প্র’টিনৰ বাবে ভাৰতীয়সকলে বেছিকৈ কি খায়? সমীক্ষাত প্ৰকাশ
প্র’টিনৰ কথা আহিলে ভাৰতৰ সাধাৰণ মানুহে কি খাবলৈ বেছি ভাল পায়? দেশৰ জনসাধাৰণে কণী, গাখীৰ বা দালিৰ ওপৰত নিৰ্ভৰ কৰে নে মাছ-মাংসৰ দৰে আমিষ খাদ্যক গুৰুত্ব দিয়ে?

ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান প্ৰায় সংখ্যক লোকেই স্বাস্থ্যক লৈ সচেতন। স্বাস্থ্যক অধিক গুৰুত্ব দিবলৈ ধৰিছে লোকসকলে। একেদৰে প্র’টিন সমৃদ্ধ খাদ্যৰ প্ৰতিও মানুহ এতিয়া অধিক সচেতন হৈ পৰিছে। শৰীৰ গঠনৰ পৰা আৰম্ভ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিলৈকে সকলোৰে বাবে অপৰিহাৰ্য বুলি বিবেচিত প্র’টিন। এতিয়া ই ভাৰতীয়ৰ খাদ্যৰ প্লেটত গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। এই সন্দৰ্ভত NCO ( National Satisfaction Office) দ্বাৰা চলোৱা Household Consumption Expenditure Survey (HCES) 2022-23 সমীক্ষাত গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে।
প্রশ্ন হ’ল- প্র’টিনৰ কথা আহিলে ভাৰতৰ সাধাৰণ মানুহে কি খাবলৈ বেছি ভাল পায়? দেশৰ জনসাধাৰণে কণী, গাখীৰ বা দালিৰ ওপৰত নিৰ্ভৰ কৰে নে মাছ-মাংসৰ দৰে আমিষ খাদ্যক গুৰুত্ব দিয়ে? এই সমীক্ষাৰ ভিত্তিত জানোঁ আহক, গ্ৰাম্যৰ পৰা চহৰৰ লোকসকলে প্র’টিনৰ বাবে খাদ্যত কি কি অন্তৰ্ভুক্ত কৰে। উল্লেখ্য যে, এই সমীক্ষা ২০২২ চনৰ পৰা ২০২৩ চন আৰু ২০২৩ চনৰ পৰা ২০২৪ চনলৈকে কৰা হৈছে।
প্র’টিনৰ বাবে ভাৰতীয়সকলে কি কি বেছিকৈ খাইছে?
শেহতীয়াকৈ প্ৰকাশ পোৱা Household Consumption Expenditure Survey 2022-23 ৰ পৰিসংখ্যাই স্তম্ভিত কৰি তুলিছে। ইয়াত উল্লেখ কৰা হৈছে যে, দেশৰ অধিকাংশই প্ৰ’টিনৰ বাবে গুটি-শস্যৰ ওপৰত নিৰ্ভৰ কৰিছে । প্ৰতিবেদন অনুসৰি, ভাৰতৰ গ্ৰাম্য অঞ্চলত প্ৰায় ৪৬-৪৭% আৰু চহৰ অঞ্চলত প্ৰায় ৩৯% প্ৰটিন শস্যৰ ওপৰত নিৰ্ভৰ কৰিছে। কিন্তু যোৱা দশকৰ তুলনাত এই সংখ্যা হ্ৰাস পাইছে। ভাৰতৰ গ্ৰাম্য অঞ্চলত প্ৰায় ১৪% আৰু নগৰীয়া অঞ্চলত প্ৰায় ১২% হ্ৰাস পাইছে। ইয়াৰ পিছতো প্ৰটিনৰ ক্ষেত্ৰত ভাৰতীয় প্লেটত ঘেঁহু, চাউল আৰু অন্যান্য শস্যজাতীয় খাদ্যই এতিয়াও সৰ্বাধিক গুৰুত্ব লাভ কৰিছে।
