শিশুৰ বাবে বিষাক্ত মাতৃদুগ্ধ! অধ্যয়নত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য
শিশুৰ আটাইতকৈ পুষ্টিকৰ খাদ্য মাতৃদুগ্ধই হৈ পৰিছে বিহ! আচৰিত হ’লেও এতিয়া পোহৰলৈ আহিছে এই কথা। কিয়নো মাতৃদুগ্ধত পোৱা গৈছে এক অতি অত্যন্ত ক্ষতিকাৰক দ্ৰব্য। শেহতীয়াকৈ কৰা এক সমীক্ষাত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। জানো আহক এই বিষয়ে।
এটি শিশুৰ বিকাশৰ বাবে মাতৃদুগ্ধতকৈ পুষ্টিকৰ খাদ্য একো নাই। পিছে সেই মাতৃদুগ্ধই হৈ পৰিছে বিহ! আচৰিত হ’লেও এতিয়া পোহৰলৈ আহিছে এই কথা। মাতৃদুগ্ধত পোৱা গৈছে অত্যন্ত ক্ষতিকাৰক ইউৰেনিয়াম। শেহতীয়াকৈ কৰা এক সমীক্ষাত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। বিহাৰৰ ছয়খন জিলাৰ গৰ্ভৱতী মহিলাৰ মাতৃদুগ্ধত ইউৰেনিয়াম পোৱা গৈছে, স্বাভাৱিকতেই এয়া হৈ পৰিছে অত্যন্ত চিন্তনীয়। বিহাৰৰ ভোজপুৰ, সমস্তীপুৰ, বেগুছৰাই, খগড়িয়া, কাটিহাৰ আৰু নালন্দাত গৰ্ভৱতী মহিলাৰ শৰীৰত অত্যধিক পৰিমাণৰ ইউৰেনিয়াম পোৱা গৈছে।
এনে পৰিস্থিতিত মাতৃদুগ্ধৰ জৰিয়তে পোনপটীয়াকৈ ইউৰেনিয়াম নৱজাতকৰ শৰীৰত প্ৰৱেশ কৰি আছে। ইউৰেনিয়ামৰ প্ৰভাৱে শিশুৰ স্বাস্থ্যৰ ওপৰত ভয়ংকৰ ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে। পাটনাস্থিত মহাবীৰ কেঞ্চাৰ ইনষ্টিটিউট আৰু দিল্লীস্থিত এইমছৰ যৌথ উদ্যোগত এই অধ্যয়ন কৰা হৈছিল।
পোহৰলৈ চাঞ্চল্যকৰ তথ্য
অধ্যয়নৰ সময়ত ৪০ গৰাকী গৰ্ভৱতী মহিলাৰ মাতৃদুগ্ধৰ নমুনা পৰীক্ষা কৰা হৈছিল। সেই নমুনাত ইউৰেনিয়াম-২৩৮ পোৱা গৈছিল। কাটিহাৰৰ গৰ্ভৱতী মহিলাৰ শৰীৰত সৰ্বাধিক পৰিমাণৰ ইউৰেনিয়াম পোৱা গৈছে। যিহেতু তেওঁলোকে শিশুৱে স্তনপান কৰাব বা পূৰ্বে স্তনপান কৰাইছে, গতিকে ৭০ শতাংশ শিশুৰ স্বাস্থ্যজনিত অকাৰচিনোজেনিক বিপদ দেখা গৈছে।
এই আটাইকেইখন জিলাতে ভূগৰ্ভস্থ পানীত ইউৰেনিয়ামৰ উপস্থিতি অধিক বুলি বিশ্বাস কৰা হয়। এই পানী খোৱাৰ লগতে খেতিৰ বাবে ব্যৱহাৰ কৰা হয়। বিহাৰৰ অধিকাংশ জনসাধাৰণেই এই পানী খায়। ইতিপূৰ্বে এক অধ্যয়নত পানীত ইউৰেনিয়ামৰ উপস্থিতি ধৰা পৰিছিল। এতিয়া এই অধ্যয়নৰ পৰা পানীৰ পৰাই ইউৰেনিয়াম মানুহৰ শৰীৰত প্ৰৱেশ কৰিছে বুলি জানিব পৰা গৈছে।
ইয়াৰ ফলত কি ক্ষতি হ’ব পাৰে?
যদি এই বিষাক্ত ধাতু শৰীৰত প্ৰৱেশ কৰে, তেতিয়া ই বৃক্কৰ ক্ষতি কৰিব পাৰে। ইয়াৰ উপৰিও ই স্নায়ুজনিত অক্ষমতা, জ্ঞানশক্তিৰ বিকাশত পলম হোৱা, আনকি ভৱিষ্যতে কেঞ্চাৰৰো সৃষ্টি কৰিব পাৰে। যিহেতু নৱজাতকৰ অংগসমূহ বিকশিত অৱস্থাত থাকে আৰু ওজন কম হয়, সেয়ে ক্ষতিৰ সম্ভাৱনা অধিক হৈ পৰে।
অৱশ্যে চিকিৎসক আৰু গৱেষকসকলে ক্ষতিকাৰক ইউৰেনিয়াম পোৱাৰ পিছতো মহিলাসকলে সন্তানক স্তনপান কৰাব লাগে বুলি পৰামৰ্শ দিছে। মাতৃদুগ্ধ শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয় বুলি তেওঁলোকে দোহাৰে।