দল সংগঠনৰ প্ৰতিবাদত উত্তাল মহানগৰীৰ চচল…
Protest: আজিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন। কিন্তু এই দিনটোতে মহানগৰীৰ চচল ধৰ্ণাস্থলীত উত্তাল হৈ পৰে। বিভিন্ন দল-সংগঠনে বিভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।
বিধানসভাৰ প্ৰথম দিনাই বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত উত্তাল হ’ল মহানগৰীৰ চচলৰ ধৰ্ণাস্থলী। উপগ্রহীয় স্বায়ত্তশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদৰ দাবীত সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ বি.টি.চি সূত্ৰধৰ ছাত্ৰ সন্থাৰ সহযোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
জাতিটোৰ অস্তিত্ব ৰক্ষাৰ যুঁজ সফল নহ’লে বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ হুংকাৰ। চৰকাৰ বৰোধী বিভিন্ন শ্লোগান দি প্ৰতিবাদীসকলে ধৰ্ণা স্থলীৰ আকাশ বতাহ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে সোনকালে তেওঁলোকৰ দাবী পূৰণৰ বাবে চৰকাৰক আহ্বান জনায়।
সবিশেষৰ বাবে চাওক ভিডিঅ’…
Latest Videos
