শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Top9: বহুবিবাহ বিৰোধী বিধেয়কৰ পৰা ৰাম মন্দিৰৰ ধ্বজাৰোহণলৈ,দিনটোৰ খবৰ…

Top9: আজিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন। এই সময়চোৱাত কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা। আজি বহু বিবাহ বিৰোধী বিধেয়ক উত্থাপন হয়।

Top9: বহুবিবাহ বিৰোধী বিধেয়কৰ পৰা ৰাম মন্দিৰৰ ধ্বজাৰোহণলৈ,দিনটোৰ খবৰ…
হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook (himanta biswa sarma)
barasha-sarma
Barasha Sarma | Published: 25 Nov 2025 17:13 PM

আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

১) আজিৰ পৰা আৰম্ভ অসম বিধানসভাৰ শীতকালীন অধিৱেশন। ৫ দিন ধৰি অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনত প্ৰায় ১৮ খন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ পাছতে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ আলোচনা হয় বিধানসভাত।

২) জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোত লৈ উত্তাল অসম বিধানসভা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, কোনো অৱহেলাৰ বাবে নহয়, জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল। কোৰোনাৰ আগৰ পৰা চলিছিল ষড়যন্ত্ৰ। এজনে হত্যা কৰিছিল আৰু বাকীসকলে সহযোগ কৰিছিল। এই গোচৰৰ ছাৰ্জশ্বীট ৮ ডিচেম্বৰত দাখিল হ’ব।

৩)শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই দাখিল অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অনুমতি সাপেক্ষে মুখ্য়মন্ত্ৰী শৰ্মাই দাখিল কৰে এই বিধেয়ক। জুবিন গাৰ্গৰ মৃত্যুক লৈ আলোচনাৰ অন্তত ৱাকআউট কৰা বিৰোধী কংগ্ৰেছ, চি পি আই (এম) আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ অনুপস্থিতিত বিধেয়কখন বিধানসভাত দাখিল কৰা হয়।

৪) সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ কণ্ঠস্বৰৰ নমুনা ল’বলৈ নিৰ্দেশ প্ৰদান কৰিছে বিধানসভা সচিবালয়ে। ইয়াৰোপৰি বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ধন দাবী সন্দৰ্ভত গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। উল্লেখ্য যে কিছুদিন পূৰ্বে বিধায়কগৰাকীৰ এটা অডিঅ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। যত তেওঁ ব্যৱসায়ীৰ পৰা ধন দাবী কৰিছিল।

৫)শ্বেৰমান আলী আৰু নুৰুল হুদাক শীতকালীন অধিৱেশনৰ বাকী থকা দিনৰ বাবে নিলম্বন। বিধানসভাৰ বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদন মৰ্মে দুয়োকে নিলম্বন। সদনৰ বাকী থকা দিনৰ কাৰ্যসূচীত অংশ ল’ব নোৱাৰিব। নৰুল হুদাৰ বিৰুদ্ধে বিধানসভাৰ অধ্যক্ষক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ, ইফালে শ্বেৰমান আলীৰ বিৰুদ্ধে সদনৰ ভিতৰে-বাহিৰে ৰাজহুৱাভাৱে অপদস্থ কৰাৰ অভিযোগ।

৬)বিধান সভাৰ প্ৰথম দিনাই বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত উত্তাল হ’ল মহানগৰীৰ চচলৰ ধৰ্ণাস্থলী। উপগ্রহীয় স্বায়ত্তশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদৰ দাবীত সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ বি.টি.চি সূত্ৰধৰ ছাত্ৰ সন্থাৰ সহযোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন হয়।জাতিটোৰ অস্তিত্ব ৰক্ষাৰ যুঁজ সফল নহ’লে বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ।

৭)আজি অযোধ্যাৰ ৰাম মন্দিৰত ধ্বজাৰোহণ হয়। ইয়াৰ লগে লগে সম্পূৰ্ণ হৈছে ৰাম মন্দিৰ। মন্দিৰৰ ওপৰত ধ্বজাৰোহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আৰ এছ এছ মুৰব্বী মোহন ভাগৱতে। অভিজিৎ মুহুৰ্তৰ শুভ সময়ত এই ধ্বজাৰোহণ কৰা হয়। ইয়াৰ পাছতে মোদীয়ে কয় যে, আজি আজি সমগ্ৰ ভাৰত আৰু সমগ্ৰ বিশ্ব ৰামময় হৈ পৰিছে। শতিকাযোৰা ঘাঁ আজি নিৰাময় হৈছে, সংকল্প আজি পূৰণ হৈছে।

৮)জল জীৱন আঁচনি সন্দৰ্ভত কঠোৰ মোদী চৰকাৰ। এই আঁচনিৰ দুৰ্নীতি আৰু অনিয়মৰ প্ৰতি শূন্য সহনশীলতা থাকিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ কয় যে, কেৱল এটা অঞ্চললৈ পানী যোগান ধৰিলে নহব, বৰঞ্চ প্ৰতিখন গাঁৱৰ প্ৰত্যোক মানুহৰ ঘৰলৈ জলজীৱন আঁচনিৰ পাইপ যাব লাগিব।

৯)পাকিস্তানে নিজৰ ক্ষমতা বৃদ্ধিৰ বাবে সকলো চেষ্টায়ে কৰি আছে।কিছুদিন পূৰ্বে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানৰ সৈতে সাক্ষাৎ কৰিছিল। ইয়াৰ পাছতে এতিয়া তুৰ্কী, চৌদি আৰব, ইৰাণৰ দূত ইছলামদত উপস্থিত হৈছে।

 

অন্য খবৰ পঢ়কঃ জুবিন গাৰ্গক হত্যা কৰা হৈছিল, এজনে মাৰিছে বাকীসকলে সহযোগ কৰিছেঃ মুখ্যমন্ত্ৰী