এয়ে নেকি আফ্ৰিদীৰ ভাৰত বিদ্বেষৰ কাৰণ? বি এছ এফৰ গুলীত নিহত হৈছিল আফ্ৰিদীৰ ভাতৃ!
ভাৰতৰ বিৰুদ্ধে আাফ্ৰিদীৰ তীৰ্যক মন্তব্য কোনো নতুন কথা নহয়। প্ৰায়ে তেওঁ দুয়ো দেশৰ মাজৰ সম্পৰ্কৰ বিষয়ত মন্তব্য কৰা পৰিলক্ষিত হয়। এতিয়া পহলগাম আক্ৰমণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতময় পৰিস্থিতিৰ মাজতো দেখা গৈছে আফ্ৰিদীৰ প্ৰতিক্ৰিয়া। তাৰ মাজতে পোহৰলৈ আহিছে আফ্ৰিদীৰ এনে ভাৰত বিদ্বেষৰ আঁৰৰ এক বিশেষ কাৰণ।

ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমশঃ অধিক বৃদ্ধি পাইছে তিক্ততাপূৰ্ণ সম্পৰ্ক। কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে দুয়োখন দেশৰ মাজত সংঘাত ক্ৰমাৎ বৃদ্ধি পাইছে। এই ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰত চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছতে পাকিস্তানৰ পক্ষৰ পৰাও নানা মন্তব্য প্ৰকাশ পোৱা দেখা গৈছে। দেশখনত নেতাৰ পৰা আৰম্ভ কৰি ক্ৰিকেটাৰলৈকে ভাৰতৰ বিপক্ষে উচতিনিমূলক বক্তব্য কৰা দেখা গৈছে। পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীয়েও শেহতীয়া সময়ছোৱাত নানা মন্তব্যৰে চৰ্চালৈ আহিছে।
ভাৰতৰ বিৰুদ্ধে আাফ্ৰিদীৰ তীৰ্যক মন্তব্য কোনো নতুন কথা নহয়। প্ৰায়ে তেওঁ দুয়ো দেশৰ মাজৰ সম্পৰ্কৰ বিষয়ত মন্তব্য কৰা পৰিলক্ষিত হয়। এতিয়া পহলগাম আক্ৰমণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতময় পৰিস্থিতিৰ মাজতো দেখা গৈছে আফ্ৰিদীৰ প্ৰতিক্ৰিয়া। তাৰ মাজতে পোহৰলৈ আহিছে আফ্ৰিদীৰ এনে ভাৰত বিদ্বেষৰ আঁৰৰ এক বিশেষ কাৰণ। খবৰ অনুসৰি ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী, চমুকৈ BSFৰ হাতত নিহত হৈছিল আফ্ৰিদীৰ এগৰাকী ভাতৃ।
২০০৩ চনত আফ্ৰিদীৰ এগৰাকী ভাতৃক খেদি খেদি বি এছ এফৰ জোৱানে গুলীয়াই হত্যা কৰিছিল বুলি দাবী কৰা হৈছে। এই ২২ বছৰ পুৰণি ঘটনাটোৰ বাবেই আফ্ৰিদীৰ মনত ভাৰতৰ প্ৰতি ঘৃণাৰ ভাৱ থকা বুলি অনুমান কৰা হৈছে। শেহতীয়াকৈ আফ্ৰিদীয়ে আনকি ভাৰতে সন্ত্ৰাসবাদ সমৰ্থন কৰা বুলিও অভিযোগ উত্থাপন কৰিছিল। তেওঁৰ মতে ভাৰতে নিজেই সন্ত্ৰাসবাদ সমৰ্থন কৰে, কিন্তু দোষাৰোপ কৰে পাকিস্তানক।
উল্লেখ্য যে ২০০৩ চনত বি এছ এফৰ গুলীত নিহত হোৱা যিগৰাকী সন্ত্ৰাসবাদী সদস্যক শ্বাহিদ আফ্ৰিদীৰ ভাতৃ বুলি দাবী কৰা হৈছে, তেওঁৰ নাম আছিল চাকিব। অনন্তনাগত সন্ত্ৰাসবাদীৰ সৈতে হোৱা মুখামুখিত চাকিব নিহত হৈছিল। জানিব পৰা মতে চাকিব পূৰ্বে হৰকত-উল-আনছাৰৰ বেটেলিয়ন কমাণ্ডাৰ আছিল। ভাৰতৰ ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী হাফিজ ছঈদৰ সৈতেও চাকিবৰ সম্পৰ্ক আছিল বুলি জানিব পৰা গৈছিল।
চাকিবৰ মৃতদেহ জিম্মাত লোৱাৰ পিছত উদ্ধাৰ হোৱা নথি-পত্ৰৰ ভিত্তিত বি এছ এফে পাকিস্তানী ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীৰ সৈতে তেওঁৰ সম্পৰ্ক থকা বুলি প্ৰকাশ কৰিছিল। অৱশ্যে চাকিবৰ সৈতে সম্পৰ্কৰ কথা নাকচ কৰিছিল শ্বাহিদ আফ্ৰিদীয়ে। চাকিব নামৰ তেওঁৰ কোনো ভাতৃ নাই বুলি আফ্ৰিদীয়ে দাবী কৰিছিল। উল্লেখ্য যে চাকিব পেছাৱৰৰ বাসিন্দা আছিল আৰু মৃত্যুৰ ডেৰ বছৰ পূৰ্বলৈকে তেওঁ অনন্তনাগ অঞ্চলত সন্ত্ৰাসবাদী কাৰ্যকলাপত ভূমিকা লৈছিল।