জটিল গুৱাহাটীৰ কৃত্ৰিম বান পৰিস্থিতি ! শনিবাৰে চৰকাৰী কৰ্মচাৰীৰ নৈমিত্তিক ছুটী, বন্ধ থাকিব শিক্ষানুষ্ঠান…
জটিল কৃত্ৰিম বান পৰিস্থিতিয়ে সাংঘাতিক ধৰণে প্ৰভাৱিত কৰিছে মহানগৰবাসীক । সেয়েহে মহানগৰবাসীৰ সুৰক্ষাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে । বেয়া বতৰ আৰু জটিল বান পৰিস্থিতিৰ বাবে শনিবাৰে দুখন জিলাৰ সকলো চৰকাৰী শিক্ষানুষ্ঠান বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ।

ধাৰাষাৰ বৰষুণৰ ফলত ক্ৰমাৎ জটিল হৈ পৰিছে গুৱাহাটীৰ কৃত্ৰিম বান পৰিস্থিতি। এই পৰিস্থিতিয়ে সাংঘাতিক ধৰণে প্ৰভাৱিত কৰিছে মহানগৰবাসীক । সেয়েহে মহানগৰবাসীৰ সুৰক্ষাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে । বেয়া বতৰ আৰু জটিল বান পৰিস্থিতিৰ বাবে শনিবাৰে দুখন জিলাৰ সকলো চৰকাৰী শিক্ষানুষ্ঠান বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ।
শুকুৰবাবে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে,কামৰূপ আৰু কামৰূপ (মেট্ৰ’) জিলাত শনিবাৰে সকলো চৰকাৰী বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় বন্ধ থাকিব । ইফালে, চৰকাৰী কৰ্মচাৰীসকলক এই দিনটোৰ বাবে নৈমিত্তিক ছুটী ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ।
মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰে যে, শনিবাৰে বিশেষ নৈমিত্তিক ছুটী লাভ কৰিব কামৰূপ আৰু কামৰূপ (মেট্ৰ’) জিলাৰ চৰকাৰী কৰ্মচাৰী সকলে । মহানগৰৰ কৃত্ৰিম বান পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে ।
মুখ্যমন্ত্ৰীয়ে কয়, “আজিৰ দৰে কাইলৈও বতৰৰ পৰিৱেশ একে থকাৰ সম্ভাৱনা আছে৷ সেইবাবে কাইলৈৰ দিনটো আমি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক বিশেষ নৈমিত্তিক ছুটী প্ৰদান কৰিছোঁ৷ অৱশ্যে যিসকলৰ চৰকাৰী আৱাসৰ লগতে কাৰ্যালয় আছে, তেখেতসকলে কৰ্তব্য সমাপন কৰিব৷” ইয়াৰ লগতে কাইলৈ কামৰূপ আৰু কামৰূপ (ম)জিলাৰ শিক্ষানুষ্ঠানো বন্ধ ৰখাৰ নিৰ্দেশনা প্ৰদান কৰা সদৰী মুখ্যমন্ত্ৰীয়ে ।
লগতে পঢ়ক : বতৰৰ কালৰূপ ! ৰাজ্যৰ অধিকাংশ জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি, ঘৰৰ পৰা নোলাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ
লগতে পঢ়ক : ২৫০ কোটি টকা ব্যয়, ডিব্ৰুগড়ত স্থাপন হ’ব ৰাজ্যৰ প্ৰথমখন বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠান
লগতে পঢ়ক : ২৬ ৰ বাবে কেনেদৰে আগবাঢ়িব ? দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰে প্ৰদেশ কংগ্ৰেছৰ নতুন কমিটীৰ প্ৰথমখন বৈঠক…
লগতে পঢ়ক : লক্ষ্য ২০২৬! আজিৰে পৰা ১৫ জুনলৈ ৩৯ খন সাংগঠনিক জিলাত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা