TV9 ASSAM
হিম’গ্লবিনে শৰীৰৰ প্ৰতিটো কোষলৈ অক্সিজেন কঢ়িয়াই নিয়ে। শৰীৰত হিম’গ্লবিনৰ পৰিমাণ কমিলে ভাগৰুৱা, মূৰ ঘূৰোৱা, উশাহ লোৱাত কষ্ট, ছাল শেঁতা পৰা আদি হ’ব পাৰে।
শৰীৰৰ এই অৱস্থাক ৰক্তহীনতা বোলা হয়। শৰীৰত হিম’গ্লবিন বৃদ্ধিৰ বাবে আইৰণ, ফলিক এচিড, ভিটামিন বি ১২, ভিটামিন চি সমৃদ্ধ খাদ্য খোৱাটো অতি প্ৰয়োজনীয়।
মুৰ্গীৰ লিভাৰ আইৰণৰ ভঁৰাল। ইয়াত প্ৰচুৰ পৰিমাণে হিম আইৰণ থাকে, যি শৰীৰে সহজে শোষণ কৰে। ইয়াত ভিটামিন বি ১২ থাকে, যি নতুন ৰক্তকণিকা উৎপাদনত সহায় কৰে।
প্ৰটিন, আইৰণৰ এক ভাল উৎস কণী। কণীৰ কুহুমত আইৰণ, ফলিক এচিড থাকে। ই তেজত হিম’গ্লবিন গঠনত সহায় কৰে। কণীত ভিটামিন বি ১২ও থাকে।
আইৰণৰ প্ৰাকৃতিক উৎস সেউজীয়া শাক-পাচলি। পালেং, মেথি, কলমৌ শাক আদিত প্ৰচুৰ পৰিমাণে নন-হিম আইৰণ আৰু ফ’লেট থাকে। এইবোৰে তেজত হিম’গ্লবিন গঠনত সহায় কৰে।
প্ৰাকৃতিক তেজ বৃদ্ধিকাৰী হিচাপে পৰিচিত বীটত আইৰণ, ফলেট আৰু এণ্টিঅক্সিডেণ্ট থাকে। ই তেজ গঠন আৰু পৰিষ্কাৰ কৰাত সহায় কৰে।
মচুৰ দাইল, বুটদাইল, ছয়াবিন আৰু মগু দাইলত প্ৰচুৰ পৰিমাণে আইৰণ, প্ৰটিন আৰু ফাইবাৰ থাকে। কিচমিচ, আলমণ্ড, বাদাম আদিয়েও হিম’গ্লবিন বৃদ্ধিত সহায় কৰে।
প্ৰাকৃতিক শক্তি বৃদ্ধিকাৰী হিচাপে পৰিচিত খেজুৰত আইৰণ আৰু গ্লুক’জ থাকে, যাৰ ফলত ৰক্তহীনতা হ্ৰাস পায়। গুড় আইৰণৰ এক উত্তম উৎস।
পঢ়িবলৈ ক্লিক কৰক
মুৰ্গীৰ লিভাৰ খোৱাটো দেহৰ বাবে ভাল নে বেয়া!