এঘন্টাতকৈ বেছি সময় ৰীল চালে কি হয় জানেনে?

4  May 2025

TV9 ASSAM

যুৱ প্ৰজন্মৰ পৰা বৃদ্ধলৈকে, আজিকালি সকলোৰে মাজত সামাজিক মাধ্যমৰ ব্যৱহাৰ বৃদ্ধি পাইছে। বিশেষকৈ ৰীল চাই চাই মানুহে ঘন্টাৰ পাছত ঘন্টা কটায়। কিন্তু বেছি ৰীল চালে আপোনাৰ শৰীৰ আৰু মনত কি প্ৰভাৱ পৰিব আপুনি জানেনে?

সামাজিক মাধ্যম

কম সময়ত বহু তথ্য লাভৰ ফলত ধ্যান, স্মৃতিশক্তি আৰু ধৈৰ্যৰ ওপৰত বেয়াকৈ প্ৰভাৱ পৰে। যদি আপুনি ১ ঘন্টাতকৈ বেছি ৰীল চাই তেন্তে আপোনাৰ কথাবোৰ মনত ৰখাত সমস্যা আহিব পাৰে। গতিকে ইয়াৰ পৰিমাণ কমাই দিয়া ভাল।

স্মৃতিশক্তি

যদি আপুনি বেছিকৈ ৰীল চাই তেন্তে কোনো এটা বস্তুত আপুনি ভালদৰে ফোকাচ কৰিব নোৱাৰা হয়। ৰীলত কম সময়তে বহু ভিডিঅ' চাব পাৰি, যাৰ বাবে কোনো এটা কাম কৰাত ফোকাচৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে।

ফোকাচ

অত্যাধিক ৰীল চোৱাৰ ফলত চকুত প্ৰভাৱ পৰিব পাৰে। ছেকেণ্ডৰ মূৰে মূৰে স্ক্ৰীণৰ ৰং সলনি হৈ থকাৰ ফলত চকুত বেয়াকৈ প্ৰভাৱ পৰে। ইয়াৰ ফলত দৃষ্টিশক্তি কম, চকু শেতা পৰা, জ্বলা-পোৰা আদি হোৱাৰ সম্ভাৱনা থাকে।

চকু

ৰীল চোৱাৰ ফলত মানুহে কেতিয়াবা চকু মুদিব পাহৰি যায়। যিয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে।  ইয়াৰোপৰি টোপনি নাহিব পাৰে। এক কথাত অনিদ্ৰা বা ইনচোমনিয়া হোৱাৰ সম্ভাৱনা অধিক থাকে। ইয়ে শাৰীৰিক, মানিসক স্বাস্থ্য প্ৰভাৱিত কৰিব পাৰে।

টোপনি নহা

সৰু সৰু ভিডিঅ'বোৰে মানুহৰ মনত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত নকৰাত্মক চিন্তা বৃদ্ধি পাব পাৰে। ৰীলত ভাল-বেয়া সকলো বস্তু পোৱা যায়। কিন্তু নকৰাত্মক বস্তুৰ ফলত আপোনাৰ মানসিক সমস্যা পৰ্যন্ত হ'ব পাৰে।

নকৰাত্মক চিন্তা

চকুক জিৰণি দি বা কম সময়ৰ বাবে ৰীল চোৱা ভাল। ৰীল বেছি আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত প্ৰভাৱ পৰে। শিশুবোৰ বেছিকৈ ক্ষতিগ্ৰস্ত হয়। এই ক্ষেত্ৰত অত্যাধিক জানিবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন।

চিকিৎসক

পঢ়িবলৈ ক্লিক কৰক 

টোপনি নহা কি বেমাৰৰ লক্ষণ