শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
আমেৰিকাৰ শুল্ক ভাবুকিৰ মাজতে চীনলৈ যাব মোদী...

আমেৰিকাৰ শুল্ক ভাবুকিৰ মাজতে চীনলৈ যাব মোদী…

barasha-sarma
Barasha Sarma | Published: 07 Aug 2025 19:05 PM

আমেৰিকাৰ শুল্ক যুদ্ধৰ মাজতে শীঘ্ৰেই চীন ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰায় ৭ বছৰ পাছত মোদীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে।

আমেৰিকাৰ শুল্ক ভাবুকিৰ মাজতে চীন ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থা (SCO)ৰ শীৰ্ষ সন্মিলনৰ বাবে দেশখনলৈ যাব পাৰে মোদী। আমেৰিকাৰ পৰা লাভ কৰা ভাবুকিৰ মাজতে মোদীৰ এই ভ্ৰমণ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে।

প্ৰায় ৭ বছৰ পাছত মোদীয়ে চীন ভ্ৰমণ কৰিব। ইয়াৰ পূৰ্বে ২০১৮ চনৰ জুন মাহত মোদীয়ে চীন ভ্ৰমণ কৰিছিল। সেই সময়ত তেওঁ কিংদাঅত অনুষ্ঠিত হোৱা SCO ৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিছিল। অৱশ্যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৪ চনৰ অক্টোবৰ মাহত ব্ৰিকছ শীৰ্ষ সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ কৰিছিল।

মোদীৰ এই ভ্ৰমণ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কিয়নো আমেৰিকাই ভাৰতত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে, ইফালে আমেৰিকাৰ শুল্ক যুদ্ধৰ পৰা সাৰি যোৱা নাই চীন। ইয়াৰ মাজতে এতিয়া ভাৰতে চীনৰ সৈতে বাণিজ্য বৃদ্ধি কৰাৰ চেষ্টা কৰিছে। ইফালে বৰ্তমান ৰাছিয়া ভ্ৰমণত ব্যস্ত আছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল। একাংশই দাবী কৰিছে যে, একত্ৰিত হ’ব পাৰে ভাৰত-ৰাছিয়া আৰু চীন।