শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ড্ৰাগছ লৈছিল কেগিছো ৰাবাডাই! আই পি এলৰ মাজতে ৰাবাডাক কৰা হ’ল নিলম্বন

আই পি এল ২০২৫ত মাত্ৰ দুখন মেচ খেলিয়েই গুজৰাট টাইটানছৰ গুৰুত্বপূৰ্ণ সদস্য কেগিছো ৰাবাডা নিজ দেশ দক্ষিণ আফ্ৰিকালৈ উভতিছিল। এই সন্দৰ্ভত অৱশেষত নিজৰ মৌনতা ভংগ কৰিছে তাৰকা পেচাৰগৰাকীয়ে। পিছে ৰাবাডাই স্বদেশলৈ ঘূৰি যোৱাৰ আঁৰৰ কাৰণ হিচাপে যি কথা প্ৰকাশ কৰিছে, সেই কথাইহে এতিয়া আচৰিত কৰি তুলিছে অনুৰাগীক।

ড্ৰাগছ লৈছিল কেগিছো ৰাবাডাই! আই পি এলৰ মাজতে ৰাবাডাক কৰা হ’ল নিলম্বন
নিলম্বিত কেগিছো ৰাবাডাImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 04 May 2025 00:12 AM

চলিত আই পি এলৰ মাজতে গুজৰাট টাইটানছৰ গুৰুত্বপূৰ্ণ সদস্য তথা দক্ষিণ আফ্ৰিকাৰ তাৰকা পেচাৰ কেগিছো ৰাবাডা আকস্মিকভাৱে ঘূৰি গৈছিল স্বদেশলৈ। ইয়াৰ পিছৰ পৰা তাৰকাগৰাকীক দেখা পোৱা নাই প্ৰতিযোগিতাৰ এখনো মেচত। এনে পৰিস্থিতিত ৰাবাডাৰ স্থিতি সন্দৰ্ভত অনুৰাগীৰ মাজত ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছিল। এই সন্দৰ্ভত অৱশেষত নিজৰ মৌনতা ভংগ কৰিছে তাৰকা পেচাৰগৰাকীয়ে। পিছে ৰাবাডাই স্বদেশলৈ ঘূৰি যোৱাৰ আঁৰৰ কাৰণ হিচাপে যি কথা প্ৰকাশ কৰিছে, সেই কথাইহে এতিয়া আচৰিত কৰি তুলিছে অনুৰাগীক।

ৰাবাডাই প্ৰকাশ কৰা মতে, ড’প টেষ্টত ব্যৰ্থ হোৱাৰ বাবে তেওঁ আই পি এল এৰি নিজ দেশ দক্ষিণ আফ্ৰিকালৈ উভতি যাবলগীয়া হয়। নিজৰ ভুল স্বীকাৰ কৰি ইতিমধ্যে তেওঁ এক বিবৃতি প্ৰকাশ কৰিছে। লক্ষণীয়ভাৱে গুজৰাট টাইটানছে নিলামত ১০.৭৫ কোটি টকাৰ বৃহৎ মূল্যত ৰাবাদাক ক্ৰয় কৰিছিল। কিন্তু ছিজনত মাত্ৰ ২খন মেচ খেলিয়ে হঠাৎ ২ এপ্ৰিলত ৰাবাডা নিজ দেশলৈ উভতিছিল। ব্যক্তিগত কাৰণত তেওঁ দেশলৈ ঘূৰি যোৱা বুলি প্ৰতিবেদন প্ৰকাশ পাইছিল।

আজি দক্ষিণ আফ্ৰিকান ক্ৰিকেটাৰ্ছ এছ’চিয়েশ্যনৰ উদ্ধৃতিৰে এক বিবৃতি প্ৰকাশ কৰি ৰাবাডাই কয় যে তেওঁৰ ড্ৰাগছ টেষ্টৰ ৰিপ’ৰ্ট পজিটিভ অহাৰ বাবে আইপিএলৰ পৰা হঠাতে উভতি আহিবলগীয়া হৈছে। ৰাবাডাই লগতে বৰ্তমান তেওঁক সাময়িকভাৱে নিলম্বিত কৰা হৈছে বুলিও সদৰী কৰে। ই এছ পি এন-ক্ৰিচিনফ’ৰ প্ৰতিবেদন অনুসৰি, ৰাবাডাই জানুৱাৰী-ফেব্ৰুৱাৰী মাহত খেলা চাউথ আফ্ৰিকা ২০ লীগৰ সময়ত এক ঔষধ ব্যৱহাৰ কৰিছিল।

দক্ষিণ আফ্ৰিকাৰ তাৰকা পেচাৰগৰাকীয়ে লগতে কয় যে বৰ্তমান তেওঁক সাময়িকভাৱে নিলম্বিত কৰা হৈছে আৰু তেওঁ ক্ৰিকেট খেলপথাৰলৈ ঘূৰি আহিবলৈ আগ্ৰহী। ৰাবাডাই এই পৰিস্থিতিৰ সময়ত চাউথ আফ্ৰিকা ক্ৰিকেট, গুজৰাট টাইটানছ, তেওঁৰ এজেণ্ট আৰু আইনী উপদেষ্টাসকলক সহায়ৰ আগবঢ়োৱাৰ বাবে ধন্যবাদ জনায়। এই ভুলে তেওঁৰ কেৰিয়াৰৰ অন্ত পেলাব নোৱাৰে বুলি দৃঢ়তা প্ৰদৰ্শন কৰি ৰাবাডাই লগতে তেওঁ আগবাঢ়ি যোৱাৰ বাবে পূৰ্বতকৈ অধিক কষ্ট কৰিব বুলিও স্পষ্ট কৰি দিয়ে।

প্ৰতিবেদন অনুসৰি ৰাবাডাই ৰিক্ৰিয়েশ্যনেল ড্ৰাগছ গ্ৰহণ কৰা বুলি তথ্য পোৱা গৈছে। এনে ড্ৰাগছ সেৱনৰ বাবে খেলুৱৈসকলক কেইবাবছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হ’ব পাৰে। কেইবছৰমান পূৰ্বে ইংলেণ্ডৰ প্ৰাক্তন খেলুৱৈ এলেক্স হেলছকো একেধৰণৰ ড্ৰাগছ সেৱন কৰাৰ অভিযোগত নিলম্বিত কৰা হৈছিল।