শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
নিটিকিব শত্ৰুৰ শক্তিঃ ২৬ মহাশক্তিধৰ যুঁজাৰুৰে শক্তিশালী হ’ব নৌসেনা

নিটিকিব শত্ৰুৰ শক্তিঃ ২৬ মহাশক্তিধৰ যুঁজাৰুৰে শক্তিশালী হ’ব নৌসেনা

Monjit Dutta
Monjit Dutta | Updated On: 03 May 2025 23:10 PM

ভাৰতীয় নৌসেনাই বৃদ্ধি কৰিছে নিজৰ শক্তি। ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত হোৱাৰ দিশে ২৬ মহাশক্তিধৰ যুঁজাৰু। ইতিমধ্যে এই ২৬ যুঁজাৰুৰ বাচনি সম্পূৰ্ণ হৈছে। আগন্তুক কেইটামান বৰ্ষত এই ২৬ যুঁজাৰুক ভাৰতীয় নৌসেনাত দেখিবলৈ পোৱা যাব।

পহলগ্ৰাম আক্ৰমণৰ পিছত সমগ্ৰ দেশত এতিয়াও দেখা গৈছে এক ক্ষোভৰ পৰিৱেশ। এই ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ এক কথাত ভাৰতৰ শক্তি আৰু নিৰাপত্তাৰ প্ৰতিও চূড়ান্ত অপমান হিচাপে বিবেচিত হৈছে। তেনে সময়তে ভাৰতীয় নৌসেনাই বৃদ্ধি কৰিছে নিজৰ শক্তি। ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত হোৱাৰ দিশে ২৬ মহাশক্তিধৰ যুঁজাৰু। ইতিমধ্যে এই ২৬ যুঁজাৰুৰ বাচনি সম্পূৰ্ণ হৈছে। আগন্তুক কেইটামান বৰ্ষত এই ২৬ যুঁজাৰুক ভাৰতীয় নৌসেনাত দেখিবলৈ পোৱা যাব।

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন মন্ত্ৰীসভাই চলিত মাহৰ আৰম্ভণিতে প্ৰতিৰক্ষা চুক্তিত অনুমোদন জনাইছিল। এই চুক্তি মৰ্মে যোৱা সোমবাৰে নতুন দিল্লীয়ে ফ্ৰান্সৰ সৈতে মুঠ ৬৩ হাজাৰ কোটি টকাৰ ৰাফেল চুক্তি স্বাক্ষৰ কৰে। অনন্য শক্তিৰে ক্ষমতাশালী ৰাফেলে আগন্তুক সময়ত নৌসেনাৰ শক্তি বহুলাংশে বৃদ্ধি কৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।