য়শ দয়ালৰ সফলতাৰ আঁৰত কি ভূমিকা কোহলীৰ! নিজ মুখে ক’লে দয়ালৰ পিতৃয়ে…
চেন্নাইৰ বিপক্ষে কালি আৰচিবিৰ জয়ত য়শ দয়ালে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এই দয়ালেই এসময়ত অন্তিম অভাৰত ৫টাকৈ ছয় দি ক্ৰিকেটপ্ৰেমীৰ নিন্দাৰ সন্মুখীন হোৱাৰ সমান্তৰালকৈ নিজেও হতাশাত ভুগিবলগা হৈছিল। এনে পৰিস্থিতিৰ পৰা ওলাই নিজকে সফল ৰূপত তুলি ধৰাৰ ক্ষেত্ৰত দয়ালৰ আঁৰত আছে কোহলীৰ গুৰুত্বপূৰ্ণ ভূমিকা।

শনিবাৰে আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু চেন্নাই চুপাৰ কিংছৰ মাজত এক ৰোমাঞ্চকৰ যুঁজৰ সাক্ষী হ’ল ক্ৰিকেটপ্ৰেমী। চেন্নাইক মাত্ৰ ২ ৰানৰ ব্যৱধানত পৰাস্ত কৰি আৰচিবিয়ে প্লে’ অফৰ দিশত আৰু এখোজ আগবাঢ়ে। মেচখনত আৰচিবিৰ পেচাৰ য়শ দয়ালে পুনৰাবৃত্তি ঘটালে অতীতৰ। পুনৰ এবাৰ দেখা পোৱা গ’ল আই পি এল ২০২৪ৰ আভাস। বিগত ছিজনৰ আই পি এলত তেওঁ চেন্নাইৰ বিপক্ষে চিন্নাস্বামী ষ্টেডিয়ামতে অন্তিম অভাৰৰ চমকেৰে আৰচিবিক এক ৰোমাঞ্চকৰ জয়ৰ সোৱাদ দিছিল।
২০২৪ চনৰ আই পি এলত দয়ালে অন্তিম অভাৰত ১৭ ৰান ৰক্ষা কৰি দললৈ জয় কঢ়িয়াই আনিছিল। এইবাৰ চেন্নাইৰ বিপক্ষেই দয়ালে অন্তিম অভাৰত ১৫ ৰান ৰক্ষা কৰি ২৪’ৰ এই প্ৰদৰ্শনৰ পুনৰাবৃত্তি কৰে। লক্ষণীয়ভাৱে এই দয়ালেই এসময়ত অন্তিম অভাৰত ৫টাকৈ ছয় দি ক্ৰিকেটপ্ৰেমীৰ নিন্দাৰ সন্মুখীন হোৱাৰ সমান্তৰালকৈ নিজেও হতাশাত ভুগিবলগা হৈছিল। কিন্তু এই পৰিস্থিতিৰ পৰা নিজকে উলিয়াই আনি দয়ালে এতিয়া প্ৰমাণ কৰিছে নিজৰ দক্ষতা।
এতিয়া জানিব পৰা গৈছে য়শ দয়ালৰ উত্থানৰ আঁৰৰ এক কাৰক। পোহৰলৈ অহা মতে দয়ালৰ এই উত্থানত বিৰাট কোহলীৰ গুৰুত্বপূৰ্ণ অৱদান আছে। এই কথা দয়ালৰ পিতৃয়ে নিজেই প্ৰকাশ কৰিছে। যশ দয়ালৰ প্ৰদৰ্শন সন্দৰ্ভত তেওঁৰ পিতৃ চন্দ্ৰপাল দয়ালে কয় যে বিৰাট কোহলীৰ বাবেই তেওঁ আজি মুক্তভাৱে খেলিব পাৰিছে আৰু দলটোক জয়ী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।
চন্দ্ৰপাল দয়ালে প্ৰকাশ কৰা মতে তেওঁৰ পুত্ৰ দয়ালে আৰচিবিত যোগদান কৰাৰ পিছৰে পৰা বিৰাট কোহলীয়ে দয়ালৰ সৈতে প্ৰায়ে কথা পাতে। কোহলীয়ে প্ৰায়ে দয়ালক নিজৰ ৰুমলৈ মাতি নি বা বহুবাৰ নিজেই দয়ালৰ ৰুমলৈ গৈ ক্ৰিকেট সম্পৰ্কে কথা পাতে। কোহলীয়ে দয়ালক সমৰ্থন দি কষ্ট কৰি যাবলৈ আৰু চিন্তিত হোৱাতকৈ কঠোৰ পৰিশ্ৰম কৰি ভুলৰ পৰা শিকি আগুৱাই যাবলৈ পৰামৰ্শ দিয়া বুলি দয়ালৰ পিতৃয়ে উল্লেখ কৰে।
যশ দয়ালৰ পিতৃয়ে কয়, “বিৰাতে তেওঁক যথেষ্ট স্বাধীনতা দিছে আৰু তেওঁক নিৰ্ভীক ক্ৰিকেটাৰ কৰি তুলিছে। বহু ক্ৰিকেটাৰ, বিশেষকৈ বলাৰ হতাশাত ভাঙি পৰা দেখিছো। কিন্তু বিৰাটে তেওঁলোকক নিজৰ প্ৰচেষ্টাৰে জোৰ দিছে।” উল্লেখ্য যে ২০২৩ চনত যশ দয়ালে গুজৰাট টাইটানছৰ হৈ আই পি এলত অংশ লৈছিল। ছিজনটোৰ এখন মেচত দয়ালে কৰা অন্তিম অভাৰত ৰিংকু সিঙে পাঁচটা ছয় কোবাইছিল।
কিন্তু আই পি এল ২০২৪ ছিজনত আৰচিবিৰ বিপক্ষে খেলি চেন্নাইৰ বিৰুদ্ধে অন্তিম অভাৰত ১৭ ৰান ৰক্ষা কৰি নায়ক হৈ পৰে। যোৱা দুবছৰত ক্ৰিকেটাৰ হিচাপে তেওঁ যথেষ্ট উত্থান পৰিলক্ষিত হৈছে। পূৰ্বতকৈ অধিক বুদ্ধিমান, নিয়ন্ত্ৰিত হোৱাৰ উপৰিও চাপত প্ৰদৰ্শন দাঙি ধৰাতো তেওঁ পাকৈত হৈ পৰিছে। তেওঁ দুটা ছিজন ধৰি বাংগালুৰুৰ মূল বলাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। দয়ালৰ এই বিকশিত ৰূপত কোহলীৰ গুৰুত্বপূৰ্ণ অৱদান আছে।