শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

CSK vs RR Live Score, IPL 2025: অন্তিম মেচত সান্ত্বনাৰ জয় ৰাজস্থানৰঃ ছিজনত দশম পৰাজয়ৰ মুখ দেখিলে চেন্নায়ে

Chennai Super Kings vs Rajasthan Royals Live Score in Assamese: আই পি এল ২০২৫ত হতাশাজনক প্ৰদৰ্শনেৰে দশম পৰাজয়ৰ সন্মুখীন হ’ল চেন্নাই চুপাৰ কিংছ। আজি ৰাজস্থানৰ বিপক্ষে মহেন্দ্ৰ সিং ধোনীৰ দলটো ৬ উইকেটত পৰাস্ত হয়। আনহাতে ইতিপূৰ্বেই প্ৰতিযোগিতাৰ পৰা বিদায় ল’লেও ছিজনত নিজৰ অন্তিম মেচত সান্ত্বনাৰ জয়েৰে অভিযান সামৰিছে ৰাজস্থান ৰয়েলছে।

monjit-dutta
Monjit Dutta | Updated On: 20 May 2025 23:03 PM
CSK vs RR Live Score, IPL 2025: অন্তিম মেচত সান্ত্বনাৰ জয় ৰাজস্থানৰঃ ছিজনত দশম পৰাজয়ৰ মুখ দেখিলে চেন্নায়ে
আজি চেন্নাই বনাম ৰাজস্থানৰ মেচ

আই পি এলৰ ১৮ সংখ্যক সংস্কৰণৰ আজি ৬২ সংখ্যক মেচত অৱতীৰ্ণ হ’ব চেন্নাই চুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছ। দুয়োটা দলৰ বাবে আজিৰ এই মেচখন হ’ব কেৱল মাত্ৰ আনুষ্ঠানিকতা ৰক্ষাৰ যুঁজ। দুয়োটা দলেই ইতিমধ্যে শোচনীয় প্ৰদৰ্শনেৰে চলিত ছিজনত নিজৰ অভিযানৰ অন্ত পেলাইছে। আজিৰ মেচত জয়ী হৈ কেৱল পইণ্ট তালিকাত নিজৰ স্থান উন্নীত কৰাৰহে চেষ্টা চলাব পাৰিব চেন্নাই আৰু ৰাজস্থানে। অৱশ্যে ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীৰ বাবে এই মেচখনো গুৰুত্বপূৰ্ণ হ’ব। আজি ছিজনত ৰাজস্থানে নিজৰ অন্তিমখন মেচ খেলিব। গতিকে দলটোৰ গুৰুত্বপূৰ্ণ সদস্য ৰিয়ান পৰাগে আজি অন্তিমখন মেচত কেনে প্ৰদৰ্শন দেখুৱাব, সেয়া চাবলৈ অপেক্ষাৰত ৰাজ্যৰ ক্ৰিকেটপ্ৰেমী।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 20 May 2025 11:03 PM (IST)

    ৬ উইকেটত জয় ৰাজস্থানৰ

    জয়েৰে আই পি এল ২০২৫ত অভিযানৰ অন্ত পেলাইছে ৰাজস্থান ৰয়েলছে। আজি ছিজনত নিজৰ অন্তিমখন মেচত চেন্নাই চুপাৰ কিংছক ৬ উইকেটত পৰাস্ত কৰে দলটোৱে। এইদৰে উদ্বোধনী বৰ্ষৰ আই পি এল জয়ী দলটোৱে ছিজনত আজি চতুৰ্থখন মেচত জয়ৰ সোৱাদ লাভ কৰে। আনহাতে প্ৰতিযোগিতাৰ অন্যতম সফল দল চেন্নাই চুপাৰ কিংছে এই ছিজনত হতাশাজনক প্ৰদৰ্শন অব্যাহত ৰাখি দশম পৰাজয়ৰ সন্মুখীন হ’ল।

  • 20 May 2025 10:50 PM (IST)

