স্বপ্ন ভংগ কৰে কিশোৰ কুমাৰে, অভিনেতাজনৰ এই কাণ্ডই আচৰিত কৰে সকলোকে!
Kishore Kumar Income Tax: এই ছবিখন সেই সময়ৰ অন্যতম শীৰ্ষ ছুপাৰহিট ছবি আছিল। অৱশ্যে ছবিখন ছুপাৰহিট কৰাৰ উদ্দেশ্যেৰে কিশোৰ কুমাৰে নিৰ্মাণ কৰা নাছিল। ইয়াৰ আঁৰত আছিল আন এক উদ্দেশ্য।

অভিনেতাৰ লগতে গায়ক হিচাপেও যথেষ্ট প্ৰশংসা লাভ কৰে কিশোৰ কুমাৰে। এসময়ত কিশোৰ কুমাৰে আয়কৰ ৰাহি কৰিবলৈ চিনেমাৰে পৰিচয় দিয়াৰ চেষ্টা চলাইছিল।
১৯৫৮ চনত সংঘটিত এই ঘটনা। গায়ক কিশোৰ কুমাৰে ছবি নিৰ্মাণৰ কথা ভাবিলে। যিখন ছবিৰ নাম আছিল ‘চলটি কা নাম গাড়ী’। ক’ব পাৰি যে সেই সময়ৰ অন্যতম শীৰ্ষ ছুপাৰহিট চিনেমা আছিল। অৱশ্যে এই ছবিখন ছুপাৰহিট কৰাৰ উদ্দেশ্যেৰে তেওঁ নিৰ্মাণ কৰা নাছিল। ইয়াৰ আঁৰত আছিল আন এক উদ্দেশ্য।
বহুতে কয় যে, কিশোৰ কুমাৰে নিজৰ আয়ৰ ওপৰত কৰ ৰেহাই পাবলৈ এই ছবিখন নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। সেই সময়ত তেওঁৰ পেছাদাৰী জীৱনে গতি লাভ কৰিছিল। দেশৰ প্ৰতিটো কোণত তেওঁৰ নাম বিয়পি পৰিছিল। গতিকে তেওঁৰ উপাৰ্জনো আছিল যথেষ্ঠ বেছি। উপাৰ্জন বঢ়াৰ লগে লগে, তেওঁ আয়কৰ দিব লগা হয়। কিশোৰ কুমাৰৰ কান্ধত স্বাভাৱিকতে এক বৃহৎ কৰ বোজা আছিল। তাৰ পৰা কিছু সকাহ পাবলৈ তেওঁ এটা ডাঙৰ পৰিকল্পনা কৰিলে।
তেওঁ এনে এখন ছবি নিৰ্মাণ কৰাৰ সিদ্ধান্ত ল’লে যিখন ‘ফ্লপ’ হ’ব। সেই ফ্লপ ছবিখন দেখুৱাই তেওঁ আয়কৰ হ্ৰাসৰ বাবে আবেদন কৰিব। সেই ভিত্তিতেই আৰম্ভ হ’ল ‘চলতি কা নাম গাড়ী’ চিনেমাখন নিৰ্মাণৰ কাম। এই ছবিখনত তেওঁ দুই ভাতৃ অশোক কুমাৰ আৰু অনুপ কুমাৰকো কাম দিছিল। যত মুখ্য অভিনেত্ৰী হিচাপে মধুবালাই অভিনয়ৰ সুবিধা পায়। কিশোৰ কুমাৰে নিজেও অভিনয় কৰিছিল। অতি কম বাজেটত নিৰ্মাণ কৰা হৈছিল ছবিখন।
কিন্তু কিশোৰ কুমাৰৰ লগত ওলোটা হ’ল। আয়কৰ ৰাহি কৰিবলৈ নিৰ্মিত ছবিখনে কোটি কোটি টকা উপাৰ্জন কৰে। ই হৈ পৰিল ‘ছুপাৰহিট’। তথ্যনুসৰি ৩৫ লাখ টকাৰ বাজেটত নিৰ্মিত এই ছবিখনে সেই সময়ত ২.৫ কোটি টকা উপাৰ্জন কৰে। ফলত কিশোৰ কুমাৰৰ আয়কৰৰ পৰিমাণ বৃদ্ধি পায়। তাৰ পিছত আন কোনো উপায় বিচাৰি নোপোৱাকৈয়ে তেওঁ নিজৰ ছবিখনৰ অধিকাৰ নিজৰ পি এক -এ দিলে। কেৱল সেই আয়কৰৰ পৰা কিছু সকাহ পাবলৈ।