শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ছলমানৰ সৈতে কাম কৰিলেই বিপদ! এতিয়া আৰু দিয়া নহ’ব সকীয়নি, পোনে পোনে…

লৰেঞ্চ বিষ্ণৈ গেঙে কপিলৰ কেফেত বাৰে বাৰে আক্ৰমণৰ আঁৰৰ কাৰণো বাখ্যা কৰিছে। বিষ্ণৈ গেঙৰ এই আক্ৰমণ অভিনেতা ছলমান খানৰ সৈতে জড়িত বুলি স্পষ্ট হৈ পৰিছে।

ছলমানৰ সৈতে কাম কৰিলেই বিপদ! এতিয়া আৰু দিয়া নহ’ব সকীয়নি, পোনে পোনে…
ছলমানৰ সৈতে কাম কৰা মানেই মৃত্যু
Monjit Dutta
Monjit Dutta | Published: 08 Aug 2025 15:11 PM

দেশৰ জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মাৰ কানাডাস্থিত কেফে কেপছত পুনৰ সংঘটিত হৈছে গুলীচালনাৰ ঘটনা এই ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। কপিল শৰ্মাৰ এই কেফেখনত ইতিপূৰ্বেও গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল ইতিমধ্যে কুখ্যাত লৰেঞ্চ বিষ্ণৈ গেঙে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে এতিয়া লৰেঞ্চ বিষ্ণৈ গেঙে কপিলৰ কেফেত বাৰে বাৰে আক্ৰমণৰ আঁৰৰ কাৰণো বাখ্যা কৰিছে বিষ্ণৈ গেঙৰ এই আক্ৰমণ অভিনেতা ছলমান খানৰ সৈতে জড়িত বুলি স্পষ্ট হৈ পৰিছে।

কপিল শৰ্মাৰ কেফেত আক্ৰমণৰ পিছত তেওঁ এক ভাবুকিমূলক অডিঅ’ লাভ কৰিছিল। এই অডিঅবাৰ্তাটোত যিসকল লোকে ছলমান খানৰ লগত কাম কৰিব তেওঁৰ মৃত্যু হ’ব বুলি কোৱা হৈছে। ইফালে লৰেঞ্চ গেঙৰ গেংষ্টাৰ হেৰী বক্সাৰৰো এক ভাবুকিপূৰ্ণ অডিঅ’ প্ৰকাশ পাইছে। এই অডিঅটোত কপিলৰ কেফেত কিয় গুলী নিক্ষেপ কৰা হ’ল, সেয়া স্পষ্ট কৰি দিছে বক্সাৰে।

অডিঅ’টোত অভিনেতা ছলমান খানৰ কথা উল্লেখ কৰি কোৱা হৈছে যে কপিল শৰ্মাই তেওঁৰ শ্ব বাবে ছলমানক উদ্বোধনী অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ জনাইছিল আৰু সেয়েহে এই গুলীচালনা কৰা হৈছিল যিসকল লোকে ছলমান খানৰ সৈতে কাম কৰিব, তেওঁৰ মৃত্যু হ’ব বুলিও অডিঅটোত স্পষ্টকৈ ভাবুকি দিয়া হৈছে।

উল্লেখ্য যে কপিল শৰ্মাই তেওঁৰ নেক্সটফ্লিক্স শ্ব’ দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ৰ ছিজন ২ৰ উদ্বোধনী অনুষ্ঠানত ছলমান খানক অতিথি হিচাপে আমন্ত্ৰণ জনাইছিল। এই কাৰণতে এতিয়া কপিল শৰ্মাৰ ওপৰত এই আক্ৰমণ সংঘটিত হৈছে। ভাবুকি বাৰ্তাটোত কোৱা হৈছে যে পৰিচালক, প্ৰযোজক আৰু শিল্পীক তেওঁলোকে পুনৰ সকীয়নি নিদিয়ে, পোনে পোনে বুকুলৈ গুলী নিক্ষেপ কৰা হ’ব।

ইয়াৰ উপৰিও মুম্বাইৰ সকলো শিল্পী আৰু প্ৰযোজককে এই সকীয়নি প্ৰদান কৰা হৈছে। আনকি ছলমান খানৰ সৈতে কাম কৰা নতুন শিল্পী বা পৰিচালকো ৰেহাই দিয়া নহ বুলি বিষ্ণৈ গেঙে দাবী কৰিছে। যদি কোনো লোকে ছলমান খানৰ সৈতে কাম কৰিছে, তেতিয়াহলে তেওঁৰ মৃত্যুৰ বাবে তেওঁ নিজেই দায়ী হ’ব বুলিও সকীয়াই দিয়া হৈছে।