লগতে পঢ়ক: বগা চাউল কিয় খাব নালাগে ? এই ৫ প্ৰকাৰৰ চাউল পুষ্টিকৰ উপাদানৰ এক ভঁৰাল…
যদি আমি সমীক্ষাটোৰ কথা কওঁ, তেন্তে স্পষ্টকৈ কোৱা হৈছে যে, প্র’টিনৰ বাবে মানুহে শস্য, দালি, গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী, কণী, মাছ, মাংস আদি বস্তু নিজৰ খাদ্যত অন্তৰ্ভুক্ত কৰি আছে। এই সময়ছোৱাত স্পষ্টকৈ দেখা গ’ল যে, শস্য এতিয়াও প্র’টিনৰ আটাইতকৈ ডাঙৰ উৎস হৈয়ে আছে। ভাৰতৰ গ্ৰাম্য অঞ্চলত প্ৰায় ৪৬-৪৭% প্র’টিন শস্যজাতীয় খাদ্যৰ পৰা আহে, আনহাতে নগৰীয়া ভাৰতত এই অংশ প্ৰায় ৩৯%। এই ধাৰা দুয়োটা বছৰতে প্ৰায় একেই আছে, যাৰ পৰা বুজা যায় যে, আজিও আমাৰ দেশৰ মানুহৰ বাবে শস্যজাতীয় খাদ্য প্র’টিনৰ মূল উৎস হৈয়েই আছে।
লগতে পঢ়ক: আওকাণ নকৰিব ! জানক হঠাতে হৃদযন্ত্ৰ বন্ধ হৈ যোৱাৰ ৫ টা লক্ষণ…
এজন মানুহে কিমান পৰিমাণৰ প্ৰটিন খায়?
Household Consumption Expenditure Survey ৰ তথ্য অনুসৰি গ্ৰামাঞ্চলত ২০২২ চনলৈকে এজন ব্যক্তিয়ে প্ৰতিদিনে প্ৰায় ৬২ গ্ৰাম প্ৰটিন সেৱন কৰিছিল। কিন্তু এতিয়া এই সংখ্যা ৬৬ গ্ৰামতকৈও অধিক হৈছে। অৰ্থাৎ গাঁৱৰ মানুহৰ প্লেটত পুষ্টিৰ প্ৰতি সজাগতা বৃদ্ধি পাইছে আৰু তেওঁলোকে পূৰ্বতকৈ অধিক প্র’টিন সমৃদ্ধ দালি, গাখীৰ, কণী বা অন্যান্য বস্তু অন্তৰ্ভুক্ত কৰিছে।
লগতে পঢ়ক: বাৰিষাৰ সময়ত নাখাব এই ৫ বিধ শাক-পাচলি, খাদ্য বিষক্ৰিয়াৰ আশংকা থাকে
একে সময়তে চহৰ অঞ্চলতো প্র’টিনৰ সেৱন বৃদ্ধি পাইছে। সমীক্ষা অনুসৰি ২০২২ চনত এজন চহৰীয়া ব্যক্তিয়ে প্ৰতিদিনে প্ৰায় ৬৩.২ গ্ৰাম প্ৰটিন গ্ৰহণ কৰিছিল যদিও ২০২৩-২৪ চনলৈকে ই ৬৯.৯ গ্ৰামলৈ বৃদ্ধি পাইছে। অৰ্থাৎ চহৰ অঞ্চলত প্ৰটিনৰ পৰিমাণ প্ৰায় ৭ গ্ৰাম বৃদ্ধি পাইছে। ইয়াৰ পৰা আপুনি অনুমান কৰিব পাৰে যে, চহৰ অঞ্চলৰ লোকসকলে স্বাস্থ্য সজাগতা, জিম, ফিটনেছ সংস্কৃতি আৰু প্ৰটিন পৰিপূৰকসমূহৰ প্ৰতি সচেতন হৈ পৰিছে আৰু প্ৰটিনক তেওঁলোকৰ খাদ্যৰ এক গুৰুত্বপূৰ্ণ অংশ কৰি তুলিছে।
লগতে পঢ়ক: মোবাইলৰ বাবে এই ৫ টা চকুৰ ৰোগ বাঢ়িছে, প্ৰাৰম্ভিক লক্ষণবোৰ জানি লওক