শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এতিয়া আৰু কটাব নালাগে উজাগৰী নিশা! এই ৫টা আয়ুৰ্বেদিক উপায়েৰে দূৰ হ’ব নিদ্ৰাহীনতা…

আমাৰ দৈহিক-মানসিক স্বাস্থ্যৰ বাবে নিশা ভাল টোপনি হোৱাটো গুৰুত্বপূৰ্ণ। আপোনাক ভাল টোপনি অহাত সহায় কৰিব পৰাকৈ আয়ুৰ্বেদত কিছুমান পদ্ধতিৰ বৰ্ণনা কৰা হৈছে। জানো আহক এই বিষয়ে।

এতিয়া আৰু কটাব নালাগে উজাগৰী নিশা! এই ৫টা আয়ুৰ্বেদিক উপায়েৰে দূৰ হ’ব নিদ্ৰাহীনতা…
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 08 Aug 2025 15:54 PM

বৰ্তমানৰ ব্যস্ততাপূৰ্ণ জীৱনত প্ৰতিজন লোকেই নানা সমস্যাৰ সন্মুখীন হয় এনে সমস্যাসমূহে আমাৰ টোপনিত যথেষ্ট প্ৰভাৱ পেলায়। মানসিক চাপৰ বাবে বহু লোকে প্ৰায়ে নিশা টোপনিৰ অভাৱত ভোগে একে সময়তে বহু লোকৰে মোবাইল বা ইলেক্ট্ৰনিক গেজেটৰ ব্যৱহাৰৰ অভ্যাস আছে এনে অভ্যাসৰ ফলতো টোপনিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে। ইয়াৰ ফলত আমাৰ আচৰণ খিংখিঙীয়া হৈ পৰাৰ লগতে স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰো সৃষ্টি হয়। দৈনন্দিন টোপনিৰ অভাৱে এজন ব্যক্তিৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনে

হাৰ্ভাৰ্ডৰ তথ্য অনুসৰি টোপনিৰ অভাৱত ৰক্তচাপ, ডায়েবেটিছ, হৃদৰোগ আৰু ওজন বৃদ্ধিৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। লগতে ই আপোনাৰ মানসিক চাপৰ মাত্ৰা, ৰক্তচাপ, তেজত গ্লুক’জৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। এনে পৰিস্থিতিত নিশা ভাল টোপনি হোৱাটো গুৰুত্বপূৰ্ণ। আপোনাক ভাল টোপনি অহাত সহায় কৰিব পৰাকৈ আয়ুৰ্বেদত কিছুমান পদ্ধতিৰ বৰ্ণনা কৰা হৈছে। জানো আহক এই বিষয়ে।

অভ্যাংগা (তেল মালিচ)

অভ্যাংগা মানে হৈছে আয়ুৰ্বেদিক তেলেৰে মালিচ কৰা। আলমণ্ড অইল বা তিল তেলেৰে আপুনি দেহৰ মালিচ কৰিব পাৰে। ইয়াৰ সহায়ত উদ্বেগ হ্ৰাস পায় আৰু স্নায়ুতন্ত্ৰ শান্ত কৰে। শোৱাৰ পূৰ্বে গৰম তেলেৰে ভৰি, ডিঙি আৰু কান্ধত মালিচ কৰিব লাগে। আয়ুৰ্বেদত অভ্যাংগাক ভাল টোপনিৰ বাবে উপযোগী বুলি কোৱা হয়।

গৰম গাখীৰ বা বনৌষধি চাহ

আয়ুৰ্বেদৰ মতে ভাল টোপনিৰ বাবে নিশা ১০ বজাৰ পূৰ্বে শোৱাটো ভাল। শোৱাৰ পূৰ্বে এগিলাচ গৰম গাখীৰ খাব লাগে, ইয়াত কিছুমান বনৌষধি যেনে জাইফল, অশ্বগন্ধা, হালধি আদি দিব পাৰে এই সকলোবোৰ সামগ্ৰীয়েই দেহৰ বাবে অতি উপকাৰী। এই অভ্যাসে আপোনাৰ হজম শক্তি উন্নত কৰে। ইয়াৰ উপৰিও ই স্নায়ু শান্ত কৰে আৰু মেলাটনিন উৎপাদন বৃদ্ধি কৰে। অথবা তুলসী, ব্ৰাহ্মীৰ চাহো খাব পাৰে। শোৱাৰ পূৰ্বে কেফেইন সেৱন নকৰিব।

নস্যাৰ অভ্যাস

নস্যা হৈছে এক আয়ুৰ্বেদিক প্ৰথা, এই প্ৰথাত নাকেৰে ঔষধি পদাৰ্থ শৰীৰত যোগান ধৰা হয়। ভাল টোপনিৰ বাবে নিশা শোৱাৰ পূৰ্বে নাকত ঘিউ লগাব পাৰে। ই মনক শান্ত কৰে, যাৰ ফলত মানসিক চাপ হ্ৰাস পায়। চাইনাছ, মাইগ্ৰেইন বা শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকাসকলৰ বাবে এই অভ্যাস উপকাৰী হিচাপে বিবেচনা কৰা হয়।

শিৰোধৰা তথা ধ্যান

শিৰোধৰাও হৈছে এক আয়ুৰ্বেদিক প্ৰথা যদিও এই থেৰাপী আয়ুৰ্বেদিক কেন্দ্ৰত কৰা হয়, তথাপি ঘৰুৱাভাৱেও এনে ব্যৱস্থা পাৰে ইয়াত গৰম তেলৰ সলনি ঠাণ্ডা পানীত তিয়াই থোৱা কাপোৰ এখন কপালত লগাব লাগে। ৰখাৰ পিছত দীঘলকৈ উশাহ লৈ ৫-১০ মিনিট ধ্যান কৰিব। এই প্ৰক্ৰিয়াই অতিমাত্ৰা চিন্তা হ্ৰাস কৰে আৰু পিত্ত, বাট দোষক শান্ত কৰে।

ডিজিটেল ডিটক্স

আয়ুৰ্বেদৰ মতে শোৱাৰ পৰিৱেশে আমাৰ টোপনিৰ মানদণ্ডৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায় মোবাইল আৰু লেপটপৰ পৰা নিৰ্গত হোৱা নীলা পোহৰে মেলাটনিন উৎপাদনত প্ৰভাৱ পেলায়, যাৰ বাবে আপুনি সোনকালে টোপনি যাব নোৱাৰে আৰু হঠাতে সাৰ পোৱাৰ দৰে সমস্যাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত শোৱাৰ ১ ঘণ্টা পূৰ্বে মোবাইল, টিভি আৰু লেপটপৰ পৰা আঁতৰি থাকিব লাগে। ইয়াৰ ফলত আপুনি শান্তিৰে শুব পাৰিব।