শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
নিৰ্বাচন

নিৰ্বাচন

নিৰ্বাচন গণতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া, যাৰ জৰিয়তে ৰাইজে প্ৰতিনিধি বাছনি কৰে। নিৰ্বাচনৰ জৰিয়তেহে আধুনিক গণতন্ত্ৰৰ মানুহে বিধায়িনী দলত (আৰু কেতিয়াবা ন্যায়পালিকা আৰু কাৰ্যপালিকা) ভিন্ন পদবী গ্ৰহণ কৰিবলৈ ব্যক্তিক বাছি লয়।

ভাৰতীয় গণতন্ত্ৰত বিভিন্ন স্তৰৰ নিৰ্বাচনী প্ৰক্ৰিয়া আছে যদিও মূলতঃ সংবিধানত সমগ্ৰ দেশৰ বাবে এখন লোকসভা আৰু বিভিন্ন ৰাজ্যৰ বাবে পৃথক বিধানসভাৰ ব্যৱস্থা আছে।

ভাৰতীয় সংবিধানৰ ১৫ নং খণ্ডত ৩২৪ নং অনুচ্ছেদৰ পৰা ৩২৯ নং অনুচ্ছেদলৈকে নিৰ্বাচনৰ বিষয়ে ব্যাখ্যা কৰা হৈছে।৩২৪ নং অনুচ্ছেদত উল্লেখ আছে যে নিৰ্বাচনৰ অধীক্ষকতা, নিৰ্দেশনা আৰু নিয়ন্ত্ৰণ নিৰ্বাচন আয়োগৰ ওপৰত ন্যস্ত।

দেশৰ সকলো নিৰ্বাচন নিৰ্বাচন আয়োগে অনুষ্ঠিত কৰে। গণতান্ত্ৰিক দেশ এখনৰ বাবে নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ। নিৰ্বাচনে ৰাইজক জনপ্ৰতিনিধি বাছনি কৰাৰ সুযোগ দিয়ে আৰু নিৰ্বাচিত হোৱা জনপ্ৰতিনিধিয়ে দেশৰ উন্নতিত অৱদান আগবঢ়ায়।

Read More

মিত্ৰতাৰ বাবে অনিচ্ছুক গৌৰৱ গগৈ, AIUDF ৰ বিধায়ক ৰফিকুল ইছলামে ক’লে কংগ্ৰেছত ৰাজনৈতিক নৈতিকতাৰ অভাৱ

AIUDF ৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৰফিকুল ইছলামে মঙলবাৰে কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ বিৰোধী গোট গঢ়ি তোলাত ব্যৰ্থ হোৱা বুলি সমালোচনা কৰি কয় যে দলটোত মিত্ৰতা অটুট ৰাখিবলৈ প্ৰয়োজনীয় ৰাজনৈতিক নৈতিকতাৰ অভাৱ।

সমুখত বহু কেইটা প্ৰত্যাহ্বান, নিৰ্বাচনমুখী চাৰি ৰাজ্যত দুৰ্বল বিজেপিৰ স্থিতি, কেনেকৈ মোকাবিলা কৰিব নীতিন নবীনে?

দলৰ মুৰব্বী হিচাপে নবীনে আৰম্ভণিৰে পৰাই অসংখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব, য’ত পশ্চিম বংগৰ উপৰিও কেৰালা, পুডুচেৰী, তামিলনাডু, অসমৰ দৰে ৰাজ্যৰ নিৰ্বাচনো অন্তৰ্ভুক্ত। উল্লেখযোগ্য যে অসমৰ বাহিৰে বাকী ৰাজ্যসমূহত বিজেপিয়ে নিজাববীয়াকৈ ক্ষমতালৈ আহিব পৰা নাই ৷

আজমলৰ মিত্ৰতাকৰ প্ৰস্তাৱ প্ৰত্যাখ্যান গৌৰৱ গগৈৰ, কংগ্ৰেছে কিয় মিত্ৰ হিচাপে বিচৰা নাই AIUDF ক?

অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে AIUDF ৰ মুৰব্বী তথা ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ প্ৰস্তাৱ দিছিল। কিন্তু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে স্পষ্ট কৰি দিয়ে যে তেওঁৰ দলে আগন্তুক বিধানসভা নিৰ্বাচনত বদৰুদ্দিন আজমলৰ AIUDF ৰ সৈতে কোনো ধৰণৰ নিৰ্বাচনী মিত্ৰতা নকৰে।

দিল্লীত ৰচনা হ’ল অসম কংগ্ৰেছৰ নিৰ্বাচনী ৰণকৌশল, কি বেহু ৰচিলে খৰ্গে-ৰাহুল গান্ধীয়ে!

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শীৰ্ষ নেতৃত্বৰ সৈতে হোৱা এই আলোচনাত মূলতঃ আগন্তুক বিধানসভা নিৰ্বাচনত দলটোৰ নিৰ্বাচনী প্ৰস্তুতি আৰু ৰণকৌশল সন্দৰ্ভত আলোচনা কৰা হয় বুলি অনুমান কৰা হৈছে।

আমছুৰ প্ৰাক্তন সভাপতিসহ কেইবাজনৰো কংগ্ৰেছত যোগদান, দললৈ আদৰণি গৌৰৱ গগৈৰ…

Congress: আজি গুৱাহাটীত অনুষ্ঠিত হয় কংগ্ৰেছৰ যোগদান কাৰ্যসূচী। য'ত কেইবাজনো ব্যক্তিয়ে দলটোত যোগদান কৰে। এই লোকসকলক দলীয় গলবস্ত্ৰ পিন্ধাই দললৈ আদৰণি জনাই সাংসদ গৌৰৱ গগৈয়ে।

ভোটাৰ তালিকাই প্ৰকাশ হোৱা নাই, ভোট চুৰি কেনেকৈ হ’ব? কংগ্ৰেছৰ যুক্তি বুজি পোৱা নাই মুখ্যমন্ত্ৰীয়ে!

মুখ্যমন্ত্রীয়ে স্পষ্ট কৰি দিয়ে যে বিজেপিৰ ৰাজ্যিক সভাপতিয়ে কেৱল বুথ লেভেল এজেণ্ট (বিএলএ)ক নিৰ্দেশ দিছে যে অযোগ্য ভোটাৰৰ নাম বাদ দি আৰু যোগ্য ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰি নিৰ্বাচনী তালিকা সঠিক হোৱাটো নিশ্চিত কৰিব লাগে।

Assam BJP: সাজু বিজেপি! ২৬’ৰ বাবে কোনে লাভ কৰিব কি সমষ্টিৰ টিকট? মুখ্যমন্ত্ৰীৰ ঘোষণা…

Assam Assembly Election: মাজত মাত্ৰ কেইটামান দিন। সম্ভৱতঃ কিছুদিন পাছতেই ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ দিন। ইয়াকে লৈ ইতিমধ্যে প্ৰতিটো দল-সংগঠনে নিজা নিজা প্ৰস্তুতি চলাই গৈছে। পিছে কোনে পাব ক'ৰ পৰা টিকট?

অখিল গগৈৰ ভাষণ কেৱল মনোৰঞ্জনৰ বাবেহে, গুৰুত্বসহকাৰে ল’ব নালাগে! মুখ্য়মন্ত্ৰীৰ কটাক্ষ

বোকাখাতত এক ৰাজহুৱা সমাৱেশত ভাষণ দি মুখ্যমন্ত্রীয়ে কয় যে অখিল গগৈৰ ফেচবুক লাইভ ৰাইজে উপভোগ কৰে। দুখ হ’লে তেওঁৰ লাইভ চাব ৷ যেনেকৈ মানুহে কামৰ পাছত গান শুনি জিৰণি লয়, নিশা অখিল গগৈৰ প্রেছ মিট আৰু ফেচবুক লাইভ শুনিও সতেজতা লাভ কৰিব পাৰি ৷

আজিৰে পৰা ৰাজ্যজুৰি বিজেপিৰ দেৱাল লিখন অভিযান, শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে…

