শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

যাদু অক্ষত! ICC টেষ্ট ৰেংকিঙত উজ্বলিল মহম্মদ ছিৰাজ, শীৰ্ষ ৫ত স্থান লাভ যশস্বী জয়ছৱালৰ…

বৰ্তমান ক্ৰিকেট জগতত চৰ্চিত এটি নাম মহম্মদ ছিৰাজ। টেষ্ট ছিৰাজে কৰা উত্তম প্ৰদৰ্শনৰ পাছতে এতিয়া অন্য এক খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। ICC ৰেংকিঙত ছিৰাজে ১২ টা স্থান আগলৈ গতি কৰে।

যাদু অক্ষত! ICC টেষ্ট ৰেংকিঙত উজ্বলিল মহম্মদ ছিৰাজ, শীৰ্ষ ৫ত স্থান লাভ যশস্বী জয়ছৱালৰ…
মহম্মদ ছিৰাজImage Credit source: PTI
barasha-sarma
Barasha Sarma | Published: 06 Aug 2025 15:06 PM

কেনিংটন অ’ভেল টেষ্ট মেচত ইংলেণ্ডৰ বিৰুদ্ধে টিম ইণ্ডিয়াই জয়লাভ কৰে। দুয়োটা দলৰ মাজত হোৱা ৫খন টেষ্ট শৃংখলাত ২-২ ত খেল ড্ৰত সমাপ্ত হয়। এই টেষ্ট ছিৰিজত টিম ইণ্ডিয়াৰ বলাৰ মহম্মদ ছিৰাজৰ বিস্ফোৰক বলিং ইংলেণ্ডৰ বেটছমেনসকলৰ বাবে সমস্যা হৈ পৰিছিল। এই টেষ্ট শৃংখলাত ৫খন মেচত মুঠ ২৩টা উইকেট দখল কৰাৰ লগতে সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হয় ছিৰাজ। ইংলেণ্ডৰ বিৰুদ্ধে উত্তম প্ৰদৰ্শনৰ পাছতে এতিয়া ছিৰাজে আই চি চি টেষ্ট বলিং ৰেংকিঙৰ শিখৰলৈ গতি কৰিছে। ইয়াৰ লগতে বেগী বলাৰ প্ৰসিদ্ধ কৃষ্ণৰ ৰেংকিংও উন্নত হৈছে।

মহম্মদ ছিৰাজে পঞ্চম টেষ্ট মেচত প্লেয়াৰ অৱ দ্য মেচৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। এনে পৰিস্থিতিত তেওঁ আই চি চি(পুৰুষ) টেষ্ট বলিং ৰেংকিঙত ৬৭৪ পইণ্ট লাভ কৰি ১২ স্থান আগলৈ জাঁপ মাৰে। ছিৰাজে ১৫ নম্বৰ স্থানত উপনীত হোৱাৰ বিপৰীতে পূৰ্বে ৮৪ নম্বৰ স্থানত থকা প্ৰসিদ্ধ কৃষ্ণই এতিয়া ৫৯ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হয়। শেষৰখন টেষ্ট মেচত কৃষ্ণই ৮টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। টেষ্ট ক্ৰিকেটত এই দুয়োগৰাকী খেলুৱৈৰ বৰ্তমানলৈকে শ্ৰেষ্ঠ ৰেংকিং।

ভাৰতীয় বেটছমেনৰ ভিতৰত শীৰ্ষ ৫ ৰ ভিতৰত স্থান নিশ্চিত কৰিছে যশস্বী জয়ছৱালে। ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত যশস্বীয়ে ৫খন খেলত গড়ে ৪১.১০ ৰান সংগ্ৰহ কৰি ৪১১ ৰান সংগ্ৰহ কৰে। এই টেষ্ট ছিৰিজত তেওঁ অতি সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। বেটিঙৰ ক্ষেত্ৰত ৰেংকিঙৰ প্ৰথম স্থানত আছে ৰুট আৰু দ্বিতীয় স্থানত আছে ইংলেণ্ডৰ হেৰী ব্ৰুক। নিউজিলেণ্ডৰ বেটছমেন কেন উইলিয়ামছন তৃতীয় স্থানত থকাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ চতুৰ্থ স্থানত আছে।

উল্লেখ্য যে, ইংলেণ্ডৰ বেগী বগাৰ গাছ এটকিনছনে অভাল টেষ্ট মেচত ৮টা উইকেট দখল কৰিবলৈ সক্ষম হয়। যাৰ পাছত তেওঁ প্ৰথমবাৰৰ বাবে শীৰ্ষ ১০ৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে তেওঁৰ সতীৰ্থ জোছ টংগুৱেও ৮টা উইকেট দখল কৰি এতিয়া ৪৬ নম্বৰ স্থানত আছে। উল্লেখ কৰা প্ৰয়োজন যে, ICC ৰ টেষ্ট বলিং ৰেংকিঙত ভাৰতৰ যশপ্ৰীত বুমৰাহ প্ৰথম স্থানত থকাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ কাগিছ’ ৰাবাদা দ্বিতীয় স্থানত আছে।

 

অন্য খবৰ পঢ়কঃ আগন্তুক ৫ বছৰলৈকে মই…IPL ৰ পৰা অৱসৰ গ্ৰহণ সন্দৰ্ভত ডাঙৰ মন্তব্য ধোনীৰ…