শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বতৰৰ কালৰূপ ! ৰাজ্যৰ অধিকাংশ জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি, ঘৰৰ পৰা নোলাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়, আজি আমাৰ ৰাজ্যৰ প্ৰায়বোৰ জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে আৰু কাইলৈ ​​সন্ধিয়ালৈকে একেধৰণৰ পৰিস্থিতি অব্যাহত থকাৰ সম্ভাৱনা আছে। তেওঁ লগতে কয় যে, চৰকাৰী কৰ্তৃপক্ষই পৰিস্থিতি পৰ্যালোচনা কৰি আছে আৰু কাইলৈ ​​যদি বতৰৰ কোনো পৰিৱৰ্তন হয় তেন্তে সেই অনুসৰি ৰাইজক অৱগত কৰা হ'ব।

বতৰৰ কালৰূপ ! ৰাজ্যৰ অধিকাংশ জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি, ঘৰৰ পৰা নোলাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ
বতৰৰ কালৰূপ
manas-borah
Manas Borah | Updated On: 30 May 2025 21:42 PM

ৰাজ্যত অব্যাহত থকা বৃষ্টিপাতৰ বাবে পশ্চিম আৰু দক্ষিণৰ জিলাৰ কেইখনৰ বাবে ‘ৰেড এলাৰ্ট’ জাৰি কৰা হৈছে ।এনে পৰিস্থিতিত শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ধাৰাষাৰ বৰষুণৰ বাবে ৰাজ্যৰ অধিকাংশ অঞ্চল ‘অস্বাভাৱিক পৰিস্থিতি’ৰ সন্মুখীন হৈছে। শনিবাৰে সন্ধিয়ালৈকে এই পৰিস্থিতি অব্যাহত থকাৰ সম্ভাৱনা আছে । যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰ সম্পূৰ্ণ সাজু বুলি উল্লেখ কৰি বাসিন্দাসকলক ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে ।

তেওঁ কয় যে, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত প্ৰবল বৰষুণ হোৱাৰ ফলত অসমৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰিছে, বিশেষকৈ গুৱাহাটী কৃত্ৰিম বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বুলিও লগতে কয় মুখ্যমন্ত্ৰী শৰ্মাই। এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়, “আজি আমাৰ ৰাজ্যৰ প্ৰায়বোৰ জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে আৰু কাইলৈ ​​সন্ধিয়ালৈকে একেধৰণৰ পৰিস্থিতি অব্যাহত থকাৰ সম্ভাৱনা আছে।” তেওঁ লগতে কয় যে, চৰকাৰী কৰ্তৃপক্ষই পৰিস্থিতি পৰ্যালোচনা কৰি আছে আৰু কাইলৈ ​​যদি বতৰৰ কোনো পৰিৱৰ্তন হয় তেন্তে সেই অনুসৰি ৰাইজক অৱগত কৰা হ’ব।

“আজি আমি প্ৰকৃতিৰ ক্ৰোধৰ সন্মুখীন হৈছো । এয়া এক অস্বাভাৱিক পৰিস্থিতি। মানুহে যিমান পাৰে ঘৰৰ ভিতৰতে থাকিব লাগে।” এইদৰে কয় মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজ্যত ৯ লাখ লোকৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হৈছে, ইয়াৰ উপৰিও গুৱাহাটীত ১০০ টা ট্ৰেন্সফৰ্মাৰ বন্ধ কৰি দিয়া হৈছে যাতে কোনো দুৰ্ঘটনা সংঘটিত নহয়।

সীমান্তৱৰ্তী মেঘালয়ত পাহাৰ কটাৰ ফলত গুৱাহাটীৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে নেকি বুলি সোধা প্ৰশ্নত তেওঁ কয় যে, এতিয়া কোনো ৰাজ্যক দোষাৰোপ কৰাৰ সময় নহয়। তেওঁ লগতে কয়, “উচচতম ন্যায়ালয়ে ইতিমধ্যে পাহাৰ কটাৰ বিষয়টোক লৈ অসম আৰু মেঘালয় চৰকাৰক জাননী জাৰি কৰিছে। অহা ২ জুনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে এই বিষয়ত আলোচনাত মিলিত হ’ম।”

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, কামৰূপ, কামৰূপ মহানগৰ, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, নলবাৰী, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত ‘ৰেড এলাৰ্ট’ জাৰি কৰা হৈছে।

ইফালে, দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, কাৰ্বি আংলং, গোলাঘাট আৰু শোণিতপুৰ জিলাৰ বাবে ‘অৰেঞ্জ এলাৰ্ট’ জাৰি কৰা হৈছে। ৰেড এলাৰ্টত থকা জিলাসমূহৰ বিভিন্ন ঠাইত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণ হোৱাৰ সতৰ্কবাণী দিয়া হৈছে। ‘অৰেঞ্জ এলাৰ্ট’ত থকা জিলাকেইখনত ধুমুহা আৰু বজ্ৰপাতৰ লগতে প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে । চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, দৰং আৰু ওদালগুৰি জিলাত শনিবাৰৰ বাবেও ‘ৰেড এলাৰ্ট’ জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

লগতে পঢ়ক : জটিল গুৱাহাটীৰ কৃত্ৰিম বান পৰিস্থিতি ! শনিবাৰে চৰকাৰী কৰ্মচাৰীৰ নৈমিত্তিক ছুটী, বন্ধ থাকিব শিক্ষানুষ্ঠান…

লগতে পঢ়ক : ২৫০ কোটি টকা ব্যয়, ডিব্ৰুগড়ত স্থাপন হ’ব ৰাজ্যৰ প্ৰথমখন বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠান

লগতে পঢ়ক : ২৬ ৰ বাবে কেনেদৰে আগবাঢ়িব ? দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰে প্ৰদেশ কংগ্ৰেছৰ নতুন কমিটীৰ প্ৰথমখন বৈঠক…

লগতে পঢ়ক : লক্ষ্য ২০২৬! আজিৰে পৰা ১৫ জুনলৈ ৩৯ খন সাংগঠনিক জিলাত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা