আদানীৰ সতৰ্কবাণীৰ পাছতে বিপথে পৰিচালিত বাংলাদেশ আহিছে সঠিক পথলৈ…
আদানীৰ সতৰ্কবাণীৰ পাছতে সঠিক পথলৈ আহিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। উল্লেখ্য যে, আদানীৰ কোম্পানীৰ পৰা বাংলাদেশে বিদ্যুত লাভ কৰে। পিছে কোটি কোটি টকা বাংলাদেশে আদানীক দিব আছে।
বিপথে পৰিচালিত বাংলাদেশক সঠিক পথত লৈ আনিছে আদানীয়ে । ভাৰতীয় কোম্পানীৰ বিদ্যুতৰেৰে পোহৰ হৈ আছে বাংলাদেশ। পিছে মহম্মদ ইউনুছ চৰকাৰে বিল পৰিশোধ কৰিব পৰা নাই গৌতম আদানীৰ। বাংলাদেশে বিদ্যুতৰ নামত আদানীক দিব আছে কোটি কোটি টকা। ইয়াৰ মাজতে আদানী পাৱাৰৰ চিএফঅ’ দিলীপ ঝানে কয় যে এইবাৰ তেওঁলোকে লাহে লাহে টকা দি আছে।
উল্লেখ্য যে, যোৱা বছৰ গৌতম আদানীৰ কোম্পানীয়ে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক বিদ্যুতৰ ধন পৰিশোধ কৰাৰ ক্ষেত্ৰত সতৰ্কবাণী দিছিল। তেওঁলোকে স্পষ্টকৈ কৈছিল যে বাংলাদেশে অতি লাহে লাহে ধন পৰিশোধ কৰি আছে। যদিহে ধন সম্পূর্ণকৈ নিদিয়ে তেন্তে বিদ্যুৎ সেৱাও কৰ্তন হ’ব পাৰে।
Latest Videos