    ব্যৰ্থ ৰিয়ান

    ৰাজস্থানে ইতিমধ্যেই বিদায় ল’লেও আজি অসমৰ ক্ৰিকেটপ্ৰেমীয়ে ৰিয়ানৰ ওপৰত কৰিছিল আশা। কিন্তু আজিও ব্যৰ্থ হৈ মাত্ৰ ৩ ৰান সংগ্ৰহ কৰিয়েই ৰিয়ানে এৰিলে ক্ৰীজ। তেওঁক বিদায় দিয়ে নুৰ আহমেদে।

  • 20 May 2025 10:40 PM (IST)

    বৈভৱৰো বিদায়

    একেটা অভাৰতে দ্বিতীয়টো উইকেট লাভ কৰিছে অশ্বিনে। সঞ্জুৰ পিছত তেওঁৰ চিকাৰ হৈছে বৈভৱ। জাদেজাৰ হাতত কেচ তুলি বিদায় লোৱা বৈভৱে ৩৩টা বলত ৫৭ ৰান সংগ্ৰহ কৰে।

  • 20 May 2025 10:38 PM (IST)

    সঞ্জুক বিদায় দিলে অশ্বিনে

    ভংগ হৈছে সঞ্জু চেমচন আৰু বৈভৱ সূৰ্যবংশীৰ ৯৮ ৰানৰ যুটি। ৰবিচন্দ্ৰন অশ্বিনৰ বলত ব্ৰেভিছৰ হাতত কেচ তুলি দি বিদায় লৈছে সঞ্জুৱে। তেওঁৰ বেটৰ পৰা আহে ৩১ বলত ৪১ ৰান।

  • 20 May 2025 10:30 PM (IST)

    বৈভৱৰ অৰ্ধশতক

    আই পি এল ২০২৫ৰ অন্যতম আৱিষ্কাৰ ১৪ বৰ্ষীয় কিশোৰ বৈভৱ সূৰ্যবংশীৰ চমক অব্যাহত আছে। ছিজনত দলটোৰ অন্তিম মেচখনতো বৈভৱে আক্ৰমণাত্মক বেটিঙেৰে সম্পূৰ্ণ কৰিছে অৰ্ধশতক। মাত্ৰ ২৮টা বলত চাৰিটাকৈ ছয় আৰু চাৰিৰে তেওঁ অৰ্ধশতক অৰ্জন কৰিছে।

  • 20 May 2025 10:24 PM (IST)

    শতক পাৰ ৰাজস্থান

    জয়ছোৱালৰ বিদায়ৰ পিছত ৰাজস্থানৰ ইনিংছ আগুৱাই নিছে বৈভৱ আৰু সঞ্জুৱে। দুয়ো আক্ৰমণাত্মক শৈলী অব্যাহত ৰাখি মাত্ৰ ১০.৩ অভাৰতে দলৰ স্ক’ৰ শতকৰ পাৰ কৰাইছে।

  • 20 May 2025 10:00 PM (IST)

    ৫০ ৰান সম্পূৰ্ণ

    স্ক’ৰবৰ্ডত ৫০ ৰান সম্পূৰ্ণ হৈছে ৰাজস্থানৰ। ইনিংছৰ ৫.২ অভাৰত দলটোৱে ৫০ ৰানৰ সীমা স্পৰ্শ কৰিছে।

  • 20 May 2025 09:52 PM (IST)

    জয়ছোৱালৰ বিদায়

    দলক এক শক্তিশালী আৰম্ভণি প্ৰদান কৰি ক্ৰীজ এৰিছে যশস্বী জয়ছোৱালে। মাত্ৰ ১৯টা বলতে ৩৬ৰান সংগ্ৰহ কৰা জয়ছোৱালক বিদায় দি অংশুল কম্বোজে চেন্নাইক দিয়ে সকাহ।

  • 20 May 2025 09:34 PM (IST)

    প্ৰথম বলতে চাৰি

    প্ৰত্যাশিতভাৱেই আক্ৰমণাত্মক আৰম্ভণিৰ ইংগিত দিছে জয়ছোৱালে। খলীল আহমেদে কৰা ইনিংছৰ প্ৰথমটো অভাৰৰ প্ৰথমটো বলতে জয়ছোৱালে কোবাইছে এটা চাৰি।

  • 20 May 2025 09:21 PM (IST)

