শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ভৰণ-পোষণৰ নামত মহিলাই দাবী কৰিলে ১২ কোটি টকা, BMW...

ভৰণ-পোষণৰ নামত মহিলাই দাবী কৰিলে ১২ কোটি টকা, BMW…

Barasha Sarma
Barasha Sarma | Published: 07 Aug 2025 19:33 PM

আজিকালি বিবাহ বিচ্ছেদ যেন সাধাৰণ হৈ পৰিছে। শেহতীয়াকৈ এক গোচৰ পোহৰলৈ আহিছে য'ত এগৰাকী মহিলাই ভৰণ পোষণৰ নামত স্বামীৰ পৰা ১২ কোটি টকাৰ লগতে বহু দামী সম্পত্তি দাবী কৰে।

আজিকালি বিবাহ বিচ্ছেদৰ নামত বহু মহিলাই লাখ লাখ টকাৰ দাবী কৰে। শেহতীয়াকৈ পোহৰলৈ অহা এক ঘটনাই চকু কপালত তুলিব আপোনাৰ। এগৰাকী মহিলাই বিচ্ছেদৰ নামত স্বামীৰ পৰা দাবী কৰে ১২ কোটি টকা, মুম্বাইত ফ্লেট, বি এম ডব্লিউৰ লগতে দামী দামী সম্পত্তি। পিছে জানি আচৰিত হ’ব যে তেওঁলোকৰ বিবাহ আছিল মাত্ৰ ১৮ মাহৰ। কিন্তু বিচ্ছেদৰ গোচৰ দৰে ৮ বছৰ। অৱশেষত সোমবাৰে এই গোচৰত ৰায় প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে বিবাহ বিচ্ছেদ মঞ্জুৰ কৰে। লগতে মহিলাগৰাকীক কয় যে, “যদি আপুনি শিক্ষিত, তেন্তে ভিক্ষা নুখুজিব। নিজৰ বাবে নিজে উপাৰ্জন কৰক।”

ভৰণ পোষণৰ নামত মহিলাগৰাকীয়ে দামী দামী সম্পত্তি দাবী কৰিছিল। কিন্তু ন্যায়ালয়ে এয়া অনৈতিক বুলি অভিহিত কৰে। ইয়াৰ পাছতে মহিলাগৰাকীক মুম্বাইত এটা ফ্লেট দি বিবাহ বিচ্ছেদ মঞ্জুৰ কৰে ন্যায়ালয়ে।