জুবিন গাৰ্গে ‘পলিটিক্স নকৰিবা বন্ধু’ গীতটো কাৰ বাবে গাইছিল?
Zubeen Garg: জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোৰে আজি উত্তাল হৈ পৰে বিধানসভা। ইয়াৰ মাজতে অখিল গগৈয়ে কয় যে, জুবিন গাৰ্গে পলিটিক্স নকৰিবা বন্ধু গীতটি বিজেপিৰ বাবে গাইছিল। পাছত প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰীয়ে।
আজি বিধানসভা সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, জুবিন গাৰ্গ সদায় আদৰৰ-প্ৰাণৰ শিল্পী হৈ থাকিব। জুবিনৰ ওচৰত এই প্ৰজন্ম ঋণী হৈ থাকিব। জুবিনে কৈছিল, মই হিমন্তক মুখ্যমন্ত্ৰী হিচাপে সম্বোধন নকৰো। হিমন্ত দা হিচাপে সম্বোধন কৰো। আমাৰ সকলোৰে আবেগ জুবিনৰ সৈতে আছে। সেয়ে ইয়াৰ তদন্ত হ’ব।
তেতিয়া অখিল গগৈয়ে কয় যে, পলিটিক্স নকৰিবা বন্ধু গীতটি জুবিনে বিজেপিৰ বাবে গাইছিল। ইয়াৰ পাছতে শৰ্মাই কয় যে, জুবিন গাৰ্গে পলিটিক্স নকৰিবা বন্ধু গীতটি অখিল গগৈৰ বাবে গাইছিল, লুৰিণজ্যোতিৰ বাবে গাইছিল। সৰ্বানন্দৰ বাবে গাইছিল- অসমৰ আনন্দ সৰ্বানন্দ।
উল্লেখ্য যে আজিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন। এই সময়চোৱাত আজি জুবিন গাৰ্গৰ হত্যাৰ বিষয়টো উত্থাপন হয়। এই সময়চোৱাতে মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰে।
সবিশেষৰ বাবে চাওক ভিডিঅ’…
Latest Videos
সদনত জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত কি ক'লে দেৱব্ৰত শইকীয়াই?
জুবিন গাৰ্গে 'পলিটিক্স নকৰিবা বন্ধু' গীতটো কাৰ বাবে গাইছিল?
প্ৰতিবাদত উত্তাল পলাশবাৰীৰ বৰদুৱাৰ বাগান, আদানিক মাটি প্ৰদানৰ বিৰ
শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই জুবিন গাৰ্গৰ ন্যায়ৰ দাবী অখিল গগৈৰ.
