হিমন্ত বিশ্ব শৰ্মাই কয় যে, কংগ্ৰেছে ৬০ বছৰ অসমত শাসন কৰিও ৰাইজৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাত ব্যৰ্থ হ’ল। তেওঁ যুক্তি আগবঢ়ায় যে, যদি পূৰ্বৰ চৰকাৰসমূহে সময়মতে ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিলেহেঁতেন তেন্তে আজি ৰাজ্যত বনভূমিত উচ্ছেদ অভিযান চলাবলগীয়া নহয়। “তেওঁলোকে কংগ্ৰেছক ভোট দিছিল, কিন্তু কংগ্ৰেছে তেওঁলোকৰ বাবে একো নকৰিলে।” এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই।