ভাৰতীয় জাতীয় পতাকাৰ প্ৰতিটো ৰঙৰ অৰ্থ জানক

8 Aug 2025

TV9 ASSAM

প্ৰতিখন স্বাধীন দেশৰ নিজস্ব জাতীয় পতাকা থাকে। পতাকাত থকা ৰঙৰ পৰা আৰম্ভ কৰি প্ৰতীকলৈকে সকলোৰে বিশেষ অৰ্থ আছে।

বিশেষ অৰ্থ

ভাৰতীয় জাতীয় পতাকা ত্ৰিৰংগ। দেশে স্বাধীনতা লাভ কৰাৰ কেইদিনমান পূৰ্বে ১৯৪৭ চনৰ ২২ জুলাইত সংবিধান সভাই ভাৰতীয় জাতীয় পতাকা গৃহীত কৰে।

ত্ৰিৰংগা

ভাৰতীয় জাতীয় পতাকাৰ একেবাৰে ওপৰত গেৰুৱা, মাজত বগা আৰু তলত সেউজীয়া ৰং আছে। মাজত আছে ২৪ ডাল দণ্ডযুক্ত নীলা ৰঙৰ অশোক চক্ৰ।

তিনিটা ৰং

পতাকাৰ গেৰুৱা ৰঙে সাহস আৰু ত্যাগক প্ৰতিনিধিত্ব কৰে। বগা ৰং শান্তি আৰু সত্যৰ প্ৰতীক আৰু সেউজীয়া ৰঙে দেশৰ উৰ্বৰতা আৰু প্ৰগতিক বুজায়।

তিনিটা ৰঙৰ অৰ্থ

পতাকাখনৰ মাজত নীল ৰঙৰ চক্ৰটোক অশোক চক্ৰ বুলি কোৱা হয়। ২৪ ডাল দণ্ডযুক্ত অশোক চক্ৰ ধৰ্মীয় আৰু ৰাজনৈতিক ঐতিহাসিক চিহ্ন।

অশোক চক্ৰ

অশোক চক্ৰটোক ধৰ্মচক্ৰ বুলিও কোৱা হয়। ই হৈছে ভাৰতৰ ন্যায় আৰু অবিৰত গতিৰ প্ৰতীক।

অবিৰত গতিৰ প্ৰতীক

ভাৰতীয় জাতীয় পতাকাৰ আকাৰ নিৰ্দিষ্ট। পতাকাৰ প্ৰস্থ আৰু দৈৰ্ঘ্য অনুপাত ২:৩।

পতাকাৰ আকাৰ

পঢ়িবলৈ ক্লিক কৰক

ৰাতি মূৰটো কোন দিশত ৰাখি শুব লাগে?