সদনত জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত কি ক’লে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই?
তেওঁ কয়, "জুবিন গাৰ্গ কেৱল এজন গায়কেই নাছিল, তেওঁ আছিল অসমৰ সম্পদ। কিন্তু তেওঁৰ দৰে এগৰাকী 'আইকন'ৰ নিৰাপত্তাৰ ক্ষেত্ৰত অসম চৰকাৰে কিয় ইমান অৱহেলা কৰিলে? ছিংগাপুৰত তেওঁৰ লগত পৰ্যাপ্ত নিৰাপত্তাৰক্ষী কিয় নাছিল?"
জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত বিধানসভাত প্ৰশ্ন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। নৰ্থ ইষ্ট ফেষ্টিভেলত চৰকাৰ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ভূমিকা সন্দৰ্ভত চৰকাৰলৈ প্ৰশ্ন বিৰোধী দলপতিগৰাকীৰ। অধিৱেশনৰ প্ৰথমটো দিনতেই এক গুৰুত্বপূৰ্ণ ‘সভাস্থগিত প্ৰস্তাৱ’ (Adjournment Motion) উত্থাপন কৰে দেৱব্ৰত শইকীয়াই।
তেওঁ কয়, “জুবিন গাৰ্গ কেৱল এজন গায়কেই নাছিল, তেওঁ আছিল অসমৰ সম্পদ। কিন্তু তেওঁৰ দৰে এগৰাকী ‘আইকন’ৰ নিৰাপত্তাৰ ক্ষেত্ৰত অসম চৰকাৰে কিয় ইমান অৱহেলা কৰিলে? ছিংগাপুৰত তেওঁৰ লগত পৰ্যাপ্ত নিৰাপত্তাৰক্ষী কিয় নাছিল?” লগতে প্ৰশ্ন কৰে, “তেখেতৰ মৃত্যুৰ পাছত ছিংগাপুৰৰ পৰা গুৱাহাটীলৈ নশ্বৰ দেহ ঘূৰাই অনাৰ ক্ষেত্ৰত যি অহেতুক পলম আৰু বিশৃংখলতাৰ সৃষ্টি হ’ল, তাৰ বাবে জগৰীয়া কোন? চৰকাৰে এইক্ষেত্ৰত কিয় তৎপৰতা দেখুুৱাব নোৱাৰিলে?”
Latest Videos
সদনত জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত কি ক'লে দেৱব্ৰত শইকীয়াই?
জুবিন গাৰ্গে 'পলিটিক্স নকৰিবা বন্ধু' গীতটো কাৰ বাবে গাইছিল?
প্ৰতিবাদত উত্তাল পলাশবাৰীৰ বৰদুৱাৰ বাগান, আদানিক মাটি প্ৰদানৰ বিৰ
শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই জুবিন গাৰ্গৰ ন্যায়ৰ দাবী অখিল গগৈৰ.
