25 Nov 2025
TV9 ASSAM
শৰীৰ সুস্থ কৰি ৰাখিবলৈ শাৰীৰিক কাৰ্যকলাপৰ প্ৰয়োজনীয়তা অধিক। খোজ কাঢ়িলেও স্বাস্থ্যই বহু উপকাৰ লাভ কৰে। প্ৰতিদিনে কিছু সময়ৰ বাবে খোজ কাঢ়িলে বহু উপকাৰ পোৱা যায়।
প্ৰতিদিনে ১০,০০০ খোজ কাঢ়িব পাৰিলে ভাল। ইয়াৰ পৰা বহু উপকাৰিতা পোৱা যায়। গতিকে প্ৰতিদিনে ১০,০০০ খোজ কাঢ়িলে কি সুফল পোৱা যায় উল্লেখ কৰা হ'ল।
খোজ কাঢ়িলে তেজৰ সঞ্চালন ভাল হয় আৰু হৃদৰোগৰ আশংকা কম হয়। গতিকে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত খোজ কঢ়া ফলপ্ৰসূ বুলি ক'ব পাৰি।
প্ৰতিদিনে খোজ কাঢ়িলে কেলৰী বাৰ্ণ হয়। যাৰ ফলত ওজন নিয়ন্ত্ৰণত থাকে আৰু স্বাস্থ্য ভাল হয়। ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰিলে খোজ কাঢ়িব পাৰে।
খোজ কাঢ়িলে এণ্ডোফিৰ্ণ হৰম'ন বাঢ়ি যায় যিয়ে মুড ভাল কৰে আৰু মানসিক চাপ কম কৰে। মানসিক স্বাস্থ্য উন্নত কৰাত খোজ কঢ়া ফলপ্ৰসূ।
খাদ্য খোৱাৰ পাছত লাহে লাহে খোজ কাঢ়িলে পাচনতন্ত্ৰ ভাল হয়। ইয়াৰোপৰি পেটৰ লগত জড়িত অন্য সমস্যা কম কৰাতো সহায় কৰে।
খোজকাঢ়িলে ভাল টোপনি আহে। লগতে মনোযোগ, স্মৃতিশক্তি আদি ভাল হোৱাত সহায় কৰে। ইয়াৰোপৰি ই হাড়ৰ স্বাস্থ্য ভাল কৰাত সহায় কৰে।
পঢ়িবলৈ ক্লিক কৰক