TV9 ASSAM
IPL ২০২৫ত শক্তিশালী প্ৰত্যাৱৰ্তন ঘটাই প্লে’ অফৰ কাষ চাপিছে মুম্বাই ইণ্ডিয়ানছ। যশপ্ৰীত বুমৰাহে দলত যোগ দিয়াৰ পিছতে যেন শক্তি বৃদ্ধি পাইছে দলটোৰ।
আই পি এলৰ মাজতে বুমৰাহে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত ডেটিঙৰ ফটো শ্বেয়াৰ কৰিছে। এই ফটোখন এতিয়া যথেষ্ট ভাইৰেল হৈ পৰিছে।
অৱশ্যে বুমৰাহৰ ডেটিঙৰ সংগী আন কোনো নহয়। পত্নী সঞ্জনা গণেশনৰ সৈতেই ডেটত গৈছিল বুমৰাহ। ডেটিঙৰ ফটো তেওঁ ইনষ্টাগ্ৰামতো শ্বেয়াৰ কৰে।
বুমৰাহে সঞ্জনা গণেশনৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি লিখিছে, ‘মম এণ্ড ডেড সুশি ডেট’। এই ফটোখনত দম্পতীহালক যথেষ্ট আনন্দিত দেখা গৈছে।
শেহতীয়াকৈ সঞ্জনাই দখল কৰিছিল বাতৰিৰ শিৰোনাম। মুম্বাইৰ এখন খেলৰ সময়ত পুত্ৰৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছিল সঞ্জনাই।
এই ছিজনত যশপ্ৰীত বুমৰাহে এতিয়ালৈকে ৭খন মেচত ১১টা উইকেট দখল কৰিছে। এই সময়ছোৱাত তেওঁৰ ইক’নমি ৰেট মাত্ৰ ৬.৯৬।
পঢ়িবলৈ ক্লিক কৰক
নৰসিংহ পাতৰ আছে এনে উপকাৰিতা