CRPF Dismissed News: পাকিস্তানী যুৱতীক গোপনে বিয়া কৰি চাকৰি হেৰুৱালে এজন CRPF জোৱানে
পাকিস্তানী যুৱতীৰে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি বিপদ পৰিছে এগৰাকী ভাৰতীয় অৰ্ধসামৰিক বাহিনীৰ জোৱান । আনকি চাকিৰৰ পৰাও বৰ্খাস্ত কৰা হৈছে জোৱানজনক । উল্লেখ্য যে, দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়লৈ উঠিছিল অনলাইনত ।
পাকিস্তানী যুৱতীৰে গোপন বিবাহ ! পাকিস্তানী যুৱতীৰে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি বিপদ পৰিছে এগৰাকী ভাৰতীয় অৰ্ধসামৰিক বাহিনীৰ জোৱান । আনকি চাকিৰৰ পৰাও বৰ্খাস্ত কৰা হৈছে জোৱানজনক । উল্লেখ্য যে, দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়লৈ উঠিছিল অনলাইনত । সেনাৰ সূত্ৰ অনুসৰি, চি আৰ পি এফ জোৱানজনৰ নাম মুনীৰ আহমেদ। জম্মু-কাশ্মীৰত কৰ্তব্যৰত হৈ আছিল জোৱানজন । ইফালে পাকিস্তানী যুৱতীগৰাকীৰ নাম হৈছে-মিনাল খান । পাকিস্তানী যুৱতীগৰাকীৰ সৈতে গোপনে বিবাহপাশত আবদ্ধ হৈছিল জোৱানজন ।
জানিব পৰা মতে, ভাৰতীয় জোৱান মুনীৰ আৰু পাকিস্তানী যুৱতী মিনালৰ মাজত যোৱা বছৰ ছ’চিয়েল মিডিয়াত হোৱা বাৰ্তালাপৰ অন্তত এক প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। ইয়াৰ পাছত বিবাহ পৰ্যায়লৈকে গতি কৰিছিল তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক । এই সকলোবোৰ ঘটিছিল অনলাইনত।
Latest Videos