    ৰাজস্থানৰ সমুখত ১৮৮ ৰানৰ লক্ষ্য

    ইনিংছৰ অন্তিম সময়লৈ ৰাজস্থানে কৰা নিয়ন্ত্ৰিত বলিঙৰ বাবে ৰানৰ গতি কিছু হ্ৰাস হয় চেন্নাইৰ আৰু ২০ অভাৰত ১৮৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। এইদৰে ছিজনত নিজৰ অন্তিম মেচত জয়ওৰ বাবে ১৮৮ ৰানৰ লক্ষ্য লাভ কৰিছে ৰাজস্থানে।

  • 20 May 2025 09:17 PM (IST)

    ধোনী ব্যৰ্থ

    অধিনায়ক ধোনীৰ পৰা এক শক্তিশালী ফিনিশ্ৱিং আশা কৰিছিল অনুৰাগীয়ে। কিন্তু ১৭টা বলত মাত্ৰ ১৬ৰান সংগ্ৰহ কৰি আউট হয় অধিনায়কগৰাকী। অন্তিম অভাৰত এইদৰে দ্বিতীয়টো উইকেট লাভ কৰে মাধৱালে।

  • 20 May 2025 09:15 PM (IST)

    ডুবেৰ বিদায়

    চাপত পৰিছে চেন্নাই। ৰানৰ গতি হঠাতে মন্থৰ হৈ পৰাৰ ফলত সৃষ্টি হোৱা চাপৰ পৰিণতিত পেভিলিয়নলৈ উভতিছে শিৱম ডুবে। ৩২টা বলত ৩৯ ৰান সংগ্ৰহ কৰি ডুবে মাধৱালৰ বলত আউট হয়।

  • 20 May 2025 08:48 PM (IST)

    ব্ৰেভিছৰ বিদায়

    উইকেট পতনৰ ফলত ইনিংছত দেখা দিয়া সংকটৰ মাজত চেন্নাইক এক শক্তিশালী স্থিতিলৈ নিয়াৰ পিছত ক্ৰীজ এৰিছে ডেৱাল্ড ব্ৰেভিছে। ২৫টা বলত দুটা চাৰি আৰু তিনিটা ছয়েৰে ৪২ ৰান সংগ্ৰহ কৰি ব্ৰেভিছে আকাশ মাধৱালৰ বলত বিদায় লয়।

  • 20 May 2025 08:26 PM (IST)

    শতকপাৰ স্ক’ৰব’ৰ্ড

    ডেৱাল্ড ব্ৰেভিছে আক্ৰমণাত্মক বেটিঙেৰে আগুৱাই নিছে চেন্নাইৰ ইনিংছ। ৰিয়ান পৰাগে কৰা ইনিংছৰ দশম অভাৰৰ পঞ্চমটো বলত এটা ছয় কোবাই ব্ৰেভিছে দলৰ স্ক’ৰ শতকৰ পাৰ কৰায়।

  • 20 May 2025 08:12 PM (IST)

    জাদেজাকো বিদায় দিলে য়ুধবীৰে

    চেন্নাইৰ ইনিংছত খহনীয়াৰ সৃষ্টি কৰিছে য়ুধবীৰে। পেচাৰগৰাকীৰ দখললৈ আহিছে তৃতীয়টো উইকেট। এইবাৰ তেওঁৰ চিকাৰ হৈছে ৰবীন্দ্ৰ জাদেজা। ৫টা বলত মাত্ৰ ১ ৰান কৰিয়েই জাদেজা আউট হয়।

  • 20 May 2025 08:06 PM (IST)

    অশ্বিনৰো বিদায়

    চেন্নাইয়ে হেৰুৱাইছে চতুৰ্থটো উইকেট। এইবাৰ বিদায় লৈছে ৰবিচন্দ্ৰন অশ্বিনে। ৮টা বলত ১৩ ৰান সংগ্ৰহ কৰি অশ্বিনে হাছাৰাংগাৰ বলত ক্ৰীজ এৰে।

  • 20 May 2025 08:02 PM (IST)

    মাহাত্ৰেৰ বিদায়

    দলক এক শক্তিশালী আৰম্ভণি প্ৰদান কৰি তুষাৰ দেশপাণ্ডেৰ বলত মাফাকাৰ হাতত কেচ তুলি দি বিদায় লৈছে আয়ুস মাহাত্ৰেই। অপেনাৰ বেটাৰগৰাকীয়ে মাত্ৰ ২০টা বলতে ৮টা চাৰি আৰু এটা ছয়েৰে ৪৩ ৰানৰ অৱদান আগবঢ়ায়।