শুভাৰম্ভণিৰ অনুষ্ঠানৰ পিছতে সমগ্ৰ অসমতে বিজেপিৰ সাংসদ, মন্ত্ৰী, বিধায়ক, মৰ্চাৰ সভাপতি, জিলা সভাপতি, জিলা পৰিষদৰ সদস্য, মেয়ৰ, পৌৰসভাৰ অধ্যক্ষ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধিয়ে একেলগে দেৱাল লিখন অভিযান কাম-কাজ চলাই নিব।

২০২৬ ৰ বাবে কৌশলী মন্ত্ৰ লৈ আজি অসমলৈ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন

ৰাষ্ট্ৰীয় পদ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজ্যখন ভ্ৰমণ কৰা নবীনক লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দলীয় কৰ্মীসকলে সম্বৰ্ধনা জনায়। ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সাংগঠনিক বিষয়সমূহৰ মূল্যায়ন কৰা, নিৰ্বাচনী কৌশল আৰু নীতিৰ সন্দৰ্ভত বিতং আলোচনা কৰা হ’ব।

অৰুণাচল প্ৰদেশৰ নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়, কোনে কিমান আসন লাভ কৰিলে?

দেওবাৰে সন্ধিয়া ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিলে চূড়ান্ত ফলাফল। শনিবাৰে পঞ্চায়ত আৰু পৌৰসভা নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হয়। এছ ই চিৰ সম্পাদক তৰু তালোৱে কয় যে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা মাজ নিশালৈকে অব্যাহত থাকে।

২০২৬ৰ নিৰ্বাচনলৈ সাজু বিজেপি, অসমৰ বাবে নিৰ্বাচন তত্বাৱধায়ক নিয়োগ জেপি নাড্ডাৰ, কাক কাক কি দায়িত্ব?

আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে দলীয় তত্বাৱধায়ক আৰু সহকাৰী তত্বাৱধায়ক নিযুক্তি দিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সচিব অৰুণ সিঙৰ স্বাক্ষৰযুক্ত এক নিৰ্দেশনা পত্ৰত উল্লেখ কৰা হৈছে যে ২০২৬ চনত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ বাবে এগৰাকী তত্বাৱধায়ক আৰু দুগৰাকী সহকাৰী তত্বাৱধাক নিয়োগ কৰিছে জে পি নাড্ডাই।

কংগ্ৰেছৰ শাসনকালত ১১ বাৰ কৰা হৈছিল SIR, সংসদত ৰাহুল গান্ধী তথা কংগ্ৰেছক তুলাধুনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

ৰাহুল গান্ধীক আক্ৰমণ কৰি অমিত শ্বাহে কয়, "নিৰ্বাচন চুৰি হ'ল বুলি চিঞৰিছে। নিৰ্বাচন আয়োগলৈ কিয় নাযায়? আদালতলৈ কিয় নাযায়? ৰাজ্যসভাত ইমানবোৰ অধিবক্তা নিযুক্তি দিছে, গতিকে পৰামৰ্শ বিচৰা নাই কিয়?

নিৰ্বাচনৰ পূৰ্বে অসমত হ’ব SR, ২০২৬ চনৰ ১ জানুৱাৰী শেষ সীমা, জানক কি এই প্ৰক্ৰিয়া আৰু কি কৰিব লাগিব আপুনি?

অসমত অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বেই হ'ব ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ। SIR তকৈ এই প্ৰক্ৰিয়া কিছু পৃথক। ২০২৬ চনৰ ১ জানুৱাৰী হৈছে শেষ সীমা। জানি লওক সমগ্ৰ প্ৰক্ৰিয়া।

ৰাজনীতিয়ে সকলো কাঢ়িলে লালুৰ! প্ৰথমে হেৰুৱালে গাদী আৰু এতিয়া পুত্ৰ-কন্যাক…

বিহাৰ বিধানসভা নিৰ্বাচনত আৰজেডিয়ে চৰম বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু কেৱল ৰাজনীতিৰ ক্ষেত্ৰতেই নহয়, লালু প্ৰসাদ যাদৱৰ ব্যক্তিগত জীৱনতো আহে এক ডাঙৰ সমস্যা।