পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ ১ ছেকেণ্ড পূৰ্বে জিপ লাইন অপাৰেটৰে কিয় কৈছিল ‘আল্লাহ-হু-আকবৰ’?
জিপ লাইন অপাৰেটৰ মুজাম্মিলে NIA ক জনাইছে যে, এয়া তেওঁৰ স্বাভাৱিক প্ৰতিক্ৰিয়া। যেনেকৈ বহুতে “অ’ গড” বা “অ’ মাই গড” বুলি কয়, তেনেকৈয়ে তলত গুলীৰ শব্দ শুনি “আল্লাহ-হু-আকবৰ” বুলি কৈছিল।
জিপ লাইনত উঠি গৈ থকা অৱস্থাত বৈছাৰণত সংঘটিত হয় সন্ত্ৰাসবাদী আক্ৰমণ। লোকজনে নিজৰ ফোনত এটা ভিডিঅ’ ৰেকৰ্ডিং কৰি আছিল, য’ত জিপ লাইন অপাৰেটৰজনে গুলীচালনাৰ মাত্ৰ এক চেকেণ্ড পূৰ্বে তিনিবাৰকৈ ‘আল্লাহ আকবৰ’ বুলি কৈছে। ভাইৰেল ভিডিঅ’ পোহৰলৈ অহাৰ লগে লগে মঙলবাৰে NIA এ জিপ লাইন অপাৰেটৰক মাতি আনে।
জিপ লাইন অপাৰেটৰ মুজাম্মিলে NIA ক জনাইছে যে, এয়া তেওঁৰ স্বাভাৱিক প্ৰতিক্ৰিয়া। যেনেকৈ বহুতে “অ’ গড” বা “অ’ মাই গড” বুলি কয়, তেনেকৈয়ে তলত গুলীৰ শব্দ শুনি “আল্লাহ-হু-আকবৰ” বুলি কৈছিল।
মুজাম্মিলে NIAক জনোৱা মতে, সন্ত্ৰাসবাদী আক্ৰমণ দেখি তেওঁ ইমানেই ভয় খাইছিল যে তেওঁ পোনে পোনে ঘৰলৈ গৈছিল। গোটেই দিনটো ভয়ত আছিল। কাৰো লগত কথা নাপাতিলে। দুপৰীয়া বন্ধু এজনক ফোন কৰি গোটেই ঘটনাটো ব্যক্ত কৰে।
কিন্তু তলত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰা দেখিও জিপ লাইনত উঠি অহা ঋষি ভাট নামৰ ব্যক্তিজনে কিয় তললৈ ঠেলি দিছিল বুলি প্ৰশ্ন উত্থাপন কৰিছিল NIA ৰ বিষয়াসকলে। মুজাম্মিলে এই প্ৰশ্নৰ ভাল উত্তৰ নিদিলে।
এতিয়াৰ বাবে NIA য়ে মুজাম্মিলক ক্লিন চিট দিছে। পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জিপ লাইন অপাৰেটৰটোৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই।