শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

KKR vs RR IPL live updates: ১ ৰানত জয়লাভ KKR ৰ, ৰাজস্থানে কৰিলে ২০৫ ৰান…

KKR vs RR ipl live Score in Assamese : আজি আই পি এলত দুখনকৈ মেচ আছে। প্ৰথমখন খেল কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হ'ব। খেলৰ প্ৰতিটো লাইভ আপডেট এই লেখাটোত উল্লেখ কৰা হ'ল-

barasha-sarma
Barasha Sarma | Updated On: 04 May 2025 19:24 PM
KKR vs RR IPL live updates: ১ ৰানত জয়লাভ KKR ৰ, ৰাজস্থানে কৰিলে ২০৫ ৰান…
Kkr Vs Rr

আজি আই পি এলত দুখনকৈ মেচ আছে। প্ৰথমখন মেচ ৩.৩০ বজাৰ পৰা কলকাতা নাইট ৰাইডাৰ্ছ (KKR) আৰু ৰাজস্থান ৰয়েলছ (RR)ৰ মাজত অনুষ্ঠিত হ’ব। ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’বলগীয়া এইখন আই পি এলৰ ৫৩ নম্বৰ মেচ। পইন্ট টেবুলৰ ৭নম্বৰ স্থানত কে কে আৰ আৰু ৮ নম্বৰ স্থানত আছে আৰ আৰ। আই পি এলত দুয়োটা দলে এতিয়ালৈকে ৩০ বাৰ মুখামুখি হৈছে। শেষৰবাৰ, ২০২৫ চনৰ আই পি এলত কে কে আৰে ৮ উইকেটত জয়লাভ কৰিছিল আৰু ১৫ টা বল বাকী আছিল। ইয়াৰ বিপৰীতে ইডেন গাৰ্ডেনত দুয়োটা দলে ২০২৪ চনত খেলিছিল। সেই সময়ত ৰাজস্থান ৰয়েলছে জয়লাভ কৰিছিল।গতিকে আজিৰ খেলখন কাৰ হাতলৈ যায় সেয়া হ’ব লক্ষণীয়।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 04 May 2025 07:22 PM (IST)

    ১ ৰানত জয়লাভ KKR ৰ

    ১ ৰানত জয়লাভ KKR ৰ। ৮ টা উইকেটৰ বিনিময়ত ৰাজস্থান ৰয়েলছে ২০৫ ৰান কৰিবলৈ সক্ষম হয়। ৰাজস্থান ৰয়েলছৰ সৈতে যশস্বী জয়ছৱালে কৰে ২১ টা বলত ৩৪ ৰান, বৈভৱ সূৰ্যবংশীয়ে ২ টা বলত ৪ ৰান, কুনাল সিং ৰাথোড়ে ৫ টা বলত শূন্য,ৰিয়ান পৰাগে ৪৫ টা বলত ৯৫ ৰান, ধ্ৰুব জুৰেলে ১ টা বলত আউট, ৱানিন্দু হছৰামগীউ ২ টা বলত শূন্য, শ্বিমৰন হেটমেয়াৰে ২৩ টা বলত ২৯ ৰান, সুভম ডুবে ১৪ টা বলত ২৫ ৰান (নট আউট), জফ্ৰা আৰ্চেৰে ৮টা বলত ১২ ৰান কৰিবলৈ সক্ষম হয়।

     

  • 04 May 2025 07:04 PM (IST)

    IPL 2025 ত ৰিয়ানৰ দুৰ্দান্ত প্ৰদৰ্শন

    IPL 2025 ত ৰিয়ানৰ দুৰ্দান্ত প্ৰদৰ্শন। আজিৰ খেলত ৰিয়ানে ৪৫ টা বলত ৯৫ ৰান কৰে।

  • 04 May 2025 06:52 PM (IST)

    RR য়ে হেৰুৱালে ৬ নং উইকেট

     

    RR য়ে হেৰুৱালে ৬ নং উইকেট। ২৩ টা বলত ২৯ ৰান কৰি আউট হয় শ্বিমৰন হেটমেয়াৰ। ১৫.৫ অভাৰত ১৬৩ ৰান সম্পূৰ্ণ দলটোৰ।

  • 04 May 2025 06:45 PM (IST)

    ১৫ অভাৰ সম্পূৰ্ণ

     

    ১৫ অভাৰত ৰাজস্থান ৰয়েলছে ১৫৫ ৰান কৰে। এই সময়ত দলটোৱে ৫ টা উইকেট হেৰুয়ায়। জয়ৰ বাবে দলটোক ৩০ টা বলত ৫২ ৰানৰ প্ৰয়োজন।

  • 04 May 2025 06:43 PM (IST)

    ৰিয়ানৰ দুৰ্দান্ত প্ৰদৰ্শন

  • 04 May 2025 06:35 PM (IST)

