শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
প্ৰতিবাদত উত্তাল পলাশবাৰীৰ বৰদুৱাৰ বাগান, আদানিক মাটি প্ৰদানৰ বিৰোধিতা...

প্ৰতিবাদত উত্তাল পলাশবাৰীৰ বৰদুৱাৰ বাগান, আদানিক মাটি প্ৰদানৰ বিৰোধিতা…

barasha-sarma
Barasha Sarma | Published: 25 Nov 2025 13:50 PM

Protest: আদানিক মাটি দিয়াৰ বিৰোধিতা শ শ ৰাইজৰ। পলাশবাৰীৰ একাংশ ৰাইজ ওলাই আহিল অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে। পুৰুষ-মহিলা শ শ ৰাইজে প্ৰতিবাদ কৰি আদানিক মাটি দিয়াৰ বিৰোধিতা কৰে।

ৰাইজৰ তীব্ৰ প্ৰতিবাদে কঁপালে পলাশবাৰীৰ বৰদুৱাৰ বাগান। আদানিক মাটি প্ৰদানৰ বিৰোধিতা ৰাইজৰয অসম চৰকাৰ গ’ বেক, হিমন্ত বিশ্ব শৰ্মা গ’ বেক ধ্বনিৰে উত্তল প্ৰতিবাদস্থলী। সোমবাৰে এই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। এই প্ৰতিবাদত অংশগ্ৰহণ কৰে শ শ লোকে।

জানিব পৰা মতে, আদানিৰ উদ্যোগত ১৫০০ একৰ ভূমিত ছেটেলাইট টাউনশ্বিপ স্থাপনৰ যো-জা কৰিছে অসম চৰকাৰে। জনজাতীয় এলেকাত ছেটেলাইট টাউনশ্বিপৰ বিৰোধিতাৰে ৰাইজৰ এই তীব্ৰ প্ৰতিবাদ। স্থানীয় ৰাইজে কয় যে, কোনো পধ্যেই ইয়াত আদানিক ভূমি এৰি দিয়া নহয়। এই সময়চোৱাত স্থানীয় ৰাইজে অসম চৰকাৰৰ বিৰোধিত কৰা বিভিন্ন শ্লোগান দিয়ে। এই প্ৰতিবাদত পুৰুষ-মহিলাকে ধৰি বিভিন্নজনে অংশগ্ৰহণ কৰে।

সবিশেষৰ বাবে চাওক ভিডিঅ’