিব পাৰে। একে সময়তে কিছুমান অঞ্চলত পাতলীয়া বৰষুণ বা বজ্ৰপাতৰ সম্ভাৱনা আছে। দিনত তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াছ আৰু সন্ধিয়া ২০ ডিগ্ৰী চেলছিয়াছলৈ নামিব পাৰে। একে সময়তে বতৰ ৱেবছাইট AccuWeather ৰ তথ্য অনুসৰি খেলৰ সময়ত বৰষুণৰ কোনো সম্ভাৱনা নাই। অৱশ্যে আকাশখন ডাৱৰীয়া হৈ থাকিব পাৰে।

যদিও আজিৰ মেচখন বৰষুণৰ সম্ভাৱনা প্ৰায় শূন্য, কিন্তু বতৰৰ পৰিস্থিতি হঠাতে সলনি হ’ব পাৰে। যদি কেনেবাকৈ আজি মেচৰ সময়ত বৰষুণ আহে আৰু তাৰ ফলত মেচ বাতিল হ’বলগীয়া হয়, তেতিয়া আশাভংগ হ’ব তেন্তে মুম্বাই ইণ্ডিয়ানছৰ। আই পি এলৰ নিয়ম অনুসৰি প্লে’ অফৰ সময়ত যদি কোনো মেচ বাতিল হয়, তেতিয়া পইণ্ট তালিকাত আগবাঢ়ি থকা দলটোৱে পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ে।

এতিয়া পইণ্ট তালিকাৰ ফালে যদি চোৱা যায়, লীগৰ সমাপ্তিলৈ গুজৰাট টাইটানছ তৃতীয় স্থানত থকাৰ বিপৰীতে মুম্বাই ইণ্ডিয়ানছে চতুৰ্থ স্থানত অৱস্থান কৰিছিল। গতিকে যদি মেচখন বাতিল হয়, তেতিয়া গুজৰাটে পোনে পোনে দ্বিতীয় কোৱালিফায়াৰলৈ যোগ্যতা অৰ্জন কৰিব। সেয়েহে মুম্বাই ইণ্ডিয়ানছৰ শিবিৰি আজি কোনো কাৰণতে মুলানপুৰত বৰষুণৰ প্ৰভাৱ নিবিচাৰিব।