শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
বিটিচি নিৰ্বাচনৰ পৰা লাভলীনাৰ অভিযোগলৈ, পলকতে চাওক দিনটোৰ শীৰ্ষ খবৰ

বিটিচি নিৰ্বাচনৰ পৰা লাভলীনাৰ অভিযোগলৈ, পলকতে চাওক দিনটোৰ শীৰ্ষ খবৰ

monjit-dutta
Monjit Dutta | Published: 07 Aug 2025 22:08 PM

অলিম্পিক ব্ৰঞ্জ বিজয়ী বক্সাৰ তথা অসম কন্যা লাভলীনা বৰগোঁহায়ে ভাৰতীয় বক্সিং ফেডাৰেচনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। ফেডাৰেচনৰ কাৰ্যবাহী অধ্যক্ষ তথা অন্তৱৰ্তীকালীন সমিতিৰ সদস্য অৱসৰপ্ৰাপ্ত কৰ্ণেল অৰুণ মালিকৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰ আৰু লিংগ বৈষম্য কৰাৰ অভিযোগ তুলিছে অসম কন্যাগৰাকীয়ে।

পূজাৰ পূৰ্বেই সম্পন্ন হ’ব বিটিচি নিৰ্বাচন। যদি কৰ’বাত পুনৰ ভোটগ্ৰহণ কৰিবলগীয়া হয়, তেতিয়াও পূজাৰ পূৰ্বেই হ’ব আৰু পূজাৰ পূৰ্বেই বড়ো ভূমিৰ ৰাইজে এখন নতুন বিটিচি দেখা পাব। দোতমাত আজি এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে বিটিআৰত বিজেপিৰ কোনো শত্ৰু নাই আৰু সেয়ে এইবাৰ এখন মৰমৰ যুঁজ হ’ব বুলিও মন্তব্য কৰে। সেই অনুসাৰে চৰকাৰ গঠনত কোন দল থাকিব, সেয়া জনাদেশ অনুসৰি সিদ্ধান্ত লোৱা হ’ব বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অলিম্পিক ব্ৰঞ্জ বিজয়ী বক্সাৰ তথা অসম কন্যা লাভলীনা বৰগোঁহায়ে ভাৰতীয় বক্সিং ফেডাৰেচনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। ফেডাৰেচনৰ কাৰ্যবাহী অধ্যক্ষ তথা অন্তৱৰ্তীকালীন সমিতিৰ সদস্য অৱসৰপ্ৰাপ্ত কৰ্ণেল অৰুণ মালিকৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰ আৰু লিংগ বৈষম্য কৰাৰ অভিযোগ তুলিছে অসম কন্যাগৰাকীয়ে। এক বৈঠকত মালিকে লাভলীনাক দুৰ্ব্যৱহাৰ কৰাৰ বুলি অভিযোগ উঠিছে।

পলকতে চাওক আজি দিনটোৰ আন কেইটামান চৰ্চিত খবৰ…