শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Donald Trump, Pharma Tariffs: ট্ৰাম্পৰ এই সিদ্ধান্তই ৰোগীৰ জীৱনক আৰু জটিল কৰিব...

Donald Trump, Pharma Tariffs: ট্ৰাম্পৰ এই সিদ্ধান্তই ৰোগীৰ জীৱনক আৰু জটিল কৰিব…

manas-borah
Manas Borah | Published: 06 Aug 2025 23:28 PM

ট্ৰাম্পে লগতে কয় যে, সকলো ঔষধ আৰু আনুষংগিক সামগ্ৰীৰ ওপৰত ১৫০ শতাংশ, তাৰ পিছত ২৫০ শতাংশ শুল্ক আৰোপ কৰা হ’ব। ট্ৰাম্পৰ এই সিদ্ধান্তই সাধাৰণ মানুহৰ ওপৰত কি প্ৰভাৱে পেলাব?

ট্ৰাম্পৰ শুক্লৰ টাৰ্গেটত এইবাৰ ঔষধ। মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম চিএনবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ড’নাল্ড ট্ৰাম্পে ডাঙৰ মন্তব্য প্ৰকাশ কৰে। যিটো মন্তব্যই এতিয়া বিশ্বজুৰি চৰ্চা লাভ কৰিছে। তেওঁ কয় যে, আমি এতিয়াৰ বাবে ঔষধৰ ওপৰত সৰু শুল্ক আৰোপ কৰিছো। কিন্তু এই সমীকৰণ এবছৰৰ পৰা ডেৰ বছৰৰ পিছত সলনি হ’ব।

ট্ৰাম্পে লগতে কয় যে, “সকলো ঔষধ আৰু আনুষংগিক সামগ্ৰীৰ ওপৰত ১৫০ শতাংশ, তাৰ পিছত ২৫০ শতাংশ শুল্ক আৰোপ কৰা হ’ব।” ট্ৰাম্পৰ এই সিদ্ধান্তই সাধাৰণ মানুহৰ ওপৰত কি প্ৰভাৱে পেলাব? কি প্ৰভাৱ পৰিব ভাৰতত ওপৰত? কোৱা হৈছে যে,ইয়াৰ ফলস্বৰূপে আমেৰিকাৰ নাগৰিক সৰ্বাধিক প্ৰভাৱিত হ’ব। দেশখনত চিকিৎসাৰ খৰচ আকাশলংঘী হৈছে। ইয়াৰ ভিতৰত ঔষধৰ অতিৰিক্ত শুল্কই ৰোগীৰ পৰিয়ালক বিপদত পেলোৱা সম্ভাৱনা আছে।

অৱশ্যে ট্ৰাম্পে যুক্তি দিছে যে,দেশত ঔষধ প্ৰস্তুতৰ নিৰ্মাণৰ পৰিমাণ বৃদ্ধিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ পূৰ্বে ট্ৰাম্পে কেইবাটাও বিশ্বমানৰ ঔষধ কোম্পানীক আমেৰিকালৈ ঘূৰি আহিবলৈ নিৰ্দেশ দিছিল। তেওঁৰ আদেশ পালন নকৰিলে জৰিমনা বিহিব বুলিও তেওঁ সকীয়াই দিছিল । হয়তো সেই সময় আহি পৰিছে।