শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই জুবিন গাৰ্গৰ ন্যায়ৰ দাবী অখিল গগৈৰ...

শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই জুবিন গাৰ্গৰ ন্যায়ৰ দাবী অখিল গগৈৰ…

Barasha Sarma
Barasha Sarma | Published: 25 Nov 2025 13:39 PM

Akhil Gogoi: জুবিন গাৰ্গৰ মৃত্য়ুৰ ন্য়ায় বিচাৰি বিধানসভাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত বিধায়ক অখিল গগৈৰ। হাতত প্লেকাৰ্ড লৈ তেওঁ এই প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পাছতে বিধানসভাতো জুবিন বিষয়টো উত্থাপন হয়।

আজিৰ পৰা আৰম্ভ হৈছে বিধানসভাৰ শীতকালীন অধিৱেশন। এইবাৰ বিধানসভাত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। আজি কেইখন বিধেয়ক উত্থাপনো হৈছে। কিন্তু ইয়াৰ পূৰ্বে বিধানসভাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। হাতত প্লেকাৰ্ড লৈ জুবিন গাৰ্গৰ ন্যায় বিচাৰি তেওঁ প্ৰতিবাদ কৰে।

প্লেকাৰ্ড খনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো দেখা যায়। লগতে তলত জুবিন গাৰ্গৰ ন্যায় বিচাৰি কেইটামান বাক্য লিখে। উল্লেখ্য যে, আজি জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টো বিধানসভাত উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কয় যে, জুবিন গাৰ্গৰ মৃত্যু অৱহেলাৰ বাবে হোৱা নাছিল। হত্যা আছিল। ইয়াৰোপৰি বিৰোধিয়ে বিধানসভা উত্তাল কৰি তোলে।

সবিশেষৰ বাবে চাওক ভিডিঅ’