  • 20 May 2025 07:56 PM (IST)

    স্ক’ৰব’ৰ্ডত ৫০ ৰান

    চেন্নাইৰ স্ক’ৰব’ৰ্ডে অতিক্ৰম কৰিছে ৫০ ৰানৰ সীমা। ইনিংছৰ ৪.৫ অভাৰত মাহাত্ৰেই এটা চাৰি কোবাই দলৰ স্ক’ৰ ৫০ৰ পাৰ কৰায়।

  • 20 May 2025 07:43 PM (IST)

    য়ুধবীৰৰ ডাবল উইকেট অভাৰ

    একেটা অভাৰতে দ্বিতীয়টো উইকেট দখল কৰিছে য়ুধবীৰ সিং চৰকে। কনৱে’ৰ পিছত এইবাৰ তেওঁৰ চিকাৰ হৈছে উৰ্ভিল পেটেল। কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে উৰ্ভিল পেভিলিয়নলৈ উভতে।

  • 20 May 2025 07:40 PM (IST)

    কনৱে’ৰ বিদায়

    ইনিংছৰ দ্বিতীয় অভাৰতে উইকেট হেৰুৱাইছে চেন্নাইয়ে। অপেনাৰ ডেভন কনৱে’ই দুটা চাৰি কোবাই সঠিক আৰম্ভণি ঘটাইছিল যদিও তেওঁক ক্ৰীজত অধিক সময় টিকিবলৈ নিদিলে যুধবীৰে। মাত্ৰ ১০ ৰান সংগ্ৰহ কৰি কনৱে’ই ৰিয়ানৰ হাতত কেচ তুলি দি বিদায় লয়।

  • 20 May 2025 07:30 PM (IST)

    ক্ৰীজত মাহাত্ৰে-কনৱে’

    চেন্নাইৰ হৈ ইনিংছ মুকলি কৰিবলৈ ক্ৰীজলৈ আহিছে আয়ুস মাহাত্ৰে আৰু ডেভন কনৱে’। আনহাতে ৰাজস্থানৰ হৈ বলিং আৰম্ভ কৰিছে তুষাৰ দেশপাণ্ডেই।

  • 20 May 2025 07:13 PM (IST)

    ৰাজস্থান ৰয়েলছৰ মূল একাদশ

    ৰাজস্থান ৰয়েলছৰ মূল একাদশ আজিৰ মেচত অপৰিৱৰ্তিত ৰূপত খেলপথাৰত নামিব। দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- যশস্বী জয়ছোৱাল, বৈভৱ সূৰ্যবংশী, সঞ্জু চেমচন (অধিনায়ক), ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল, চিমৰণ হেটমায়াৰ, ৱানিন্দু হাছাৰাংগা, ক্ৱেনা মাফাকা, যুধবীৰ সিং চৰাক, তুষাৰ দেশপাণ্ডে, আকাশ মাধৱাল।

  • 20 May 2025 07:10 PM (IST)

    চেন্নাই চুপাৰ কিংছৰ মূল একাদশ

    আজিৰ মেচত চেন্নাই চুপাৰ কিংছৰ মূল একাদশ হ’ব এনেধৰণৰ- আয়ুস মাহাত্ৰে, ডেভন কনৱে’, উৰ্ভিল পেটেল, ৰবীন্দ্ৰ জাদেজা, ডেৱাল্ড ব্ৰেভিছ, শিৱম ডুবে, এম এছ ধোনি (অধিনায়ক), অংশুল কম্বোজ, ৰবিচন্দ্ৰন অশ্বিন, নূৰ আহমদ, খলিল আহমেদ।

  • 20 May 2025 07:05 PM (IST)

    ৰাজস্থানৰ বলিঙৰ সিদ্ধান্ত

    ছিজনত নিজৰ অন্তিমখন মেচত ৰাজস্থান ৰয়েলছে প্ৰথমে কৰিব বলিং। টছত জয়ী হৈ দলটোৰ অধিনায়ক সঞ্জু চেমচনে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Published On - May 20,2025 7:04 PM