দীঘল আৰু ক'লা চুলিৰ বাবে এনেকৈ ব্যৱহাৰ কৰক তুলসী পাত

8 AUG 2025

TV9 ASSAM

হিন্দু ধৰ্মত তুলসীৰ বিশেষ গুৰুত্ব আছে। কিন্ত কেৱল পূজা-পাঠতে নহয়, তুলসীৰ আছে অলেখ ঔষধি গুণ। কাহ-চৰ্দিৰ পৰা বিভিন্ন স্বাস্থ্যজনিত সমস্যাত তুলসীৰ ৰসে কাম দিয়ে।

তুলসী

কিন্তু আপুনি জানেনে, তুলসী চুলি ধুনীয়া কৰাত সহায় কৰে। তুলসীত থকা এন্টিবেক্টেৰিয়েলে উফিৰ সমস্যাৰ পৰা পৰিত্ৰাণ দিব পাৰে। ইয়াক চুলিত ব্যৱহাৰ কৰিব পাৰি।

চুলি

বিভিন্ন সময়ত চুলিৰ গুড়িত মলি জমা হয়। তেনে স্থলত তুলসীয়ে চুলিৰ গুড়িবোৰ চাফা কৰি চুলি দীঘল হোৱাত সহায় কৰিব পাৰে।

চাফা

তুলসী আৰু নাৰিকল তেল মিহলি কৰি চুলিত ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ফলত চুলি মজবুত আৰু ধুনীয়া হৈ পৰিব।

মজবুত

চুলি সৰাৰ সমস্যা ৰোধ কৰাতো তুলসীয়ে সহায় কৰে। ইয়াক ব্যৱহাৰ কৰিলে চুলি মজবুত হোৱাৰ লগতে চুলি সৰা কম হয়। চুলিৰ স্বাস্থ্য উন্নত হয়।

চুলি সৰা

যদি আপুনি সপ্তাহত মাত্ৰ ২ বাৰ তুলসী ব্যৱহাৰ কৰে ইয়াৰ ফলত চুলি ধুনীয়া হৈ পৰিব। এক বিশেষ ধৰণ উজ্বলতা আহিব। ইয়াৰোপৰি ই চুলি ক'লা কৰাত সহায় কৰে।

ধুনীয়া

প্ৰথমে আপুনি এগিলাচ পানী গৰম কৰি লওক। পাছত তাত তুলসী পাত দিয়ক। সেয়া উতলাৱক, ঠাণ্ডা হোৱাৰ পাছত তাত ২ চামুচ গোলাপ জল, ১ চামুচ গ্লিচাৰিন মিহলি কৰক। পাছত ঠাণ্ডা কৰি বটলত ভৰাই থওক।

কেনেকৈ তৈয়াৰ কৰিব

পঢ়িবলৈ ক্লিক কৰক 

শাওনৰ পূৰ্ণিমাত কৰক এই কাম