TV9 ASSAM
ভাল টোপনিয়ে এটা সুস্থ জীৱন দিয়ে। কিন্তু আজিকালি প্ৰায়ভাগে টোপনিৰ সমস্যাত ভোগা দেখা যায়। নিশা টোপনি নহাটোক অনিদ্ৰা বা ইন্সোমনিয়া বুলি কোৱা হয়। টোপনি নহা বহু বেমাৰৰ লক্ষণ।
অৱসাদ, চিন্তা, পোষ্ট ট্ৰোমেটিতক ষ্ট্ৰেছ ডিছৰডাৰ (PTSD) আদিৰ ফলত নিশা আপোনাৰ টোপনি নাহিব পাৰে। যদি আপোনাৰ বেছিকৈ চিন্তা কৰাৰ সমস্যা আছে, মানসিক সমস্যা আছে তেন্তে টোপনি নাহিব পাৰে।
হৃদ ৰোগ, মধুমেহ, এজমা, থাইৰয়ড, এচিড ৰিফ্লেক্স, পাৰ্কিচঞ্চ ৰোগ আদিৰ ফলত টোপনিৰ সমস্যা আহিব পাৰে। গতিকে এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল। টোপনিয়ে ভাল স্বাস্থ্যত অৰিহনা যোগায়।
কিছুমান বিশেষ ঔষধৰ ফলত টোপনি নাহিব পাৰে। ৰক্তচাপৰ ঔষধ, অৱসাদৰোধী ঔষধ, অন্য কিছুমান ঔষধৰ ফলত নিশা টোপনি নাহিব পাৰে। যাৰ প্ৰভাৱ শৰীৰ আৰু মনত পৰে।
যিসকল লোকে বেছিকৈ কেফিন বা সুৰাপান কৰে সেইসকলৰ টোপনিত বাধা আহিব পাৰে। গতিকে, কফি, সুৰা, চিগাৰেট আদিয়ে টোপনিত প্ৰভাৱ পেলায়। এই ক্ষেত্ৰত সাৱধান হোৱা দৰকাৰ।
স্লিপ এপনিয়া আৰু ৰেস্তলেছ লেগ চিণ্ড্ৰোম আদিও অনিদ্ৰাৰ কাৰণ হ'ব পাৰে। কিন্তু ভাল স্বাস্থ্যৰ বাবে ভাল টোপনি প্ৰয়োজনীয়। যাৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।
যদি আপুনি দীৰ্ঘদিন ধৰি টোপনিৰ সমস্যাত ভুগি আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ। কিয়নো ইয়াৰ ফলত আপোনাৰ অন্য ৰোগ হ'ব পাৰে। লগতে শাৰীৰিক আৰু মানসিক স্বাস্থ্য প্ৰভাৱিত কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক