২০১৫ চনৰ পূৰ্বে অহা অমুছলমান বিদেশীৰ গোচৰ প্ৰত্যাহাৰৰ কোনো সিদ্ধান্ত লোৱা নাই, মুখ্যমন্ত্ৰীৰ ঘোষণা
ৰাজ্যৰ কেবিনেটে বিদেশী ন্যায়াধিকৰণৰ পৰা গোচৰ বাদ দিয়াৰ সন্দৰ্ভত দুটা সিদ্ধান্ত লৈছে- এটা কোচ-ৰাজবংশী সম্প্ৰদায়ৰ বাবে আৰু আনটো গোৰ্খা জনগোষ্ঠীৰ সৈতে জড়িত। কিন্তু ২০১৫ চনৰ পূৰ্বে অহা অমুছলমান বিদেশীৰ গোচৰ প্ৰত্যাহাৰৰ কোনো নিৰ্দেশনা দিয়া নাই বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ।

অসম চৰকাৰে ২০১৫ চনৰ পূৰ্বে প্ৰৱেশ কৰা অমুছলমান অবৈধ বিদেশীৰ গোচৰ বিদেশী ন্যায়াধিকৰণৰ পৰা বাদ দিবলৈ কোনো “বিশেষ” নিৰ্দেশ জাৰি কৰা নাই। কাৰণ নাগৰিকত্ব (সংশোধনী) আইনখনে তেওঁলোকক যিকোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থাৰ পৰা ৰক্ষা কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই কথা।
গুৱাহাটীত কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত শৰ্মাই কয়, “নাগৰিকত্ব সংশোধী আইনত যি আছে, তাৰ বাহিৰে ৰাজ্য চৰকাৰে কোনো নিৰ্দেশনা জাৰি কৰা নাই। যদি কেবিনেটৰ কিবা সিদ্ধান্ত আছে, মই সদায় আহি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰো। কোনো বিশেষ সিদ্ধান্ত লোৱা হোৱা নাই।”
তেওঁ অৱশ্যে কয় যে নাগৰিকত্ব (সংশোধনী) আইনখনে ২০১৪ চনৰ ৩১ ডিচেম্বৰ বা তাৰ আগতে ভাৰতত প্ৰৱেশ কৰা লোকসকলক নিৰাপত্তা আৰু সুৰক্ষা প্ৰদান কৰে।
“সেইটোৱেই আইন। গোচৰটো উচ্চতম ন্যায়ালয়ত আছে। যেতিয়ালৈকে উচ্চতম ন্যায়ালয়ে ইয়াক ষ্ট্ৰাইক ডাউন নকৰে, তেতিয়ালৈকে সেয়াই দেশৰ আইন। তাৰ বাবে কোনো বিশেষ সিদ্ধান্তৰ প্ৰয়োজন নাই।” ডঃ শৰ্মাই কয়।
তেওঁ আৰু কয় যে ৰাজ্যৰ কেবিনেটে বিদেশী ন্যায়াধিকৰণৰ পৰা গোচৰ বাদ দিয়াৰ সন্দৰ্ভত দুটা সিদ্ধান্ত লৈছে- এটা কোচ-ৰাজবংশী সম্প্ৰদায়ৰ বাবে আৰু আনটো গোৰ্খা জনগোষ্ঠীৰ সৈতে জড়িত।
অসম চৰকাৰে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হোৱাৰ পিছত ২০১৫ চনৰ পূৰ্বে ৰাজ্যত প্ৰৱেশ কৰা সন্দেহযুক্ত অমুছলমান অবৈধ বিদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ বিদেশী ন্যায়াধিকৰণৰ পৰা বাদ দিবলৈ সকলো জিলাকে নিৰ্দেশ দিছে।
পিটিআইয়ে প্ৰকাশ কৰা ২২ জুলাইত অতিৰিক্ত মুখ্য সচিব (গৃহ আৰু ৰাজনৈতিক) অজয় তেৱাৰীৰ স্বাক্ষৰিত এক নিৰ্দেশনা অনুসৰি সকলো জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকক পাকিস্তানী, বাংলাদেশী আৰু ৰোহিংগীয়াৰ দৰে বিদেশীৰ অৱস্থা পুনৰীক্ষণ কৰিবলৈ কোৱা হৈছে।
ইয়াৰ উপৰিও নাগৰিকত্ব (সংশোধনী) আইনৰ বিধান অনুযায়ী ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰাৰ বাবে এনে সকলো বিদেশীক উৎসাহিত আৰু সমর্থন দিয়া উচিত বুলিও পৰামৰ্শ দিয়া হৈছিল। আইনী বিধান অনুসৰি অসমত এজন ব্যক্তিক কেৱল বিদেশী ন্যায়াধিকৰণেহে বিদেশী ঘোষণা কৰিব পাৰিব, আৰু পৰৱৰ্তী সময়ত ৰায় অনুকূল নহ’লে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পাৰিব।
যোৱা বছৰৰ জুলাই মাহত অসম চৰকাৰে নিজৰ সীমান্ত আৰক্ষী শাখাক ২০১৫ চনৰ পূৰ্বে ৰাজ্যখনত প্ৰৱেশ কৰা অমুছলমান অবৈধ অনুপ্ৰৱেশকাৰীৰ গোচৰ বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ নকৰিবলৈ আৰু তাৰ পৰিৱৰ্তে CAA ৰ জৰিয়তে নাগৰিকত্বৰ বাবে আবেদন কৰিবলৈ পৰামৰ্শ দিবলৈ কৈছিল।
বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ২০১৪ চনৰ ৩১ ডিচেম্বৰ বা তাৰ আগতে ভাৰতত প্ৰৱেশ কৰা হিন্দু, জৈন, খ্ৰীষ্টান, শিখ, বৌদ্ধ আৰু পাৰ্চীসকলক ইয়াত পাঁচ বছৰ বাস কৰাৰ পিছত ভাৰতীয় নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ (CAA)ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচৰা হৈছে।