অসম চৰকাৰে যোৱা সময়চোৱাত শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি নাৰীৰ কল্যানলৈকে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। নিযুত মইনা আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ বিভিন্ন আঁচনি আনিছে। ইয়াৰ মাজতে এইবাৰ চৰকাৰে আনিছে বাবু আঁচনি। এই আঁচনি যুৱকসকলৰ বাবে হোৱাৰ সম্ভাৱনা। মুখ্যমন্ত্ৰীয়ে কয় যে, অহা জানুৱাৰী মাহত এই আঁচনিৰ শুভাৰম্ভ হোৱাৰ সম্ভাৱনা। অৱশ্যে কোনে, কেনেকৈ এই আঁচনিৰ সুবিধা লাভ কৰে সেয়া এতিয়ালৈক স্পষ্ট হোৱা নাই।