    ৰিয়ান পৰাগৰ অৰ্ধশতক

    ৰিয়ান পৰাগৰ অৰ্ধশতক। ৩১ টা বলত ৭৫ ৰান কৰিলে ৰিয়ানে। এই সময়চোৱাত তেওঁ ৫ টা চাৰি, আৰু ৭ টা ছয় কোবায়। ১৩.২ অভাৰত ১৪১ ৰান সম্পূৰ্ণ দলটোৰ।

  • 04 May 2025 06:13 PM (IST)

    RR য়ে হেৰুৱালে ৫টা উইকেট

     

    RR য়ে হেৰুৱালে ৫টা উইকেট। ১টা বলক ১ ৰানো নকৰাকৈ আউট হয় ধ্ৰুৱ জুৰেল। ইয়াৰ পাছতে বানিন্দু হাছাৰাংগাই ২ টা বলত শূণ্য ৰান কৰি আউট হয়। দলটোৱে ৮.৫ টা বলত ৭৫ ৰান কৰিবলৈ সক্ষম হৈছে।

  • 04 May 2025 06:03 PM (IST)

    তৃতীয়টো উইকেট হেৰুৱালে ৰাজস্থানে

     

    তৃতীয়টো উইকেট হেৰুৱালে ৰাজস্থান ৰয়েলছে। ২১ টা বলত ৩৪ ৰান কৰি আউট যশস্বী জয়ছৱাল। বৰ্তমান বেটিং কৰি আছে ৰিয়ান পৰাগ আৰু ধ্ৰুব জুৰেলে। ৭ অভাৰত ৬৬ৰান সম্পূৰ্ণ কৰে দলটোয়ে।

  • 04 May 2025 05:56 PM (IST)

    KKR ৰ বেটিঙৰ দৃশ্য

  • 04 May 2025 05:55 PM (IST)

    ৫০ ৰান সম্পূৰ্ণ ৰাজস্থান ৰয়েলছৰ

     

    ৫০ ৰান সম্পূৰ্ণ ৰাজস্থান ৰয়েলছৰ। ৫.২ অভাৰত ৫০ ৰান কৰে দলটোয়ে। বৰ্তমানলৈকে হেৰুৱাইছে ২ টা উইকেট।

  • 04 May 2025 05:45 PM (IST)

    ৰাজস্থান ৰয়েলছে হেৰুৱালে দ্বিতীয়টো উইকেট

     

    ৰাজস্থান ৰয়েলছে হেৰুৱালে দ্বিতীয়টো উইকেট। ৫ টা বলক এক ৰানো নকৰাকৈ পেভেলিয়ানলৈ উভতে কুনাল সিং ৰাথোড়। দলটোৱে ৩.১ অভাৰত ২২ ৰান কৰিবলৈ সক্ষম হৈছে।

  • 04 May 2025 05:44 PM (IST)

    বৈভৱ সূৰ্যবংশী আউট হোৱাৰ মূহুৰ্ত

  • 04 May 2025 05:30 PM (IST)

    আৰম্ভ RR ৰ বেটিং

    আৰম্ভ RR ৰ বেটিং। প্ৰথম অভাৰত দলটোৱে এটা উইকেট হেৰুৱাই। ২ টা বলত ৪ ৰান কৰি আউট বৈভৱ সূৰ্যবংশী।

  • 04 May 2025 05:21 PM (IST)

    আজিৰ খেলৰ দৃশ্য

  • 04 May 2025 05:13 PM (IST)

    RR ৰ সন্মুখত ২০৭ ৰানৰ লক্ষ্য

     

    KKR য়ে ৪ উইকেটৰ বিনিময়ত ৰাজস্থান ৰয়েলছক বান্ধি দিলে ২০৭ ৰানৰ লক্ষ্য। কেকেআৰৰ হৈ ৰহমানুল্লাহ গুড়বাজে কৰে ২৫ টা বলত ৩৫ ৰান, সুনীল নাৰিলে ৯ টা বলত ১১ ৰান, আজিংকে ৰাহানে ২৪ টা বলত ৩০ ৰান,অংকৃশ ৰঘুবংশীয়ে ৩১ টা বলত ৪৪ ৰান,এন্দ্ৰে ৰাছেলে ২৫ টা বলত ৫৭ ৰান (নট আউট),ৰিংকু সিঙে ৬ টা বলত ১৯ ৰান (নট আউট) কৰে।

  • 04 May 2025 04:59 PM (IST)

    kkr ৰ ১৮ অভাৰ সম্পূৰ্ণ

    kkr ৰ ১৮ অভাৰ সম্পূৰ্ণ।৩ উইকেটৰ বিনিময়ত দলটোৱে ১৭২ ৰান কৰে।

  • 04 May 2025 04:30 PM (IST)

    ১০০ ৰান সম্পূৰ্ণ কেকেআৰৰ

    ১০০ ৰান সম্পূৰ্ণ কৰে KKR য়ে। ৩ টা ইউকেটৰ বিনিময়ত দলটোৱে ১২.৪ অভাৰত ১১১ ৰান কৰিবলৈ সক্ষম হয়। ২৪ টা বলত ৩০ ৰান কৰি আউট হয় আজিংকে ৰাহানে।

  • 04 May 2025 04:19 PM (IST)

    ১০ অভাৰ সম্পূৰ্ণ

    ১০ অভাৰ সম্পূৰ্ণ কে কে আৰৰ। ১০.১ অভাৰত দলটোৱে ২ টা উইকেটৰ বিনিময়ত ৮৭ ৰান সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়।

  • 04 May 2025 04:11 PM (IST)

    KKR য়ে হেৰুৱালে দ্বিতীয়টো উইকেট

    KKR য়ে হেৰুৱালে দ্বিতীয়টো উইকেট। ২৫ টা বলত ৩৫ ৰান কৰি আউট হয় ৰাহমানুল্লাহ গুড়বাজ। দলটোৱে ৮.১ অভাৰত সম্পূৰ্ণ কৰিছে ৭৪ ৰান।

  • 04 May 2025 04:02 PM (IST)

    ৬ অভাৰ সম্পূৰ্ণ

    ৬.১ অভাৰত কে কে আৰে ৬০ ৰান কৰিবলৈ সক্ষম হয়। আজিংক ৰাহানে ৯ টা বলত ১৯ৰান আৰু গুড়বাজে ২১ টা বলত ২৯ ৰান কৰে।

  • 04 May 2025 03:46 PM (IST)

    KKR য়ে হেৰুৱালে প্ৰথমটো উইকেট

     

    KKR য়ে হেৰুৱালে প্ৰথমটো উইকেট। ৯টা বলত ১১ ৰান কৰি আউট হয় সুনীল নাৰিনে। ৩ অভাৰত দলটোৱে সম্পূৰ্ণ কৰিছে ১৭ ৰান।

  • 04 May 2025 03:46 PM (IST)

    KKR ৰ বেটিং

    KKR ৰ বেটিং আৰম্ভ হৈছে। প্ৰথম অভাৰত দলটোৰ প্ৰদৰ্শন অতি দুৰ্বল। ১.৩ অভাৰত মাত্ৰ ২ ৰান কৰে দলটোয়ে। বৰ্তমান বেটিং কৰি আছে সুনীল নাৰিনে আৰু ৰহমানুল্লাহ গুৰবাজে।

  • 04 May 2025 03:28 PM (IST)

    KKR ৰ প্লেয়িং ১১ত কোন কোন?

    KKR ৰ প্লেয়িং ১১ত আছে- ৰহমানুল্লাহ গুৰবাজ (উইকেটকীপাৰ), সুনীল নাৰিনে, অজিংক্য ৰাহানে (অধিনায়ক), অংকৃশ ৰঘুবংশী, ময়েন আলী, ভেংকটেশ আয়াৰ, ৰিংকু সিং, আন্দ্ৰে ৰাছেল, ৰমনদীপ সিং, বৰুণ চক্ৰৱৰ্তী, বৈভৱ অৰোৰা।

  • 04 May 2025 03:21 PM (IST)

    ৰাজস্থান ৰয়েলছৰ প্লেয়িং ১১

    ৰাজস্থান ৰয়েলছ প্লেয়িং ১১ ত আছে- যশস্বী জয়ছোৱাল, বৈভৱ সূৰ্যবংশী, ৰিয়ান পৰাগ (অধিনায়ক), কুনাল সিং ৰাথোড়,ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), শ্বিমৰন হেটমায়াৰ, ৱানন্দু হাছাৰাংগা, জোফ্ৰা আৰ্চাৰ, মহেশ থিকচন, যুধবীৰ সিং চৰাক, আকাশ মাধৱাল।

  • 04 May 2025 03:11 PM (IST)

    ইডেন গাৰ্ডেনত আজিৰ খেল

    কলকাতাৰ ইডেন গাৰ্ডেনছ ষ্টেডিয়ামৰ খেলপথাৰখন বেটছমেনৰ বাবে ফলপ্ৰসু। অৱশ্যে আজি স্পিনাৰসকলে কিছু সহায় পোৱাৰ সম্ভাৱনা আছে।

  • 04 May 2025 03:09 PM (IST)

    টচত জয়ী কেকেআৰ

    টচত জয়ী কেকেআৰ। দলৰ অধিনায়ক অজিংক্য ৰাহানে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে। গতিকে ৰাজস্থান ৰয়েলছে প্ৰথমে বলিং কৰিব। ৩.৩০ বজাৰ পৰা আৰম্ভ হ’ব কে কে আৰ বনাব আৰ আৰৰ খেল।

  • 04 May 2025 03:06 PM (IST)

    IPL ৰ কেন্দ্ৰবিন্দু!

    আই পি এল ২০২৫ ৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশী। ১৪ বছৰ বয়সতে দ্ৰুততম শতক লৈ বৈভৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। আজিৰ বৈভৱৰ খেল চাবলৈও আগ্ৰহী অনুৰাগীসকল।

Published On - May 04,2025 3:01 PM