মূৰৰ কাষত মোবাইল থৈ শোৱে নেকি? হ’ব পাৰে এই সমস্যা…
Sleeping Problem: আজিকালি মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। স্বাস্থ্য ভালে ৰখাত টোপনিয়ে বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু বহুতৰে টোপনিৰ সমস্যা হোৱাও দেখা যায়। কিছুমান অভ্যাস ইয়াৰ কাৰণ হ'ব পাৰে।
ভাল স্বাস্থ্যৰ বাবে ভাল টোপনিৰ প্ৰয়োজন। কিন্তু আজিকালি বহুতৰে টোপনিৰ সমস্যা হোৱা দেখা যায়। জীৱনশৈলী, খাদ্যভাস আদি বিভিন্ন কাৰণত টোপনিৰ সমস্যা হ’ব পাৰে। টোপনিৰ সমস্যা কৰাত মোবাইল গুৰুত্বপূৰ্ণ কাৰক। এই সন্দৰ্ভত আয়ুৰ্বেদিক পুষ্টিবিদ শ্বেতা শ্বাহে সামাজিক মাধ্য়মত পোষ্ট কৰি জনাইছে যে, মানুহৰ ৫টা সাধাৰণ অভ্যাসে টোপনিৰ সমস্যা সৃষ্টি কৰিব পাৰে। গতিকে এই অভ্যাস ত্যাগ কৰিব লাগে।
কি কি অভ্যাস?
পেটত শুৱাঃ বহু মানুহৰে পেটত ভৰ দি শোৱাৰ অভ্যাস আছে। এনেকৈ শুলে উশাহত কষ্ট পোৱা যায়, যাৰ বাবে শৰীৰে ভালদৰে অক্সিজেন লাভ নকৰে। ইয়াৰোপৰি হৃদযন্ত্ৰত প্ৰভাৱ পৰে আৰু টোপনি প্ৰভাৱিত হয়।
টোপনিৰ ঔষধঃ টোপনিৰ সমস্যা হ’লে বহু মানুহে নিজে নিজে টোপনিৰ ঔষধ ল’বলৈ আৰম্ভ কৰে। কিন্তু ই বেয়া। এনে কৰিলে ই অভ্যাসত পৰিণত হ’ব পাৰে আৰু পাছলৈ ই টোপনিৰ সমস্যা বেছি কৰিব পাৰে।
নিশাৰ আহাৰঃ বহু মানুহে নিশা দেৰিকৈ খাদ্য খায়। ই টোপনিক প্ৰভাৱিত কৰে। এনে অৱস্থাত শৰীৰত খাদ্য ভালদৰে হজম নহয়। ইয়াৰ ফলত টোপনি প্ৰভাৱিত হয়। গতিকে শোৱাৰ প্ৰায় ২ ঘন্টা পূৰ্বে শুব লাগে।
মূৰৰ কাষত ফোনঃ বহু মানুহৰে শোৱাৰ সময়ত বিচনাত মোবাইল ৰখা দেখা যায়। ই বেয়া অভ্যাস। ফোন মূৰৰ কাষত ৰাখিলে ৰেডিয়েশ্যন আৰু ব্লু লাইটে টোপনি নষ্ট কৰি মানসিক চাপ বৃদ্ধি কৰে। গতিকে মোবাইল দূৰত ৰাখি শুব লাগে।
টিভিঃ বহু মানুহে টিভি অন কৰি শুই যায়। ই এক বেয়া অভ্যাস। ই টোপনি বেয়া কৰে। স্ত্ৰীণৰ লাইট আৰু টিভিৰ শব্দই মগজুক প্ৰভাৱিত কৰে। ইয়াৰোপৰি হৃদস্পন্দন, উশাহ আৰু টোপনিক প্ৰভাৱিত কৰে। গতিকে শোৱাৰ পূৰ্বে টিভি অফ কৰিব লাগে।
অন্য খবৰ পঢ়কঃ শীতকালত ডায়েবেটিছ ৰোগীয়ে নকৰিব এই ভুল! জানক এইমছৰ চিকিৎসকৰ পৰা…