শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Assam Panchayat Election: পঞ্চায়ত নিৰ্বাচনৰ পৰা IPL ৰ দুখনকৈ হাইভল্টেজ মেচলৈ, চাওক দিনটোৰ খবৰ

Assam Panchayat Election: পঞ্চায়ত নিৰ্বাচনৰ পৰা IPL ৰ দুখনকৈ হাইভল্টেজ মেচলৈ, চাওক দিনটোৰ খবৰ

barasha-misra
Barasha Misra | Updated On: 04 May 2025 23:00 PM

আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ পুনৰ ভোটগ্ৰহণ, ৫খন জিলাৰ ৪৩টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ। ৰাজ্যৰ কিছু কিছু ভোটকেন্দ্ৰত ভোটদানৰ সময়ত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাবে আজি পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-

A) লুঙী-ধূতী-সূতা-আঠুৱা আৰু কম্বল কংগ্ৰেছৰ পঞ্চাঅমৃত! পঞ্চায়ত নিৰ্বাচনকলৈ শাসক-বিৰোধীৰ বাকযুদ্ধ। ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে কয়, লুঙী-ধূতী-সূতা-আঠুৱা আৰু কম্বল কংগ্ৰেছৰ পঞ্চঅমৃত, সেয়ে লুঙী-ধূতী পাৰ্টীক ভোট নিদি অৰুণোদয় আৰু নিযুন মইনা পাৰ্টিক ভোট দিয়ক।

B) আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ পুনৰ ভোটগ্ৰহণ, ৫খন জিলাৰ ৪৩টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ। ৰাজ্যৰ কিছু কিছু ভোটকেন্দ্ৰত ভোটদানৰ সময়ত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাবে আজি পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

C) আমিনগাঁৱত স্থাপন হ’ব জাপান চৰকাৰৰ উদ্যোগত কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ। যুৱক-যুৱতীসকলক জাপানীজ ভাষাৰ লগতে বিভিন্ন কাৰিকৰী দিশত প্ৰশিক্ষণ দিব। পৰ্যটন বিভাগৰ নৱনিৰ্মিত ভৱনত মুকলি কৰা হ’ব এই প্ৰশিক্ষণ কেন্দ্ৰ। জাপানৰ প্ৰতিনিধি দলে পৰিদৰ্শন কৰে এই কেন্দ্ৰটো।

D) বিদ্যুৎ উৎপাদনৰ বাবে সাজু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প । প্ৰথম অৱস্থাত বিদ্যুৎ উৎপাদন কৰিব ৭৫০ৰ পৰা ১০০০ মেগাৱাট। এই মাহতে এই প্ৰকল্পই ৩ ৰ পৰা ৪ টা ইউনিটেৰে উৎপাদন কৰিব। এই কথা ঘোষণা NHPC ৰ মুখ্য পৰিচালন সঞ্চালকৰ।

E) সোণ-ৰূপৰ মূল্যৰ ধাৰাবাহিক পৰিৱৰ্তন। আজি গুৱাহাটীত সোণৰ মূল্য পৰিৱৰ্তন হোৱাৰ লগতে আন চহৰতো সোণ-ৰূপৰ মূল্যৰ উত্থান-পতন হৈছে। আজি গুৱাহাটীত ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৮,৯৩০ টকা, ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,৬০১ টকা। আনহাতে ৰূপৰ মূল্য প্ৰতি গ্ৰামত ৯৪ টকা।

F) পদ্মশ্ৰী শিৱানন্দ বাবাৰ দেহাৱসান। বাৰাণসীত শেষ নিশ্বাস ত্যাগ শিৱানন্দ বাবাৰ।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১২৮ বছৰ। ২০২২ চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল শিৱানন্দ বাবাই।

G) আদানীৰ সতৰ্কবাণীৰ পাছতে গা লৰিছে বাংলাদেশৰ। অন্ধকাৰত ডুব যোৱাৰ ভয়ত ঋণ পৰিশোধৰ চেষ্টা বাংলাদেশৰ। আদানী পাৱাৰৰ সৈতে কৰা চুক্তিৰ ফলত বাংলাদেশে বিদ্যুত সেৱা লাভ কৰিছিল। কিন্তু বাংলাদেশে কোটি কোটি টকা পৰিশোধ কৰিব আছে আদানী পাৱাৰক।

H) পাকিস্তানী যুৱতীৰে গোপন বিবাহ ! পাকিস্তানী যুৱতীৰে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি বিপদ পৰিছে এগৰাকী ভাৰতীয় অৰ্ধসামৰিক বাহিনীৰ জোৱান । আনকি চাকিৰৰ পৰাও বৰ্খাস্ত কৰা হৈছে জোৱানজনক । কিয়নো এগৰাকী পাকিস্তানী যুৱতীক ভাৰতীয় জোৱানে গোপনে বিয়া কৰোৱাটো দেশৰ নিৰাপত্তাক লৈ উদ্বেগ সৃষ্টি কৰিব পৰা বিষয় !

I)আজি IPLৰ দুখনকৈ হাইভল্টেজ মেচ। আবেলি ৩ঃ৩০ বজাত কলকাতা নাইট ৰাইডাৰ্চ বনাম ৰাজস্থান ৰয়েলচৰ যুঁজ। আনহাতে সন্ধিয়া ৭ঃ৩০ বজাত পঞ্জাৱ কিংছ বনাম লক্ষ্ণৌ চুপাৰ জায়েন্টৰ যুঁজ।